ETV Bharat / bharat

Odisha Triple Train Accident: বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ চিবিআইক

author img

By

Published : Jun 4, 2023, 10:38 PM IST

দেওবাৰে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে বুলি ঘোষণা কৰে (CBI to probe Odisha Train Accident Tragedy)৷

cbi-to-probe-odisha-train-accident-tragedy-know-all-updates-rail-minister-ashwini-vaishnaw
বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ চিবিআইক

নিউজ ডেস্ক, 4 জুন: ওড়িশাৰ বালাচোৰত সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পিচতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি দোষীয়ে উচিত শাস্তি লাভ কৰিব বুলি ঘোষণা কৰিছিল ৷ ইয়াৰ পিচতে দেওবাৰে ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে বালাচোৰ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে বুলি ঘোষণা কৰে (CBI to probe Odisha Train Accident Tragedy)৷

দুৰ্ঘটনা সন্দৰ্ভত ৰে'লমন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে দুটা ট্ৰেক পৰিষ্কাৰ কৰা হৈছে। চাইড ট্ৰেকত কাম অব্যাহত আছে (Odisha Triple Train Accident)। দুৰ্ঘটনাটোত আহত হোৱাসকলক ইতিমধ্যে সঠিক চিকিৎসা প্ৰদান কৰা হৈছে । ৰে’লৱে কৰ্তৃপক্ষই মৃত্যু হোৱা যাত্ৰীসকলৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিছে (rail minister ashwini vaishnaw )।

এই ভয়ংকৰ ৰে'ল দুৰ্ঘটনাত নিহতৰ সংখ্যা 288 গৰাকীৰ পৰিৱৰ্তে 275 জন বুলি চৰকাৰী তথ্যত প্ৰকাশ হৈছে ৷ ওড়িশাৰ মুখ্য সচিব প্ৰদীপ জেনাই এই তথ্য প্ৰকাশ কৰিছিল । এই দুৰ্ঘটনাত আহতৰ সংখ্যা 1175 গৰাকী বুলি জানিব পৰা গৈছে ৷ ইয়াৰ ভিতৰত, 793 জনক হাস্পতালৰ পৰা অব্যাহতি দিয়া হৈছিল ৷

ৰে'লৱে কৰ্তৃপক্ষই উল্লেখ কৰা প্ৰাথমিক তথ্য অনুসৰি, ইলেক্ট্ৰনিক ইণ্টাৰলকিং প্ৰণালীৰ পৰিৱৰ্তনৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল। জয়া বাৰ্মাই দুৰ্ঘটনাটোৰ বিষয়ে কোৱা অনুসৰি মালগাড়ী লৈ যোৱা ৰে’লখনত লো ৰখা হৈছিল, সেয়েহে ই অতি গধুৰ আছিল। লোখিনি ইমানেই গধুৰ আছিল যে ফলত মালবাহী ৰে’লখনৰ কম্পাৰ্টমেণ্টটো লাইনচ্যুত হোৱা নাছিল। দুৰ্ঘটনাটোৰ ভুক্তভোগীসকল মুখ্যতঃ ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ আছিল। এই দুৰ্ঘটনাৰ সমত ৰে’লখন প্ৰতি ঘণ্টাত 128 কিলোমিটাৰ বেগেৰে আহি আছিল।

দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হৈছিলঃ ওড়িশাৰ বাহানগা বজাৰ ষ্টেচনৰ সমীপৰ লাইনত এখন মালবাহী ৰে’ল ৰৈ আছিল । ৰে’লখনেৰে লো সৰবৰাহ কৰা হৈছিল । হাওৰাৰ পৰা চেন্নাইলৈ অহা ক’ৰ’মণ্ডল এক্সপ্ৰেছখন হঠাতে লাইনচ্যুত হৈছিল । ইয়াৰ কিছু দবা মালবাহী ৰে’লখনৰ সৈতে দুৰ্ঘটনাত পতিত হৈ বাগৰি পৰে । ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ ইঞ্জিনটো মালবাহী ৰে’লখনৰ ওপৰত উঠি যায় ৷ ইয়াৰে কিছু দবা তৃতীয়টো ট্ৰেকত বাগৰি পৰিছিল । বেংগালুৰু-হাওৰা এক্সপ্ৰেছখন তৃতীয়টো ট্ৰেকেৰে আহিছিল আৰু ক’ৰ’মণ্ডল এক্সপ্ৰেছৰ দুটা দবাই বেংগালুৰু-হাওৰা এক্সপ্ৰেছৰ দুটা দবাত খুন্দিয়াইগৈ ৷

দুৰ্ঘটনাটোৰ প্ৰায় ২০ মিনিটৰ পিচত উদ্ধাৰ অভিযান আৰম্ভ হৈছিল । ইফালে, স্থানীয় লোকসকলে পাৰেমানে সহায় কৰিবলৈ আৰম্ভ কৰে । ৰাজ্যিক প্ৰশাসনৰ পৰা এন ডি আৰ এফলৈকে দলসমূহ উদ্ধাৰ অভিযানত নিয়োজিত হৈছিল । উদ্ধাৰ অভিযান সম্পূৰ্ণ নোহোৱালৈকে ৰে'লমন্ত্ৰী নিজেই ঘটনাস্থলীত উপস্থিত হৈছিল ৷

এই ঘটনাৰ পিচতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে দেওবাৰে কৈছিল যে, মোডী চৰকাৰে কামৰ নামত বহুৱালি কৰে ৷ সম্প্ৰতি ৰে’লপথত তিনিলাখ পদ খালী হৈ আছে । খাৰ্গেই সংসদীয় স্থায়ী সমিতিৰ 323 তম প্ৰতিবেদনৰ কথাও উল্লেখ কৰিছিল । ই ৰে’ল সুৰক্ষা আয়োগৰ পৰামৰ্শসমূহ ৰূপায়ণৰ বাবে জোৰ দিছিল । খাৰ্গেৰ মতে, এইটোকো ৰে’লৱে কৰ্তৃপক্ষই উপেক্ষা কৰিছিল ।

  • VIDEO | “We demand that the Railway minister takes moral responsibility (for the Odisha train accident) and resigns,” says Congress leader Pawan Khera. pic.twitter.com/7x86kWOONC

    — Press Trust of India (@PTI_News) June 4, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ মতে, চি এ জিয়ে 2017-18 আৰু 2020-21 বৰ্ষৰ ভিতৰত হোৱা দুৰ্ঘটনাৰ কথা উল্লেখ কৰি কয় যে, ইয়াৰে বেছিভাগ ৰে’ল দুৰ্ঘটনাৰ ঘটনা লাইনচ্যুত হোৱাৰ বাবে সংঘটিত হৈছে । ৰাষ্ট্ৰীয় ৰে'ল সুৰক্ষা পুঁজিত কেৱল 79 শতাংশ পুঁজিৰহে কাম কৰা হৈছিল । ট্ৰেক নৱীকৰণৰ গতিও অতি লেহেম । এতিয়ালৈকে মাত্ৰ চাৰি শতাংশ পথতহে কৱচ প্ৰণালী কিয় কাৰ্যকৰী কৰা হৈছে ।

লগতে পঢ়ক: Odisha Triple train accident: এতিয়াও চিনাক্ত কৰিব পৰা নাই 187 টা মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.