ETV Bharat / bharat

NewsClick row : নিউজক্লিকৰ বিৰুদ্ধে FCRA উলংঘনৰ গোচৰ চিবিআইৰ; প্ৰতিষ্ঠাপকৰ কাৰ্যালয়, বাসগৃহত তালাচী - Foreign Contribution Regulation Act

নিউজক্লিকে দাবী কৰিছে যে চিবিআয়ে ইয়াৰ কাৰ্যালয় আৰু মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থৰ বাসগৃহত অনুসন্ধান আৰু জব্দ অভিযান চলাই আছে আৰু তেওঁলোকে কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আছে ।

NewsClick row
NewsClick row
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 3:39 PM IST

নিউজ ডেস্ক, ১১ অক্টোবৰ : চিবিআয়ে বিদেশী অনুদান (নিয়ন্ত্ৰণ) আইন উলংঘনৰ অভিযোগত নিউজক্লিকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিছে । লগতে বুধবাৰে পৰ্টেলটোৰ প্ৰতিষ্ঠাপকৰ কাৰ্যালয় আৰু বাসগৃহত তালাচী চলোৱা বুলি বিষয়াসকলে কয় । সংস্থাটোৰ বিষয়াসকলৰ এটা দলে নিউজক্লিকৰ প্ৰতিষ্ঠাপক প্ৰবীৰ পুৰকায়স্থৰ বাসগৃহ আৰু কাৰ্যালয়ত তালাচী চলোৱা বুলিও তেওঁলোকে উল্লেখ কৰিছে । উল্লেখ্য যে শেহতীয়াভাৱে দিল্লী আৰক্ষীয়ে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত এটা গোচৰত প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰে ।

আনহাতে, পৰ্টেলটোৱে কৈছে যে তেওঁলোকে কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আছে । "চিবিআয়ে বৰ্তমান নিউজক্লিক কাৰ্যালয় আৰু আমাৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থৰ বাসগৃহত তালাচী আৰু জব্দ অভিযান চলাই আছে । এইটো হৈছে পঞ্চম সংস্থা যিয়ে আমাৰ ওপৰত অনুসন্ধান কৰি আছে । আমি কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আছোঁ ।" এক্সত পৰ্টেলটোৱে কয় । উল্লেখ্য যে পৰ্টেলটোৰ বিৰুদ্ধে বিদেশী অনুদান নিয়ন্ত্ৰণ আইন (এফচিআৰএ) উলংঘা কৰি বিদেশী পুঁজি লাভ কৰাৰ অভিযোগ উঠিছে ।

আনহাতে, পৰ্টেলটোৰ বিৰুদ্ধে কৰা অনুসন্ধানত দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছিল যে চীনৰ কমিউনিষ্ট পাৰ্টীৰ প্ৰচাৰ বিভাগৰ এজন সক্ৰিয় সদস্য নেভিল ৰয় সিংঘমে প্ৰৱঞ্চনাৰে পুঁজি যোগান ধৰিছিল । কিন্তু নিউজক্লিকে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে । দিল্লী আৰক্ষীৰ বিশেষ কোষে ৩ অক্টোবৰত পুৰকায়স্থ আৰু মানৱ সম্পদ বিভাগৰ মুৰব্বী অমিত চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে । আনহাতে, আৰক্ষীয়ে দিল্লীত নিউজক্লিকৰ কাৰ্যালয়টো বন্ধ কৰি দিছে ।

চিবিআইৰ এজাহাৰ অনুসৰি, নিউজ পৰ্টেলটোলৈ বৃহৎ পৰিমাণৰ পুঁজি চীনৰ পৰা 'ভাৰতৰ সাৰ্বভৌমত্ব বিঘ্নিত' কৰিবলৈ আৰু দেশখনৰ বিৰুদ্ধে অসন্তুষ্টি সৃষ্টিৰ বাবে আহিছিল । লগতে অভিযোগ কৰিছে যে পুৰকায়স্থই ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰক্ৰিয়া ব্যাহত কৰিবলৈ পিপলছ এলায়েন্স ফৰ ডেমোক্ৰেচী এণ্ড ছেকুলাৰিজিম (পিএডিএছ) নামৰ এটা গ্ৰুপৰ সৈতে ষড়যন্ত্ৰ কৰিছিল ।

লগতে পঢ়ক :Self styled godman : ধৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ স্বয়ম্ভূ ভগৱান বিনোদ কাশ্যপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.