নিউজ ডেস্ক, 9 মে’: শ্বাহীন বাগত চলি থকা উচ্ছেদ অভিযানৰ বিৰুদ্ধে চি পি আই এমে দাখিল কৰা এক আবেদন সোমবাৰে নাকচ কৰে উচ্চতম ন্যায়ালয়ে (Supreme court rejects plea against demolition in Shaheen Bagh) ৷ কোনো এটা ৰাজনৈতিক দলৰ ইচ্ছাত বেদখল উচ্ছেদৰ বাবে চলা এই অভিযানত আদালতে হস্তক্ষেপ নকৰে বুলি স্পষ্টকৈ উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ৷
ন্যায়াধীশ এল নগেশ্বৰ ৰাও আৰু বি আৰ গাভাইৰ বিচাৰপীঠে চি পি আই এম দলক দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে , ''চি পি আই (এম)এ কিয় আবেদন দাখিল কৰিছে ? কি মৌলিক অধিকাৰ খৰ্ব হৈছে এই উচ্ছেদ অভিযানত ?'' বিচাৰপীঠে লগতে কয় , '' ৰাজনৈতিক দলৰ নিৰ্দেশত আবেদন গ্ৰাহ্য নহয় বা এই আদালত এক মঞ্চ নহয় ৷ তেওঁলোক উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা উচিত ৷ ''
উচ্চতম ন্যায়ালয়ে কয় যে, যদি হকাৰসকলে বেদখল কৰিছে তেন্তে তেওঁঁলোকক উচ্ছেদ কৰা হ’ব ৷ এইক্ষেত্ৰত প্ৰশাসনে যদি কোনো ধৰণৰ আইন অমান্য কৰে তেন্তে আবেদনকাৰীসকল উচ্চ ন্যায়ালয়লৈ যোৱা উচিত ৷ ছ’লিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে, প্ৰকৃত তথ্য সমূহক বিকৃতভাৱে উপস্থাপন কৰা হৈছে ৷ এইয়া হৈছে দীৰ্ঘদিন ধৰি চলি থকা এক প্ৰক্ৰিয়া আৰু জাননী জাৰি কৰাৰ পাচত চলা এয়া এক নিয়মীয়া অনুশীলন ৷
ইফালে, আম আদমী পাৰ্টীৰ বিধায়ক আমানাতুল্লাহ খানে স্থানীয় উচ্ছেদকাৰীসকলৰ সৈতে উচ্ছেদ বিৰোধী প্ৰতিবাদতো যোগ দিয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে স্থানীয় লোকসকলে পথ অৱৰোধ কৰি উচ্ছেদ চলাবলৈ অনা বুলড’জাৰৰ প্ৰৱেশত বাধা প্ৰদান কৰে ৷ বিধায়ক খানে কয় যে, ইতিমধ্যেই শ্বাহীন বাগৰ লোকসকলে তেওঁৰ অনুৰোধত উচ্ছেদথলীৰ পৰা আঁতৰি গৈছে ৷
লগতে পঢ়ক : ভাৰত-বাংলাদেশ সীমান্তত একেলগে 14 জন বাংলাদেশী নাগৰিক আটক