নেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ: 6 জুলাইত মণিপুৰৰ পৰা নিৰুদ্দেশ হোৱা দুই মেইটেই শিক্ষাৰ্থীৰ অপহৰণ আৰু হত্যাৰ তদন্ত কৰিব CBIয়ে ৷
সংস্থাটোৰ বিশেষ সঞ্চালক অজয় ভাটনাগৰে বুধবাৰে তদন্ত আৰম্ভ কৰিবলৈ এক বিশেষ বিমানযোগে ইম্ফলত উপস্থিত হৈছে ৷ উল্লেখ্য যে মণিপুৰ চৰকাৰে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ক গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷
ভাটনাগৰৰ নেতৃত্বত দলটোৱে ইম্ফলত শিবিৰ পাতি থকা CBIৰ যুটীয়া সঞ্চালক ঘনশ্যাম উপাধ্যায়ৰ সৈতে যোগদান কৰিব, সূত্ৰই সদৰী কৰিছে ৷ এই দলটোত থাকিব সকলো দিশৰ বিশেষজ্ঞ বিষয়া ৷
উল্লেখ্য যে সন্ধাহীন শিক্ষাৰ্থী দুগৰাকীৰ মৃতদেহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতেই এতিয়া মণিপুৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ বিগত সোমবাৰে ভাইৰেল হৈছিল মৃতদেহ ফটো ৷
বিষয়াসকলে কয় যে জুলাই মাহত অপহৃত হোৱা দুই শিক্ষাৰ্থীৰ হত্যাৰ বিৰুদ্ধে মঙলবাৰে সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে গুলীচালনা কৰে ৷ ফলত প্ৰায় 45গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় ৷
মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এক্সত পোষ্ট কৰিছে, ‘‘সন্ধানহীন দুই ছাত্ৰ-ছাত্ৰীৰ শোকাৱহ মৃত্যু সন্দৰ্ভত কালি উদ্ভৱ হোৱা দুখজনক বাতৰিৰ পৰিপ্ৰেক্ষিতত মই ৰাজ্যবাসীক আশ্বাস দিব বিচাৰোঁ যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ উভয়ে অপৰাধীক ধৰিবলৈ একেলগে কাম কৰি আছে ।’’
‘‘এই তদন্ত অধিক ত্বৰান্বিত কৰিবলৈ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ৰ সঞ্চালকৰ লগতে এটা বিশেষ দল কাইলৈ পুৱা এক বিশেষ বিমানেৰে ইম্ফলত উপস্থিত হ’ব । তেওঁলোকৰ উপস্থিতিয়ে আমাৰ কৰ্তৃপক্ষক এই বিষয়টো দ্ৰুততাৰে সমাধান কৰাত কৰিব,’’ সিঙে আৰু কয় ৷
মুখ্যমন্ত্ৰী বীৰেন সিঙে আৰু কয় যে তেওঁ হত্যাকাৰীক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে নিৰন্তৰ যোগাযোগত আছে ৷
উল্লেখ্য যে কুকি উগ্ৰপন্থীৰ দ্বাৰা হত্যাৰ বলি হোৱা শিক্ষাৰ্থীদ্বয় হ’ল ফিজাম হেমজিত (20) আৰু হিজাম লিনথইংগাম্বি (17) ৷