ETV Bharat / bharat

মমতা বেনাৰ্জীক 5 লাখ টকাৰ জৰিমনা - calcutta high court fine 5 lacs on mamata banerjee

নন্দীগ্ৰাম গোচৰত 5 লাখ টকাৰ জৰিমনা মমতা বেনাৰ্জীক ৷ কলিকতা উচ্চ ন্যায়ালয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীক 5 লাখ টকাৰ জৰিমনা বিহিছে ৷ ন্যায়পালিকাৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ পৰিকল্পনা কৰাৰ অভিযোগত কলিকতা উচ্চ ন্যায়ালয়ে বেনাৰ্জীক এই জৰিমনা বিহিছে ৷

Calcutta High court fine 5 lacs on Mamata Banerjee in Nandigram case
মমতা বেনাৰ্জীক 5 লাখ টকাৰ জৰিমনা
author img

By

Published : Jul 7, 2021, 12:26 PM IST

Updated : Jul 7, 2021, 1:38 PM IST

নেশ্যনেল ডেস্ক, 7জুলাই: ন্যায়পালিকাক বদনাম কৰাৰ বাবে পৰিকল্পনা কৰাৰ অভিযোগত কলিকতা উচ্চ ন্যায়ালয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত পাঁচ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বেনাৰ্জীয়ে তেওঁৰ নন্দীগ্ৰাম গোচৰৰ পৰা ন্যায়াধীশ কৌশিক চন্দাক অব্যাহতি দিয়াটো বিচাৰিছিল ৷

ভাৰতীয় জনতা পাৰ্টী (BJP)ৰ সৈতে চন্দাৰ সম্পৰ্ক আছে বুলি অভিযোগ উত্থাপিত হোৱাৰ পাচতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ন্যায়াধীশগৰাকীক তেওঁ আবেদন কৰা গোচৰৰ পৰা আঁতৰোৱাৰ আহ্বান জনাইছিল ৷ বিজেপিৰ সৈতে ন্যায়াধীশগৰাকীৰ সম্পৰ্ক আছে বুলি বেনাৰ্জীয়ে অভিযোগ কৰাৰ পাচতে ন্যায়াধীশ কৌশিক চন্দাই বেনাৰ্জীৰ কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈও অস্বীকাৰ কৰে ৷

পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে এক নিৰ্বাচনী আবেদন কৰিছিল ৷ জানিব পৰা মতে, ব্যক্তিগত কাৰণ দৰ্শাই ন্যায়াধীশ কৌশিক চন্দাই নিজকে গোচৰটোৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিশোধ কৰিবলগীয়া জৰিমনা ক'ভিড-19ৰ দ্বাৰা প্ৰভাৱিত অধিবক্তাসকলৰ বাবে ব্যৱহাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

24 জুনত কলিকতা উচ্চ ন্যায়ালয়ে নন্দীগ্ৰাম নিৰ্বাচনৰ ফলাফলক প্ৰত্যাহ্বান জনাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা আবেদনৰ ওপৰত ৰায় সংৰক্ষিত কৰিছিল ৷ মুখ্যমন্ত্ৰীগৰাকী নিজেও শুনানিৰ বাবে ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে উপস্থিত আছিল ৷ নন্দীগ্ৰাম সমষ্টিৰ তীব্ৰ প্ৰতিদ্বন্দ্বীতাপূৰ্ণ নিৰ্বাচনত বিজেপিৰ শুভেন্দু অধিকাৰীক নিৰ্বাচন আয়োগে বিজয়ী ঘোষণা কৰিছিল ৷

নন্দীগ্ৰামত পৰাজয় বৰণ কৰাৰ পাচতে মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছিল যে, বিধানসভা নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়াক ভোটৰ পুনৰ গণনাক লৈ ভাবুকি দিয়া হৈছিল ৷ অৱশ্যে নন্দীগ্ৰাম সমষ্টি বিজেপিক এৰি দিবলগীয়া হোৱা স্বত্বেও মমতা নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে 294 জনীয়া পশ্চিমবংগ বিধানসভাত 213 খন আসন লাভ কৰি নিৰ্বাচনত বিজয় লাভ কৰিছিল ৷

লগতে পঢ়ক: গৃহমন্ত্ৰীয়ে কলকাতাৰ পৰা ষড়যন্ত্ৰ কৰি আছে: মমতা বেনাৰ্জী

Last Updated : Jul 7, 2021, 1:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.