ETV Bharat / bharat

One Nation One Election : এক দেশ এক নিৰ্বাচনৰ পৰিকল্পনা; ৰামনাথ কোবিন্দৰ নেতৃত্বত সমিতি গঠন কেন্দ্ৰৰ

অহা ১৮-২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ বিশেষ অধিবেশন আহ্বান কৰাৰ এদিন পিছতে কেন্দ্ৰই 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন'ৰ সম্ভাৱনা বিচাৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে । ২০২৪ চনৰ নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএক ক্ষমতাচ্যুত কৰিবলৈ সংকল্প ব্যক্ত কৰি মুম্বাইত বিৰোধী ইণ্ডিয়া ব্লকে তৃতীয় সন্মিলন অনুষ্ঠিত কৰাৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

One Nation One Election
One Nation One Election
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 12:50 PM IST

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : কেন্দ্ৰীয় চৰকাৰে দেশত 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' অনুষ্ঠিত কৰাৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে । সূত্ৰত এই কথা প্ৰকাশ । উল্লেখ্য যে, চৰকাৰে ১৮-২২ ছেপ্টেম্বৰৰ ভিতৰত সংসদৰ এক বিশেষ অধিবেশন আহ্বান কৰাৰ এদিন পিছতে এই পদক্ষেপ লোৱা হৈছে । আনহাতে, সংসদৰ অধিবেশনৰ কাৰ্যসূচী গোপনে ৰখা হৈছে ।

বিগত বছৰবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা আৰু ৰাজ্যিক বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ ধাৰণাটোৰ ওপৰত জোৰ দি আহিছে । সেয়ে ৰামনাথ কোবিন্দক এই বিষয়টো চোৱা-চিতা কৰাৰ বাবে দায়িত্ব প্ৰদানৰ সিদ্ধান্তই চৰকাৰৰ বিষয়টোৰ গম্ভীৰতাক সূচায় । কিয়নো আগন্তুক সময়ত কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্বাচন দ্ৰুতগতিত আহি আছে । উল্লেখ্য যে, চলিত বছৰৰ নৱেম্বৰ-ডিচেম্বৰত পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । তাৰ পিছতে অহা বছৰৰ মে'-জুনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ।

অৱশ্যে, চৰকাৰে শেহতীয়াভাৱে যিবোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে, তাৰ দ্বাৰা সাধাৰণ নিৰ্বাচন আৰু কিছু ৰাজ্যৰ বিধানসভা নিৰ্বাচন আগুৱাই অনাৰ সম্ভাৱনা প্ৰকট কৰিছে । বিশেষকৈ যিবোৰ নিৰ্বাচন লোকসভা নিৰ্বাচনৰ পিছত আৰু একেলগে অনুষ্ঠিত কৰাৰ বাবে সূচী নিৰ্ধাৰণ কৰা হৈছে । আনহাতে, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক উত্তাপ বৃদ্ধি হোৱাৰ মাজতে 'এক ৰাষ্ট্ৰ, এক নিৰ্বাচন' পদক্ষেপৰ বাবে কেন্দ্ৰৰ এই নতুন পদক্ষেপটো আহিছে । লগতে পৰৱৰ্তী সংসদীয় নিৰ্বাচনত বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক (এনডিএ) প্ৰত্যাহ্বান জনোৱাৰ বাবে নৱগঠিত ইণ্ডিয়া ব্লক মিত্ৰজোঁটৰ বেনাৰত দেশৰ বিৰোধী একত্ৰিত হৈ পৰিছে ।

উল্লেখ্য যে অহা ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'বলগা সংসদৰ বিশেষ অধিবেশন সন্দৰ্ভত কেন্দ্ৰই বৃহস্পতিবাৰে ঘোষণা কৰে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে সংসদৰ বিশেষ অধিবেশন (সপ্তদশ লোকসভাৰ ত্ৰয়োদশ অধিবেশন আৰু ৰাজ্যসভাৰ ২৬১ সংখ্যক অধিবেশন) ১৮-২২ ছেপ্টেম্বৰলৈ আহ্বান কৰা হৈছে । য'ত ৫ খন বৈঠক অনুষ্ঠিত হ'ব । তেওঁ উল্লেখ কৰা মতে, অমৃতকালৰ মাজত সংসদত ফলপ্ৰসূ আলোচনা আৰু বিতৰ্কৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

লগতে পঢ়ক :Special session of Parliament : অহা ১৮ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বিশেষ অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.