ETV Bharat / bharat

কাৰ্ডিঅ' ব্যায়াম কেৱল জিমতে সীমাবদ্ধ নহয় !

author img

By

Published : Mar 22, 2022, 3:58 PM IST

যোগ, এৰোবিক্স (Aerobics), সাঁতোৰ বা কেৱল খোজ কঢ়াৰ দৰে ব্যায়াম স্বাস্থ্যৰ বাবে যে উৎকৃষ্ট সেই কথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে । যদি আমি বিশেষকৈ কাৰ্ডিঅ' ব্যায়ামৰ বিষয়ে কথা কওঁ সেইবোৰো আমাৰ স্বাস্থ্যৰ বাবে বিভিন্ন ধৰণে উপকাৰী (Cardio exercises are beneficial for our health) । কিন্তু কেনেকৈ..? জানো আহক ।

Cardio exercises
কাৰ্ডিঅ' ব্যায়াম কেৱল জিমতে সীমাবদ্ধ নহয়

বৰ্তমানৰ অতি ব্যস্ত দৈনন্দিন জীৱন যাপনত এক সু-পৰিকল্পিত ব্যায়াম বহুতৰ বাবে সম্ভৱ নহয় । ইন্দোৰৰ ফিটনেছ প্ৰশিক্ষক তথা ব'ডিবিল্ডাৰ জোৰাৱাৰ সিঙে কোৱা মতে শিক্ষাৰ্থী বা মহিলাসকলকে ধৰি বহু লোকৰ ব্যায়ামৰ ইচ্ছা থাকিলেও তেওঁলোকে সময় উলিয়াব নোৱাৰে । এই ক্ষেত্ৰত কিছুমান প্ৰাথমিক কাৰ্ডিঅ' ব্যায়াম যথেষ্ট সহায়ক হ'ব পাৰে (Basic cardio exercises can be of great help)।

কাৰ্ডিঅ' ব্যায়াম কি ?(What is a cardio exercise)

গুণাগুণৰ বিষয়ে জনাৰ পূৰ্বে, কাৰ্ডিঅ' ব্যায়ামনো (cardio exercise) কি সেয়া জনাটো দৰকাৰ । জোৰাৱাৰ সিঙে বিশ্লেষণ কৰা মতে হৃদস্পন্দনৰ হাৰ আৰু শ্বাস-প্ৰশ্বাসৰ হাৰ (প্ৰতি মিনিটত উশাহ) বৃদ্ধি কৰা ব্যায়ামবোৰকে কাৰ্ডিঅ' ব্যায়ামৰ তালিকাত ৰখা হয় । এই ব্যায়ামবোৰে হৃদযন্ত্ৰৰ লগতে সামগ্ৰিক স্বাস্থ্য সুস্থিৰ কৰি ৰখাত সহায় কৰে (Cardio exercises help in maintaining heart as well as overall health)। ইয়াৰ বাবে জিমলৈ (Gym) যোৱাৰ প্ৰয়োজন নাই, কিয়নো কিছুমান কাৰ্ডিঅ' ব্যায়াম ঘৰত বা বাহিৰতো কৰিব পাৰি । যেনে স্কিপিং, চাইকেল চলোৱা, দৌৰা ইত্যাদি ।

সৰল কাৰ্ডিঅ' ব্যায়াম (Simple cardio exercises)

  • সাঁতোৰ (Swimming) : সাঁতোৰক এক আদৰ্শ কাৰ্ডিঅ' ব্যায়াম বুলি গণ্য কৰা হয় (Swimming is considered to be an ideal cardio exercise) কিয়নো ই অতি সোনকালে কেলৰি বাৰ্ণ কৰে, পেশীবোৰক শক্তিশালী কৰে আৰু শৰীৰটোক নিৰ্দিষ্ট আকৃতিত ৰাখে । জোৰাৱাৰ সিঙে কোৱা মতে নিয়মীয়াকৈ সাঁতোৰা বা সপ্তাহত এবাৰ বা দুবাৰ সাঁতোৰাটো সামগ্ৰিক স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী । লগতে ওজন হ্ৰাস কৰাৰ বাবে ই এক উন্নত উপায় ।
  • দৌৰা (Running) : দৌৰাক আটাইতকৈ উৎকৃষ্ট কাৰ্ডিঅ' ব্যায়াম বুলি গণ্য কৰা হয় (Running is considered the most important cardio exercise)। ই ওজন হ্ৰাস কৰা, পেশীবোৰক শক্তিশালী কৰা আৰু স্বাস্থ্যৱান হৈ থকা, চৰ্বি আৰু কেলৰি বাৰ্ণ কৰা, শৰীৰটোক ফ্লেক্সিবল কৰা আৰু হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে ।
  • চাইকেল চলোৱা (Cycling) : চাইকেল চলালে শৰীৰৰ ওজন হ্ৰাস হয় (Cycling also helps in reducing weight)। জোৰাৱাৰ সিঙে কয় যে যদি আপুনি ক্ৰীড়াৰ জৰিয়তে শৰীৰৰ ওজন হ্ৰাস কৰিব বিচাৰে, চাইকেল চলোৱা হৈছে সৰ্বশ্ৰেষ্ঠ বিকল্প । লগতে, যদি আপুনি বাহিৰত চাইকেল চলাব নোৱাৰে, জিমত বা ঘৰত বিশেষ যন্ত্ৰৰ চাইকেল চলোৱাটোও সহায়ক ।
  • স্কিপিং (Skipping) : স্কিপিং কৰিলে পেশীবোৰ শক্তিশালী হয় আৰু হৃদযন্ত্ৰৰ লগতে হাঁওফাঁও সুস্থ হৈ থাকে ।
  • চিৰি বগোৱা (Climbing stairs) : ওজন হ্ৰাস কৰাৰ আটাইতকৈ সহজ উপায় হ'ল লিফ্টৰ পৰিৱৰ্তে চিৰি ব্যৱহাৰ কৰা । চিৰিৰে ওপৰলৈ আৰু তললৈ উঠা-নমা কৰিলে শৰীৰৰ যথেষ্ট কেলৰি বাৰ্ণ হোৱাত সহায় হয় । ইয়াৰ দ্বাৰা আপুনি এদিনত প্ৰায় ৬০০-৭০০ কেলৰি বাৰ্ণ কৰিব পাৰে । ই শৰীৰৰ তলৰ অংশ শক্তিশালী কৰে আৰু ওজন কম দিনৰ ভিতৰতে হ্ৰাস কৰাত সহায় কৰে (Climbing stairs helps in reducing weight quickly)।

গুণাগুণবোৰ কেনেধৰণৰ ?

১. ই হৃদযন্ত্ৰক সুস্থ আৰু শক্তিশালী কৰি ৰাখে ।

২. কাৰ্ডিঅ' ব্যায়ামে কেলৰি বাৰ্ণ কৰাত সহায় কৰে, যিটোৱে শৰীৰৰ চৰ্বি আৰু ওজন হ্ৰাস কৰাত সহায় কৰে ।

৩. ই শৰীৰত বিপাকীয় হাৰ (metabolic rate) বৃদ্ধি কৰে ।

৪. ইয়াৰ ফলত টোপনি ভাল হয় ।

৫. কাৰ্ডিঅ' ব্যায়ামে আমাৰ মন আৰু শৰীৰ দুয়োৰে ক্ষেত্ৰত কাম কৰে আৰু স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে ।

৬. এই ব্যায়ামবোৰে হাড়বোৰ শক্তিশালী কৰাত সহায় কৰে ।

৭. ই শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি কৰে, সেয়েহে ছালবোৰ ভাল হয় । ই ছালৰ গাঁথনি উন্নত কৰে, ইয়াক উজ্জ্বল কৰে আৰু ছালৰ গাঁথনিত প্ৰভাৱ পেলায় ।

৮. কাৰ্ডিঅ' ব্যায়ামে আমাৰ শৰীৰত সুখৰ হৰমনৰ নিষ্কাশন বৃদ্ধি কৰে, যিয়ে আমাৰ মানসিক চিন্তা উন্নত হয় ।

৯. ই শৰীৰৰ মনোবল (Stamina) উন্নত কৰে ।

১০. কাৰ্ডিঅ' ব্যায়ামৰ নিয়মীয়া অনুশীলনে আমাৰ পাচন তন্ত্ৰৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায় ।

১১. ডায়েবেটিচ ৰোগীসকলৰ বাবে কাৰ্ডিঅ' অতি উপকাৰী কিয়নো ইয়াৰ নিয়মীয়া অনুশীলনে গ্লুকোজৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে ।

লগতে পঢ়ক :লিথিয়ামে ডিমেনচিয়া হোৱাৰ আশংকা হ্ৰাস কৰিব পাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.