ETV Bharat / bharat

পশ্চিম বংগত বৰ্তমানলৈকে জব্দ 248.9 কোটিৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী

author img

By

Published : Mar 30, 2021, 12:45 PM IST

পশ্চিম বংগত বৰ্তমানলৈকে জব্দ হৈছে 248.9 কোটিৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ এই তথ্য প্ৰদান কৰিছে পশ্চিম বংগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় বসুয়ে ৷

পশ্চিম বংগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় বসু

নেশ্যনেল ডেস্ক, 30 মাৰ্চ : পশ্চিম বংগত বৰ্তমানলৈকে জব্দ হৈছে 248.9 কোটিৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ এই তথ্য প্ৰদান কৰিছে পশ্চিম বংগৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া সঞ্জয় বসুয়ে ৷

সোমবাৰে বসুয়ে কয়, "জব্দ হোৱা 248.9 কোটিৰ ভিতৰত 37.72 কোটি নগদ ধন, 9.5 কোটিৰ সুৰা, 114.44 কোটিৰ ড্ৰাগছ আৰু অন্যান্য সামগ্ৰী আছে ৷"

শনিবাৰে অনুষ্ঠিত পশ্চিম বংগৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 79.79 শতাংশ ভোটাৰে ভোট দান কৰে ৷ প্ৰথম পৰ্যায়ত পুৰুলিয়া আৰু জাগৰম জিলাৰ লগতে বাংকুৰা, পূৱ মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰ জিলাৰ 30 খন আসনত প্ৰতিদ্বন্দিতা হৈছে ৷ প্ৰথম পৰ্যায়ত আছে 191 গৰাকী প্ৰাৰ্থী, ইয়াৰে 21 গৰাকী মহিলা ৷

আনহাতে, বাকী থকা 294 সদস্যৰ সমষ্টিত সাতটা পৰ্যায়ত ভোট গ্ৰহণ হ'ব ৷ অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব 29 এপ্ৰিলত ৷ 2 মে'ত ভোট গণনা কৰা হ'ব ৷

লগতে পঢ়ক : ঢাকা মছজিদ আক্ৰমণ: 600 গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.