নিউজ ডেস্ক, 26 আগষ্ট: দেশৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুক আজি নতুন দিল্লীত সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal meets M Venkaiah Naidu) । এই সৌহাৰ্দপূৰ্ণ সাক্ষাৎকালত সৰ্বানন্দ সোণোৱালে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে কুশল বাৰ্তা বিনিময় কৰাৰ লগতে বিভিন্ন দিহা-পৰামৰ্শ গ্ৰহণ কৰে । সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে, এম ভেংকায়া নাইডুৰ দিহা-পৰামৰ্শ, সৰলতাপূৰ্ণ আৰু দেশৰ হকে সমৰ্পিত জীৱন পৰিক্ৰমা তথা প্ৰেৰণাদায়ক বাৰ্তাই তেওঁক সদায় উদ্বুদ্ধ কৰি আহিছে ।
উল্লেখ্য যে, বুধবাৰে ডুবাইত প্ৰবাসী অসমীয়াসকলৰ সৈতে মত-বিনিময়ৰ অন্তৰংগ অনুষ্ঠানত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীক কাষত পাই উৎফুল্লিত হৈ পৰে সংযুক্ত আৰৱ এমিৰেটৰ প্ৰবাসী অসমীয়া সমাজ (Sarbananda Sonowal meets Assamese people in Dubai)। অসমৰ জাতীয় সংগীতেৰে আৰম্ভণি হোৱা অনুষ্ঠানটোত সৰ্বানন্দ সোণোৱালৰ সৈতে সংযুক্ত আৰৱ এমিৰেটৰ সুপ্ৰতিষ্ঠিত বহুতো অসমীয়া লোক উপস্থিত থাকে ।
কৰ্মসূত্ৰে দেশৰ বাহিৰত থাকিলেও পূণ্য ভাৰতভূমি তথা অসমী আইৰ প্ৰতি সদায় দায়বদ্ধ হৈ মাতৃভূমিৰ হিতৰ বাবে চিন্তা কৰি আৰু অৰিহণা আগবঢ়াই কৰ্মক্ষেত্ৰত আগুৱাই যাবলৈ প্ৰবাসী অসমীয়াসকলক সোণোৱালে আহ্বান জনায় (Sarbananda Sonowal Dubai visit)। ইৰাণৰ পৰা উভতি আহিয়েই তেওঁ সাক্ষাৎ কৰিছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক ৷ তাৰ পিছতেই আজি সোণোৱালে সাক্ষাৎ কৰে প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি নাইডুক ৷
লগতে পঢ়ক: ডুবাইবাসী অসমীয়াক মাতৃভূমিৰ প্ৰতি সদায় দায়বদ্ধ হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ