নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: জুলাই আৰু ছেপ্টেম্বৰ মাহত ৰাজহুৱা অভিযোগ ১০০ শতাংশ নিষ্পত্তি কৰাৰ বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰাধিকৰণে অভিনন্দন জনালে ত্ৰিপুৰাৰ স্বাস্থ্য বিভাগক । উপ-মুখ্য কাৰ্যবাহী বিষয়া ড০ বিপুল আগৰৱালে ৰাজ্যিক স্বাস্থ্য প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ স্মৃতি শংকৰ নাথলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰে যে, সময় মতে অভিযোগ নিষ্পত্তি কৰা কাৰ্যই কেৱল হিতাধিকাৰীক উপকৃত কৰাই নহয়, লগতে বিভাগটোৰ প্ৰতি থকা ৰাইজৰ বিশ্বাস বৃদ্ধি কৰে । ড০ বিপুল আগৰৱালে পত্ৰখনৰ জৰিয়তে ত্ৰিপুৰাৰ ৰাজ্যিক স্বাস্থ্য বিভাগক অভিনন্দন জনায় । অভিযোগবোৰ নিষ্পত্তি কৰাৰ কৰাৰ ক্ষেত্ৰত বিভাগটোৰ গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁ প্ৰশংসা কৰে ।
জুলাই আৰু ছেপ্টেম্বৰ মাহত ১০০ শতাংশ অভিযোগ নিষ্পত্তি হৈছিল । আনহাতে, আগষ্ট মাহত ৯৫ শতাংশ অভিযোগ নিষ্পত্তি হয় । ড০ আগৰৱালে লগতে কয় যে, ত্ৰিপুৰাই সমগ্ৰ দেশৰ ভিতৰতে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ।
স্বাস্থ্যখণ্ডৰ বাাবে কৰা কঠোৰ পৰিশ্ৰমৰ বাবে ড০ আগৰৱালে সকলো স্বাস্থ্য কৰ্মীকে ধন্যবাদ জনায় । অনাগত দিনতো স্বাস্থ্যকৰ্মীসকলে এনেদৰেই কাম কৰি যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক:জিকা ভাইৰাছৰ আতংক: এন এইছ এমৰ সতৰ্কবাণী