ETV Bharat / bharat

যোৱা ৯ বছৰত 27 গুণ বৃদ্ধি পাইছে কেন্দ্ৰীয় সংস্থাসমূহৰ অভিযান - এন ডি এৰ শাসন

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৮ বছৰত কেন্দ্ৰীয় সংস্থাসমূহে চলোৱা অভিযানৰ সংখ্যা ২৭ গুণ বৃদ্ধি পাইছে (Raids by central agencies)। ইউ পি এৰ ৰাজত্বকালত (২০০৪ ৰ পৰা ২০১৪ চনলৈ) মাত্ৰ ১১২ টা অভিযান আৰু তালাচী হৈছিল যদিও, এন ডি এৰ শাসনৰ যোৱা ৯ বছৰত ই ৩০১০ টা পৰ্যন্ত বৃদ্ধি পাইছে (Raids by central agencies increased)।

Raids by central agencies
Raids by central agencies
author img

By

Published : Sep 13, 2022, 8:36 AM IST

Updated : Sep 13, 2022, 11:31 AM IST

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ: এনডিএৰ শাসন কালত যোৱা ৯ বছৰত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ) আৰু বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ অধীনত বলবৎকাৰী সঞ্চালকালয়ে চলোৱা অভিযানৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে (Raids by central agencies increased) ৷ কিন্তু ব্যাপকভাৱে অভিযোগ উঠিছে যে, কেন্দ্ৰীয় চৰকাৰে সংস্থাটোক কেৱল বিৰোধীক হাৰাশাস্তি কৰাৰ বাবেহে ব্যৱহাৰ কৰিছে (Central agency raids during NDA govt) ।

কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ৮ বছৰত কেন্দ্ৰীয় সংস্থাসমূহে চলোৱা অভিযানৰ সংখ্যা ২৭ গুণ বৃদ্ধি পাইছে । ইউ পি এৰ ৰাজত্বকালত (২০০৪ ৰ পৰা ২০১৪ চনলৈ) মাত্ৰ ১১২ টা অভিযান আৰু তালাচী হৈছিল যদিও, এন ডি এৰ শাসনৰ শেষৰ ৯ বছৰত ই ৩০১০ টা পৰ্যন্ত বৃদ্ধি পাইছে । ৰাজ্য সভাত এটা প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কয়, “এই সময়ছোৱাত বৃহৎ পৰিমাণৰ সম্পত্তি সংলগ্ন কৰা হৈছে । ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত ইডিয়ে ৯৯,৩৫৬ কোটি টকাৰ অপৰাধৰ উপাৰ্জন সংলগ্ন কৰিছিল ৷ লগতে ৮৮৮ টা গোচৰত চাৰ্জ শ্বীট দাখিল কৰা হৈছিল, যাৰ ভিতৰত ২৩ জন ব্যক্তিক আদালতত দোষী সাব্যস্ত কৰা হৈছিল’’ (Central agency raids)।

তেওঁ লগতে কয়, “পূৰ্বৰ ইউ পি এ চৰকাৰৰ দহ বছৰত মাত্ৰ ১১২ টা তালাচী চলোৱা হৈছিল আৰু ৫৩৪৬.১৬ কোটি টকাৰ সম্পত্তি সংলগ্ন কৰা হৈছিল । ইউ পি এ চৰকাৰৰ দিনত ইডিয়ে মাত্ৰ ১০৪ খন চাৰ্জ শ্বীট দাখিল কৰিছিল, আৰু কোনো অভিযুক্তক দোষী সাব্যস্ত কৰা হোৱা নাছিল’’।

বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইনৰ ক্ষেত্ৰতো অভিযান যথেষ্ট বৃদ্ধি পাইছে । ইউ পি এৰ ১০ বছৰ শাসনৰ সময়ছোৱাত মাত্ৰ ৫৭১ টা ঘটনা আছিল যদিও যোৱা ৯ বছৰত এই সংখ্যা ৯৯৬ টালৈ বৃদ্ধি পাইছে । ইউ পি এৰ শাসনকালত জব্দ কৰা সম্পত্তিৰ মূল্য আছিল ১৪ কোটি যদিও যোৱা ৯ বছৰত ই বৃদ্ধি পাই ৭০৬৬ কোটি হৈছে ।

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত ৮৫৮৬ টা গোচৰ দাখিল কৰাৰ বিপৰীতে ২৭৮০ টা গোচৰত শ্ব’-ক’জ জাননী জাৰি কৰা হৈছে । এই সময়ছোৱাত ১৭৫৪ কোটি টকাৰ জৰিমনা আৰোপ কৰা হৈছিল আৰু ১৪ কোটি টকাৰ সম্পত্তিও জব্দ কৰা হৈছিল ।

অভিযান আৰু তালাচী যথেষ্ট বৃদ্ধিৰ ফলত বিৰোধীয়ে মোদী চৰকাৰক প্ৰতিশোধমূলক মনোভাৱৰ অভিযোগ উত্থাপন কৰি আহিছে ৷ য’ত বিৰোধীক লক্ষ্য কৰি লোৱা হৈছে বুলিও কয় । এম.কে. ষ্টেলিনৰ কন্যা চেন্টামৰাই, মমতা বেনাৰ্জীৰ ভতিজা তথা তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী, তেওঁৰ পত্নী ৰুজিৰা বেনাৰ্জী আৰু দলৰ নেতা মদন মিত্ৰ, কুনাল ঘোষ, মলয় ঘটক আদি বহুকেইজন কেন্দ্ৰীয় সংস্থাসমূহৰ তদন্তৰ আওঁতালৈ আহিছে ।

আনহাতে, ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত মুকুল ৰয়ক চিবিআইয়ে শেষবাৰৰ বাবে সোধা-পোছাৰ বাবে মাতি অনাৰ বিপৰীতে ২০২০ চনৰ নৱেম্বৰ মাহত ইডিয়ে তেওঁক আৰু তেওঁৰ পত্নীক ২০১৩-১৪ চনৰ পৰা তেওঁলোকৰ বেংক একাউণ্ট আৰু তেওঁলোকৰ হাতত থকা সম্পত্তিৰ সম্পূৰ্ণ বিৱৰণ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।

একেদৰে, ২০২০ চনৰ ডিচেম্বৰ মাহত টি এম চিৰ পৰা বিজেপিত যোগদান কৰা সুভেন্দু অধিকাৰী আৰু ২০১৯ চনৰ আগষ্ট মাহত চুইচ অভাৰ কৰা শোভন চেটাৰ্জীৰ বিৰুদ্ধে সাৰদা চিট ফাণ্ড কেলেংকাৰী আৰু নাৰদা ষ্টিং গোচৰৰ তদন্ত স্থবিৰ হৈ পৰিছে ।

লগতে পঢ়ক: দুটাকৈ মন্দিৰ সাজি দিলে ছাদত উল্লাহ ছাকফে

Last Updated : Sep 13, 2022, 11:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.