ETV Bharat / bharat

নাৰদা গোচৰ: আজি আদালতত চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিনৰ শুনানি - কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল

নাৰদা কেলেংকাৰীত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা চাৰি তৃণমূল নেতাৰ অন্তৱৰ্তীকালীন জামিন সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দালৰ নেতৃত্বত গঠিত পাঁচজনীয়া বিচাৰপীঠে আজি শুনানি গ্ৰহণ কৰিব ৷

Calcutta High court to hear Narada case today

author img

By

Published : May 27, 2021, 10:00 AM IST

নেশ্যনেল ডেস্ক,27 মে’: কলকাতা উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব নাৰদা কেলেংকাৰীৰ ৷ চিবিআয়ে নাৰদা কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা পশ্চিমবংগৰ চাৰিগৰাকী শীৰ্ষ তৃণমূল কংগ্ৰেছৰ নেতাৰ আভ্যন্তৰীণ জামিনৰ শুনানিৰ বাবে যোৱা শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশে এখন পাঁচজনীয়া বিচাৰপীঠ গঠন কৰে ৷

নাৰদা গোচৰ সন্দৰ্ভত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে তৃণমূল কংগ্ৰেছৰ দুই মন্ত্ৰী ফিৰহাদ হাকিম, সুব্ৰত মুখাৰ্জী, বৰ্তমানৰ বিধায়ক মদন মিত্ৰ আৰু কলকাতা পৌৰ নিগম পূৰ্বৰ মেয়ৰ শোভন চট্টোপাধ্যায়ক ৷ এই ঘটনাত বহু ৰাজনৈতিক নেতা, উচ্চ পদস্থ আৰক্ষী বিষয়াইও এটা ভুৱা কোম্পানীক অনানুষ্ঠানিকভাৱে পক্ষপাতিত্ব কৰাৰ বাবদ বৃহৎ পৰিমাণৰ ধন উৎকোচ লোৱা বুলি অভিযোগ উঠিছে ৷

নিম্ন আদালতে তৃণমূলৰ চাৰি নেতাক গ্ৰেপ্তাৰ হোৱাৰ দিনা বিয়লিলৈ অন্তৰ্ৱতীকালীন জামিন প্ৰদান কৰিছিল যদিও কলকাতা উচ্চ ন্য়য়ালয়ে সেই নিশাই এই নিৰ্দেশত স্থগিতাদেশ জাৰি কৰে ৷ যোৱা শুকুৰবাৰে ন্যায়ালয়ে জাৰি কৰা এক নিৰ্দেশত কয় যে, ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰাজেশ বিন্দাল, ন্যায়াধীশ আই পি মুখাৰ্জী, হৰিশ টেণ্ডন, সৌমেন সেন আৰু অৰিজিৎ বেনাৰ্জীক লৈ এখন পাঁচজনীয়া বিচাৰপীঠ গঠন কৰা হৈছে ৷ ন্যায়াধীশ বিন্দাল আৰু ন্যায়াধীশ বেনাৰ্জীৰ খণ্ড বিচাৰপীঠে তৃণমূলৰ চাৰি নেতাৰ জামিন সন্দৰ্ভত পৃথক পৃথক সিদ্ধান্তত উপনীত হোৱাত এই পাঁচজনীয়া বিচাৰপীঠখন গঠন কৰা হয় ৷

লগতে পঢ়ক : নাৰদা গোচৰত অভিযুক্ত চাৰি নেতাক গৃহবন্দী কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.