ETV Bharat / bharat

Chandrayaan 3 Moon Mission : চূড়ান্ত পৰ্যায়ত চন্দ্ৰ অভিযান; প্ৰপালচন আৰু লেণ্ডাৰ মডিউল পৃথকীকৰণৰ বাবে প্ৰস্তুত - Chandrayaan 3 undergoes last Moon bound maneouvre

প্ৰপালচন মডিউল আৰু লেণ্ডাৰ মডিউলে পৃথক যাত্ৰাৰ বাবে সাজু হোৱাৰ বাবে প্ৰস্তুতিৰ সময় হৈছে । চন্দ্ৰযান-৩ চন্দ্ৰপৃষ্ঠৰ ওচৰ চাপি যোৱাৰ লগে লগে ইছৰোৱে এই কথা কয় ।

Chandrayaan 3 Moon Mission
Chandrayaan 3 Moon Mission
author img

By

Published : Aug 16, 2023, 1:28 PM IST

নিউজ ডেস্ক, ১৬ আগষ্ট : ভাৰতৰ উচ্চাভিলাষী তৃতীয় চন্দ্ৰ অভিযানৰ মহাকাশযান চন্দ্ৰযান-৩ বুধবাৰে সফলতাৰে পঞ্চম আৰু অন্তিমটো চন্দ্ৰ-আবদ্ধ কক্ষপথ সলনি কৰে । যাৰ ফলত ই চন্দ্ৰপৃষ্ঠৰ আৰু ওচৰলৈ গতি কৰিছে । ইয়াৰ লগে লগে মহাকাশযানখনে ইয়াৰ চন্দ্ৰ-আবদ্ধ কৌশল সম্পূৰ্ণ কৰিছে আৰু ই এতিয়া প্ৰপালচন মডিউল আৰু লেণ্ডাৰ মডিউল পৃথকীকৰণৰ বাবে প্ৰস্তুতি চলাব । ইছৰোৱে কয় ।

"আজিৰ কাৰ্যসূচী সফল হৈছে, এতিয়া অতি কম সময়ৰ প্ৰয়োজন হ'ব, চন্দ্ৰযান-৩-ক বিচৰা মতেই ১৫৩ কিলোমিটাৰ X ১৬৩ কিলোমিটাৰ কক্ষপথত ৰাখিছে । ইয়াৰ লগে লগে চন্দ্ৰ-আবদ্ধ কৌশলবোৰ সম্পূৰ্ণ হৈছে । প্ৰপালচন মডিউল আৰু লেণ্ডাৰ মডিউলে সিহঁতৰ পৃথক যাত্ৰাৰ বাবে সাজু হোৱাৰ বাবে প্ৰস্তুতিৰ সময় হৈছে ।" ৰাষ্ট্ৰীয় মহাকাশ সংস্থাটোৱে টুইট কৰি কয় ।

  • Chandrayaan-3 Mission:

    Today’s successful firing, needed for a short duration, has put Chandrayaan-3 into an orbit of 153 km x 163 km, as intended.

    With this, the lunar bound maneuvres are completed.

    It’s time for preparations as the Propulsion Module and the Lander Module… pic.twitter.com/0Iwi8GrgVR

    — ISRO (@isro) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, মহাকাশযানৰ প্ৰপালচন মডিউলৰ পৰা লেণ্ডাৰ মডিউলটো পৃথক কৰাৰ পৰিকল্পনা কৰা হৈছে ১৭ আগষ্টত । ইছৰোৰ টুইটটোত লগতে কোৱা হৈছে । ১৪ জুলাইত চন্দ্ৰযান-৩ উৎক্ষেপণৰ পিছত ই ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে । ইয়াৰ পিছত ৬, ৯ আৰু ১৪ আগষ্টত চন্দ্ৰৰ ওচৰলৈ যাবলৈ তিনিটা ক্ৰমাগত কক্ষপথ সলনি কৌশল সফলতাৰে সম্পন্ন কৰা হয় ।

অভিযানটো আগবাঢ়ি যোৱাৰ লগে লগে চন্দ্ৰযান-৩-ৰ কক্ষপথ ক্ৰমান্বয়ে হ্ৰাস কৰিবলৈ আৰু ইয়াক চন্দ্ৰৰ মেৰুৰ ওপৰত স্থাপন কৰিবলৈ ইছৰোৰ দ্বাৰা কেইবাটাও কৌশল পৰিচালনা কৰা হৈছে । মহাকাশযানখনে ২৩ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত মসৃণ অৱতৰণ কৰাৰ কথা আছে ।

উল্লেখ্য যে ভাৰতৰ তৃতীয় চন্দ্ৰ অন্বেষণ অভিযান চন্দ্ৰযান-৩ যোৱা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা জিএছএলভি মাৰ্ক ৩ (এলভিএম ৩) হেভি-লিফ্ট উৎক্ষেপণ বাহনৰ (ৰকেট) জৰিয়তে সফলতাৰে উৎক্ষেপণ কৰা হৈছিল ।

এই অভিযানৰ অন্যতম লক্ষ্য হৈছে চন্দ্ৰপৃষ্ঠত মহাকাশযানখনৰ সফলতাৰে মসৃণ অৱতৰণ কৰা । যদি এয়া সম্ভৱ হয় তেনেহ'লে চন্দ্ৰপৃষ্ঠত সফলতাৰে মসৃণ অৱতৰণ কৰা দেশৰ ভিতৰত চতুৰ্থখন দেশ হ'ব ভাৰত । ইয়াৰ পূৰ্বে এই প্ৰক্ৰিয়া সম্পন্ন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ৰাছিয়াই । অৱতৰণ কৰাৰ পাছত, ই এটা চন্দ্ৰ দিনৰ বাবে কাম কৰিব । চন্দ্ৰৰ এটা দিন পৃথিৱীৰ প্ৰায় ১৪ দিনৰ সমান ।

লগতে পঢ়ক :Astro events: আগষ্ট মাহত বিশ্বই কি কি মহাজগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ গৈ আছে জানেনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.