ETV Bharat / bharat

কেন্দ্ৰ, ৰাজ্যসমূহে অৰ্থনৈতিক বিকাশৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব:প্ৰধানমন্ত্ৰী - কেন্দ্ৰ আৰু ৰাজ্যসমূহে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব

নীতি আয়োগৰ পৰিচালনা পৰিষদৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যসমূহে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব ।

কেন্দ্ৰ, ৰাজ্যসমূহে অৰ্থনৈতিক বিকাশৰ বাবে ঘনিষ্ঠভাৱে কাম কৰিব লাগিব:প্ৰধানমন্ত্ৰী

author img

By

Published : Feb 20, 2021, 4:35 PM IST

নিউজ ডেস্ক,২০ ফেব্ৰুৱাৰী: দেশৰ অৰ্থনৈতিক বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশেষ আহ্বান জনালে । শনিবাৰে নীতি আয়োগৰ পৰিষদীয় বৈঠকত প্ৰধানমন্ত্ৰী গৰাকীয়ে পুৰণি নীতি বৰ্জন কৰি দেশক শক্তিশালী কৰাৰ বাবে কেন্দৰ আৰু ৰাজ্য চৰকাৰক একেলগে কাম কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে ব্যক্তিগত খণ্ডক আত্মনিৰ্ভৰ ভাৰত কাৰ্যসূচীৰ অংশ হোৱাৰ সম্পূৰ্ণ সুযোগ প্ৰদান কৰিব লাগে । কেন্দ্ৰীয় বাজেট ২০২১-২২ৰ ইতিবাচক সঁহাৰিয়ে দেশখনে অধিক গতিৰে উন্নয়নৰ পথত আগবাঢ়ি যাব বিচাৰে বুলিও তেওঁ মন্তব্য কৰে । তেওঁ আশাবাদী যে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে ৰাষ্ট্ৰ নিৰ্মাণত সকলোকে সুযোগ প্ৰদান কৰিব ।

কৃষি খণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষি সামগ্ৰী যেনে খোৱাত ব্যৱহৃত তেলৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে ইয়াৰ আমদানি হ্ৰাস কৰাৰ প্ৰয়াস কৰিব লাগে । প্ৰধানমন্ত্ৰী মোডীয়ে আশা কৰে যে পথ প্ৰদৰ্শক কৃষকৰ বাবে এয়া সম্ভৱ হ'ব আৰু আমদানিৰ বাবে খৰছ কৰা ধন কৃষকৰ বেংক একাউন্টলৈ যাব । ৰাজ্য চৰকাৰসমূহক এই ক্ষেত্ৰত ৰাইজৰ সহায় নোহোৱা কিছুমান নীতি বৰ্জন কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে । সমান্তৰালকৈ প্ৰযুক্তিত হেঙাৰ হোৱা নীতি বন্ধ কৰিবলৈ বিশেষ কমিটি গঠনৰ বাবেও ৰাজ্য চৰকাৰসমূহক আহ্বান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

লগতে পঢ়ক:অৰ্থনীতিৰ দ্ৰুত বিকাশৰ বাবে উদ্যোগসমূহলৈ বিত্ত মন্ত্ৰীৰ বিশেষ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.