ETV Bharat / bharat

CBI arrests Videocon chairman: ভিডিঅ’কনৰ অধ্যক্ষক গ্ৰেপ্তাৰ চিবিআইৰ

author img

By

Published : Dec 27, 2022, 6:44 AM IST

জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ ভিডিঅ’কনৰ অধ্যক্ষ ভেনুগোপাল ধূটক (CBI arrests Videocon chairman)৷ চিবিআয়ে আইচিআইচিআই বেংকৰ প্ৰাক্ত চি ই অ’ তথা এম ডি চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক গ্ৰেপ্তাৰ কৰাৰ দুদিন পিচতেই ভেনুগোপালকো (Videocon chairman Venugopal Dhoot) গ্ৰেপ্তাৰ কৰে ৷

CBI arrests Videocon chairman
ভিডিঅ’কনৰ অধ্যক্ষক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ২৬ ডিচেম্বৰ: সোমবাৰে আইচিআইচিআই বেংকৰ ঋণ জালিয়াতিৰ (ICICI bank fraud case) গোচৰৰ সৈতে জড়িত ভিডিঅ’কনৰ অধ্যক্ষ ভেনুগোপাল ধূটক গ্ৰেপ্তাৰ কৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইয়ে । শনিবাৰে চিবিআইয়ে আইচিআইচিআই বেংকৰ প্ৰাক্তন চি ই অ’ তথা এম ডি চন্দা কোছাৰ আৰু তেওঁৰ স্বামী দীপক কোছাৰক তিনিদিনৰ বাবে জিম্মাত লোৱাৰ মাত্ৰ দুদিন পিছতে মুম্বাইৰ পৰা গ্ৰেপ্তাৰ হয় ভেনুগোপাল ধূটক । চন্দা কোছাৰে ভিডিঅ’কনক অনুমোদন জনোৱা ঋণৰ প্ৰতাৰণা আৰু অনিয়মৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় (Videocon chairman Venugopal Dhoot)।

ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত পঞ্জীয়ন কৰা এজাহাৰত অভিযুক্ত হিচাপে দীপক কোছাৰ, চুপ্ৰিম এনাৰ্জি, ভিডিঅ’কন ইণ্টাৰনেশ্যনেল ইলেক্ট্ৰনিকছ লিমিটেড, আৰু ভিডিঅ’কন ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ দ্বাৰা পৰিচালিত কোছাৰ আৰু কোম্পানী নুপাৱাৰ ৰিনিউৱেবলছ (এনআৰএল)ৰ সৈতে ৭১ বছৰীয়া ধূটৰ নাম উল্লেখ কৰা হৈছে (Videocon chairman Venugopal Dhoot) ৷ গোচৰটো অপৰাধমূলক ষড়যন্ত্ৰ আৰু ২০১৯ চনত দুৰ্নীতি প্ৰতিৰোধ আইনখনৰ বিধানসমূহৰ সৈতে জড়িত বুলি বিষয়াসকলে জনায় ।

চিবিআইয়ে অভিযোগ কৰিছিল যে, আইচিআইচিআই বেংকে বেংকিং ৰেগুলেচন এক্ট, আৰবিআইৰ গাইডলাইন আৰু বেংকৰ ক্ৰেডিট নীতি উলংঘা কৰি ধূটে পৰিচালনা কৰা ভিডিঅ’কন গ্ৰুপৰ কোম্পানীসমূহক ৩২৫০ কোটি টকাৰ ঋণৰ সুবিধা অনুমোদন জনাইছে (ICICI bank fraud case) ।

ইয়াৰ উপৰিও অভিযোগ কৰা হৈছিল যে, কুইড প্ৰ’ ক’ৰ অংশ হিচাপে ধূটে চুপ্ৰিম এনাৰ্জি প্ৰাইভেট লিমিটেড (এছইপিএল)ৰ জৰিয়তে ন্যুপাৱাৰ ৰিনিউৱেবলছত ৬৪ কোটি টকা বিনিয়োগ কৰিছিল ৷ ২০১০ আৰু ২০১২ চনৰ ভিতৰত বক্ৰ পথৰ জৰিয়তে দীপক কোছাৰ দ্বাৰা পৰিচালিত পিনাকল এনাৰ্জি ট্ৰাষ্টলৈ এছইপিএলক হস্তান্তৰ কৰিছিল বুলি এফআইআৰত অভিযোগ কৰা হৈছে ।

ভিডিঅ’কন গ্ৰুপক ঋণদাতাৰ এটা কনচৰ্টিয়ামে দিয়া ৪০ হাজাৰ কোটি টকাৰ ঋণৰ কথিত অনিয়মৰ তদন্তৰ বাবে ২০১৮ চনৰ মাৰ্চ মাহত দীপক কোছাৰ আৰু ধূটৰ বিৰুদ্ধে প্ৰাৰম্ভিক তদন্ত (পিই) পঞ্জীয়ন কৰিছিল । প্ৰাথমিক তদন্তৰ সময়ত চিবিআইয়ে প্ৰকাশ কৰে যে, ২০০৯ চনৰ জুন আৰু ২০১১ চনৰ অক্টোবৰৰ ভিতৰত ভিডিঅ’কন গ্ৰুপ আৰু ইয়াৰ সৈতে জড়িত কোম্পানীসমূহক ১৮৭৫ কোটি টকাৰ ছটা ঋণ অনুমোদন কৰা হৈছিল ৷ যিটো তদন্তৰ অংশ হিচাপে আইচিআইচিআই বেংকৰ নিৰ্ধাৰিত নীতি উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ২০১২ চনত এই ঋণক নন-পাৰফৰ্মিং এচেট বুলি ঘোষণা কৰাৰ ফলত বেংকটোৰ ১৭৩০ কোটি টকাৰ লোকচান হোৱা বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে ।

লগতে পঢ়ক: ICICI former CMD arrested: ICICI বেংকৰ প্ৰাক্তন পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.