ETV Bharat / bharat

ভাৰতত ভিআইপি সুৰক্ষাৰ বাবে কেন্দ্ৰই জাৰি কৰিলে নতুন SOP

author img

By

Published : Aug 17, 2022, 10:02 PM IST

কেন্দ্ৰীয় চৰকাৰে ভিআইপি আৰু ভিভিআইপিসকলক নিৰাপত্তা প্ৰদানৰ বাবে নিযুক্ত ব্যক্তিগত নিৰাপত্তা বাহিনীক এক উৎকৃষ্ট মানৰ পৰিচালনা পদ্ধতিৰ এছঅ’পি জাৰি কৰিছে । বুকাৰ বঁটা বিজয়ী লেখক ছলমান ৰুছডীৰ ওপৰত সংঘটিত হোৱা চাঞ্চল্যকৰ আক্ৰমণৰ (Shocking attack on Booker Prize winning author Salman Rushdie) পিছতে এই সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷

Centre issues fresh SOP for VIP protection in India
ভাৰতত ভিআইপি সুৰক্ষাৰ বাবে কেন্দ্ৰই জাৰি কৰিলে নতুন SOP

নিউজ ডেস্ক, 17 আগষ্ট: বুকাৰ বঁটা বিজয়ী লেখক ছলমান ৰুছডীৰ ওপৰত সংঘটিত হোৱা চাঞ্চল্যকৰ আক্ৰমণৰ (Shocking attack on Booker Prize winning author Salman Rushdie) কিছুদিন পিছতে কেন্দ্ৰীয় চৰকাৰে ভিআইপি আৰু ভিভিআইপিসকলক নিৰাপত্তা প্ৰদানৰ বাবে নিযুক্ত ব্যক্তিগত নিৰাপত্তা বাহিনীক এক উৎকৃষ্ট মানৰ পৰিচালনা পদ্ধতিৰ এছঅ’পি জাৰি কৰিছে । ১২ আগষ্টত নিউয়ৰ্কৰ চৌটাউকুৱা প্ৰতিষ্ঠানত মঞ্চত আক্ৰমণ কৰা হৈছিল ৰুছডীক (Attack on Salman Rushdie) ।

“আমি ভিআইপি আৰু ভিভিআইপিৰ সুৰক্ষাৰ সৈতে জড়িত এছঅ’পিসমূহ পৰ্যালোচনা কৰি থাকোঁ । শেহতীয়াকৈ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক হত্যা কৰা (Former prime minister of Japan Shinzo Abe) আৰু ছলমান ৰুছডীৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ পিছত আমি আমাৰ বিষয়াসকললৈ নতুন এছঅ’পি প্ৰেৰণ কৰিছো ।’’ নাম প্ৰকাশ নকৰাকৈ ইটিভি ভাৰতক এইদৰে কয় চিআৰপিএফৰ এজন শীৰ্ষ বিষয়াই (Centre issues fresh SOP for VIP protection in India)।

সত্যটো স্বীকাৰ কৰি ভিআইপিসকলক নিৰাপত্তা প্ৰদান কৰাটো এটা অতি গুৰুত্বপূৰ্ণ কাম বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে, নিৰাপত্তা সংস্থাসমূহে সুৰক্ষা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰি থাকে যাতে প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰিব পৰা যায় (SOP for VIP protection in India) । ইফালে, উদ্যোগপতি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীক ‘জেড’ পৰ্যায়ৰ ভিআইপি নিৰাপত্তা সুৰক্ষা প্ৰদান কৰিবলৈ গৃহ মন্ত্ৰণালয়ে নিৰ্দেশ দিছে (Z security to industrialist Gautam Adani) ।

এই উন্নয়নৰ বিষয়ে জ্ঞাত এজন বিষয়াই কয় যে, আদানীৰ ওপৰত ভাবুকিৰ ধাৰণাটোৰ পিছতে কেন্দ্ৰীয় নিৰাপত্তা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছে । চি আৰ পি এফে আদানীক “পেমেণ্ট বেচিছ”ত ‘জেড’ ছিকিউৰিটি কভাৰ প্ৰদান কৰিব আৰু প্ৰতিমাহে প্ৰায় ১৫-২০ লাখ টকা খৰচ হ’ব । ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক ‘জেড+’ নিৰাপত্তা সুৰক্ষা প্ৰদান কৰিছিল ৷

জেড নিৰাপত্তা সুৰক্ষা কভাৰত ২২ জনীয়া সুপ্ৰশিক্ষিত নিৰাপত্তা কৰ্মীৰ এটা দল আছে । এইটো ভাৰতৰ তৃতীয় সৰ্বোচ্চ সুৰক্ষা দল । ভাৰতত নিৰাপত্তাৰ আৱৰণ ছটা ভাগত ভাগ কৰা (Security covers in India) হৈছে য’ত আছে এক্স, ৱাই, ৱাই প্লাছ, জেড, জেড প্লাছ, আৰু এছ পি জি (বিশেষ সুৰক্ষা গোট) । তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, প্ৰধানমন্ত্ৰী আৰু তেওঁৰ নিকট আত্মীয় লোকেহে এছ পি জিৰ সুবিধা লাভ কৰিছে ।

লগতে পঢ়ক : মুকেশ আম্বানীৰ পৰিয়ালক হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.