ETV Bharat / bharat

Land for job case : ভূমিৰ বিনিময়ত চাকৰি গোচৰত তেজস্বী যাদৱক চি বি আইৰ চমন জাৰি - cbi summons

বিহাৰৰ উপ মুখ্য়মন্ত্ৰী তেজস্বী যাদৱক চি বি আইয়ে ভূমিৰ বিনিময়ত চাকৰিৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে (CBI summons)। কেন্দ্ৰীয় সংস্থাটোৱে লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধে ৰে'ল মন্ত্ৰী হিচাপে লালু প্ৰসাদৰ কাৰ্যকালত ভূমিৰ বিনিময়ত চাকৰিৰ অভিযোগ উত্থাপন কৰিছে ।

Etv BharatCBI summons Bihar Deputy CM Tejashwi Yadav
তেজস্বী যাদৱক চি বি আইৰ চমন
author img

By

Published : Mar 11, 2023, 1:46 PM IST

নেশ্য়নেল ডেস্ক, ১১ মাৰ্চ: কেন্দ্ৰীয় অনসন্ধানকাৰী সংস্থা চি বি আইয়ে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ (Rashtriya Janata Dal) নেতা তেজস্বী যাদৱক শনিবাৰে ভূমিৰ বিনিময়ত চাকৰি গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে চমন জাৰি কৰিছে (CBI summons Bihar Deputy CM Tejashwi Yadav)। তেজস্বী যাদৱে ৪ ফেব্ৰুৱাৰীৰ পিছত দ্বিতীয়বাৰৰ বাবে চি বি আইৰ (Central Bureau of Investigation) চমন লাভ কৰিছে । এই বিষয়ে এক সূত্ৰই সদৰি কৰিছে । ইয়াৰ পিছতেই আৰ জে ডিৰ নেতাসকলে পৰিকল্পনা অনুসৰি বিৰোধী নেতাসকলক হাৰাশাস্তি কৰিবলৈ কেন্দ্ৰৰ শাসকীয় দল বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহক অপব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ।

কেন্দ্ৰীয় সংস্থাটোৱে অভিযোগ উত্থাপন কৰিছে যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে চাকৰি দিয়াৰ বিনিময়ত ভূমি লাভ কৰিছিল (Land for job case)। লালু প্ৰসাদ যাদৱে ৰে'ল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতেই ভূমিৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে । চিবিআইয়ে ইতিমধ্যে লালু প্ৰসাদ যাদৱ, তেওঁৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবড়ী দেৱী (Bihar former CM Rabri Devi) আৰু পৰিয়ালৰ আন ১৪ গৰাকী সদস্যৰ বিৰুদ্ধে ভূমিৰ বিনিময়ত চাকৰিৰ গোচৰৰ অভিযোগপত্ৰ দাখিল কৰিছে ।

উল্লেখ্য় যে যোৱা ৭ মাৰ্চত চি বি আইয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু যাদৱক এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল (Lalu Prasad Yadav main accused in job scam )। ৰে'লমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত সংঘটিত কৰা দুৰ্নীতিৰ অভিযোগৰ প্ৰমাণ কৰিবলৈ লালু যাদৱক এই বিষয়ে বিভিন্ন প্ৰশ্ন কৰে চিবিআইয়ে । ইয়াৰ পিছতে লালু প্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱে কয় যে ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে সৰৱ হোৱা বাবে চিবিআইৰ জৰিয়তে তেওঁলোকৰ পৰিয়ালক লক্ষ্য কৰি লৈছে । তেজস্বী যাদবে কয় যে তদন্তকাৰী সংস্থাসমূহে বিজেপিৰ ৰাজনৈতিক বিৰোধীসকলৰ বিৰুদ্ধে কাম কৰি আছে ।

ইপিনে,আৰ জে ডি নেতাসকলে ৰাজনৈতিক প্ৰতিহিংসাৰ অংশ হিচাপে তেওঁলোকৰ নেতা তেজস্বীৰ বিৰুদ্ধে ভুৱা গোচৰ প্ৰস্তুত কৰা বাবে বিজেপিক সমালোচনা কৰিছে (Bihar latest news)। আনহাতে, ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে কয় যে কোনেও আইনৰ উৰ্ধত হ'ব নোৱাৰে । তেজস্বী যাদৱে তেওঁৰ স্থিতিৰ বাবে পৰিণামৰ সন্মুখীন হ'বই লাগিব বুলি বিজেপিৰ নেতাসকলে কয় ।

লগতে পঢ়ক:ED to question BRS MLC Kavitha today: আজি ED ৰ জেৰাৰ সন্মুখীন হ’ব মুখ্যমন্ত্ৰী কন্যা কে কবিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.