ETV Bharat / bharat

Chandrababu Naidu Released From Jail : অস্ত্ৰোপচাৰৰ বাবে ৪ সপ্তাহৰ জামিন; কাৰাগাৰৰ পৰা ওলাল চন্দ্ৰবাবু নাইডু

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 6:45 PM IST

টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক স্বাস্থ্যজনিত কাৰণত জামিনত মুক্তি দিয়া হৈছে । চন্দ্ৰবাবুৰ অধিবক্তাই তেওঁৰ চকুৰ ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আদালতক জনায় । উল্লেখ্য যে হায়দৰাবাদৰ জিএমচি বালাযোগী প্ৰেক্ষাগৃহত শেহতীয়াকৈ আইটি পেছাদাৰীসকলে আয়োজন কৰা বিশাল জনসমাগৰ 'কৃতজ্ঞতা কনচাৰ্ট'ৰ দুদিন পিছতে নাইডুক জামিন প্ৰদান কৰা হয় ।

অস্ত্ৰোপচাৰৰ বাবে ৪ সপ্তাহৰ জামিন; কাৰাগাৰৰ পৰা ওলাল চন্দ্ৰবাবু নাইডু
Chandrababu Naidu Released From Jail

নিউজ ডেস্ক, ৩১ অক্টোবৰ : অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে দক্ষতা বিকাশৰ গোচৰত চাৰি সপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰিছে চন্দ্ৰবাবু নাইডুক । জামিন লাভ কৰাৰ কিছু সময় পিছতে তেলুগু দেশম পাৰ্টীৰ (টিডিপি) মুৰব্বী তথা অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক মঙলবাৰে ৰাজামুণ্ড্ৰী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় ।

নাইডুৰ চকুৰ ছানি পৰা ৰোগৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে আদালতত তেওঁৰ অধিবক্তাসকলে যুক্তি দৰ্শায় । ইয়াৰ পিছতে স্বাস্থ্যজনিত কাৰণত নাইডুক জামিন প্ৰদান কৰা হয় । নাইডুক তেওঁৰ চাৰিওফালে নিৰাপত্তাৰক্ষী আৰু দলীয় নেতা-কৰ্মীসকলৰ বেষ্টনীত কাৰাগাৰৰ পৰা ওলাই অহা দেখা যায় । আনহাতে, চন্দ্ৰবাবু নাইডুক আদৰণি জনাবৰ বাবে কাৰাগাৰৰ বাহিৰত এক বিশাল জনসমাগমৰ সৃষ্টি হয় ।

উল্লেখ্য যে আদালতৰ নিৰ্দেশ অনুসৰি নাইডুৱে ২৮ নৱেম্বৰ বা তাৰ পূৰ্বে ৰাজামহেন্দ্ৰভাৰাম কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকৰ সন্মুখত হাজিৰ হ'ব লাগিব । নাইডু অন্ধ্ৰপ্ৰদেশ দক্ষতা বিকাশ নিগমৰ বিত্তীয় প্ৰৱঞ্চনাৰ অভিযোগত ডেৰ মাহৰো অধিক সময় ধৰি ৰাজামহেন্দ্ৰভাৰাম কাৰাগাৰত বন্দী হৈ আছিল । নাইডুৰ নিয়মীয়া জামিনৰ আবেদন ১০ নৱেম্বৰৰ বাবে স্থগিত ৰখা হৈছে । দক্ষতা বিকাশৰ গোচৰত প্ৰৱঞ্চনাৰ ফলত ৰাজ্যৰ কোষাগাৰত প্ৰায় ৩০০ কোটি টকাৰ লোকচান হোৱা বুলি কোৱা হৈছে ।

আনহাতে, ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ হোৱা টিডিপিৰ মুৰব্বীগৰাকীয়ে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা লিখিছিল যে তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আহিছে । নাইডুৰ পুত্ৰ তথা টিডিপিৰ সাধাৰণ সম্পাদক নাৰা লোকেশে অন্ধ্ৰপ্ৰদেশৰ জগন মোহন ৰেড্ডী চৰকাৰৰ বিৰুদ্ধে ৰাজ্যখনত ২০২৪ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে টিডিপিক দমন কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰিছে । শেহতীয়াকৈ হায়দৰাবাদৰ জিএমচি বালাযোগী প্ৰেক্ষাগৃহত আইটি পেছাদাৰীসকলে আয়োজন কৰা 'কৃতজ্ঞতা কনচাৰ্ট'ৰ বিশাল জনসমাগমৰ দুদিন পিছতে নাইডুক জামিন প্ৰদান কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.