নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী: কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ । খোদ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই নিজৰ সংস্থাৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ তুলি তদন্ত আৰম্ভ কৰিছে । বেংক কৰ্তৃপক্ষক প্ৰতাৰণা কৰাৰ বাবে তদন্তৰ আওতালৈ অহা কোম্পানীৰ পক্ষলৈ দুৰ্নীতিত লিপ্ত হোৱা আৰু ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে বহু কেইজন বিষয়াৰ বিৰুদ্ধে ।
বৃহস্পতিবাৰে কেইবাটাও স্থানত তালাচী অভিযান চলোৱাৰ কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৰ বিষয়াই । সংস্থাটোৰ বিষয়াই উৎকোচ লৈ একাংশ কোম্পানীৰ পক্ষ লোৱাতো লজ্জাজনক বুলি কোৱাৰ লগতে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলিও জনাইছে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে । একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই কোম্পানীসমূহৰ পৰা ধন লাভ কৰাৰ তথ্য লাভ কৰাৰ পিছতে তদন্ত আৰম্ভ কৰা হয় । বৃহস্পতিবাৰে পুৱা অতি কমেও ৫টা স্থানত সংস্থাটোৱে তালাচী অভিযান চলোৱাৰ ধাৰণা কৰা হৈছে ।
লগতে পঢ়ক:উত্তৰ প্ৰদেশত আত্মহননৰ পথ বাচি ল'লে ধৰ্ষণৰ বলি হোৱা কিশোৰীয়ে