ETV Bharat / bharat

লালু প্ৰসাদৰ জামিনৰ বিৰোধিতা চিবিআইৰ

author img

By

Published : Nov 25, 2020, 9:07 AM IST

Updated : Nov 25, 2020, 9:35 AM IST

ডুমকা কোষাগাৰ কেলেংকাৰীত অভিযুক্ত লালু প্ৰসাদৰ জামিন আবেদনৰ বিৰোধীতা চিবিআইৰ ৷ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত লালু প্ৰসাদে কৰা জামিন আবেদৱৰ বিৰোধিতা কৰি চিবিআইয়ে লিখিত আবেদন জমা দিছে ৷ চিবিআইৰ মতে ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত অভিযুক্ত লালু প্ৰসাদে এতিয়ালৈকে এটা দিনো এই গোচৰত শাস্তি লাভ কৰা নাই ৷

লালু প্ৰসাদৰ জামিনৰ বিৰোধিতা চিবিআইৰ
লালু প্ৰসাদৰ জামিনৰ বিৰোধিতা চিবিআইৰ

ৰাঁচি, 25 নৱেম্বৰ: ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ত আৰজেডি প্ৰধান লালু প্ৰসাদে জনোৱা জামিন আৱেদনৰ বিৰোধিতা চিবিআইৰ ৷ মঙলবাৰে চিবিআইয়ে লিখিতভাৱে লালু প্ৰসাদৰ জামিন আবেদনৰ বিৰোধিতা কৰে ৷

এই গোচৰত লালু প্ৰসাদক দিয়া শাস্তিৰ প্ৰায় আধা খিনিয়েই অভিযুক্ত লালুৱে ন্যায়িক জিম্মাত কটাইছে বুলি তেওঁৰ উকিলে দাবী জনোৱাৰ পৰিৱৰ্তে চিবিআইয়ে লিখিত আবেদন খনত উল্লেখ কৰে যে ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত অভিযুক্ত লালু প্ৰসাদে আজিলৈকে এটা দিনো শাস্তি লাভ কৰা নাই ৷

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক 2018 চনৰ 24 মাৰ্চত ডুমকা কোষাগাৰ কেলেংকাৰীৰ গোচৰত 14 বছৰৰ কঠোৰ কাৰাবাসৰ শাস্তি বিহা হৈছিল ৷ তথ্য অনুসৰি মুঠ চাৰিটা গোচৰত অভিযুক্ত লালু প্ৰসাদে ইতিমধ্যে তিনিটা গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হৈছে ৷ এই অন্তিমটো গোচৰত জামিন লাভ কৰিলেই তেওঁৰ মুকলি আকাশৰ তললৈ অহাৰ বাট মুকলি হ'ব ৷

চিবিআইয়ে কয় যে ইতিমধ্যে চাৰিটা পৃথক গোচৰত চিবিআইৰ আদালতে তেওঁক দোষী সাব্যস্ত কৰিছে আৰু ডুমকা গোচৰত তেওঁৰ বাবে ইতিমধ্যে 14 বছৰৰ সশ্ৰম কাৰাদণ্ডল বিহা হৈছে ৷

অৱশ্যে চিবিআইৰ বিশেষ আদালতে ক'তো এই কথা উল্লেখ কৰা নাই যে ডুমকা গোচৰত লালুক বিহা শাস্তি তেওঁৰ অন্য কেইটা গোচৰৰ শাস্তিৰ সমানে সমানে চলি থাকিব ৷ এই কথা উল্লেখ নাথাকিলে অভিযুক্তৰ শাস্তি এটাৰ পাছত আনটোকৈ প্ৰদান কৰা হয় ৷ চিবিআইয়ে কয় যে লালুপ্ৰসাদে নিজেও চিবিআইৰ বিশেষ আদালতত তেওঁৰ শাস্তি একে সময়তে চলোৱাৰ বাবে কোনোধৰণৰ আবেদন জনোৱা নাই ৷

বৰ্তমানে লালু প্ৰসাদে অন্য তিনিটা গোচৰত তেওঁৰ শাস্তি ভোগ কৰি আছে ৷ এই তিনিটা গোচৰৰ শাস্তি সম্পূৰ্ণ হ'লেহে তেওঁৰ ডুমকা গোচৰৰ শাস্তি আৰম্ভ হ'ব ৷ প্ৰসাদৰ উকীল কপিল সিবালে কয় যে যিহেতু অভিযুক্ত লালুপ্ৰসাদ বৰ্তমান মধুমেহ ৰোগৰ লগতে, উচ্চ ৰক্তচাপ , হৃদৰোগ, কিডনীৰ ৰোগ আদি বিভিন্ন ৰোগত আক্ৰান্ত হৈছে , আৰু তেওঁ শাস্তিৰ আধা খিনি ইতিমধ্যে ভোগ কৰিছে সেয়ে তেওঁক জামিন মঞ্জুৰ কৰিব লাগে ৷

লগতে পঢ়ক:বিহাৰৰ কেবাখনো জিলাৰ কাৰাগাৰত অভিযান

Last Updated : Nov 25, 2020, 9:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.