ETV Bharat / bharat

নাড্ডাৰ কনভয় আক্ৰমণ : ৩ গৰাকী আই পি এছ বিষয়ালৈ কেন্দ্ৰৰ চমন

পশ্চিমবংগ ভ্ৰমণৰ সময়ত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাড্ডাৰ কনভয়ৰ বাহনত একাংশ উদণ্ড প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰা সন্দৰ্ভত সুৰক্ষা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছৰ নেতাই । নাড্ডাৰ পশ্চিমবংগ ভ্ৰমণৰ সময়ত অঘটন সংঘটিত হোৱা স্থানৰ সুৰক্ষাৰ দায়িত্বত থকা ৩ গৰাকী সৰ্ব ভাৰতীয় সেৱাৰ বিষয়ালৈ চমন জাৰি কৰিছে কেন্দ্ৰই ।

নড্ডাৰ কনভয় আক্ৰমণঃ সুৰক্ষাৰ দায়িত্বত থকা ৩ গৰাকী আই পি এছ বিষয়ালৈ কেন্দ্ৰৰ চমন

author img

By

Published : Dec 12, 2020, 7:48 PM IST

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ : বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জগত প্ৰসাদ নাড্ডাৰ সুৰক্ষাত হেমাহি হোৱাৰ অভিযোগত ৩ গৰাকী আই পি এছ বিষয়ালৈ চমন জাৰি কৰিছে কেন্দ্ৰই । তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে মুখ্য সচিব আৰু মহানিৰ্দেশকৰ চমন সন্দৰ্ভত গৃহ মন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰত সাংসদগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে, ভাৰতীয় সংবিধানৰ মতে আইন ব্যৱস্থা ৰাজ্যৰ বাবেও আছে । তেওঁ অভিযোগ তোলে যে, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ সুৰক্ষা ব্যৱস্থাত গাফিলতি হৈছে ।

শনিবাৰে কেন্দ্ৰই ইন্সপেক্টৰ জেনেৰেল ৰাজীৱ মিশ্ৰ, ডাইমণ্ড হাৰ্বাৰৰ আৰক্ষী অধীক্ষক ভোলানাথ পাণ্ডে আৰু ডি আই জি প্ৰবীন কুমাৰ ত্ৰিপাঠীলৈ চমন জাৰি কৰে । তিনিওগৰাকী ঘটনা সংঘটিত হোৱা দিনটোত নাড্ডাৰ সুৰক্ষাৰ দায়িত্বত আছিল । সাংসদ বেনাৰ্জীয়ে অভিযোগ উত্থাপন কৰিছিল যে, এই ঘটনা এক ৰাজনৈতিক ষড়যন্ত্ৰ । আই পি এছ বিষয়ালৈ চমন জাৰি কৰাৰ প্ৰতিবাদ কৰি প্ৰেৰণ কৰা পত্ৰত সাংসদগৰাকীয়ে কয় যে, কেন্দ্ৰই কেৱল বিষয়াকেইগৰাকীৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে ।

লগতে পঢ়ক:কৃষকৰ সুৰক্ষাৰ বাবে কৃষি আইন সংশোধন কৰা হৈছে : নৰেন্দ্ৰ সিং টোমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.