ETV Bharat / bharat

ICAI, VRC আৰু নেডাৰলেণ্ডৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মঞ্জুৰ কৰিলে কেবিনেটে

কেন্দ্ৰীয় কেবিনেটে স্বাক্ষৰ মঞ্জুৰ কৰিলে ICAI, VRC আৰু নেডাৰলেণ্ডৰ মাজত বুজাবুজিৰ চুক্তিত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ অনুমতি দিয়া হয় ।

author img

By

Published : Nov 25, 2020, 8:56 PM IST

ICAI, VRC আৰু নেডাৰলেণ্ডৰে হোৱা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ মঞ্জুৰ কৰিলে কেবিনেটে

নেশ্যনেল ডেস্ক, ২৫ নৱেম্বৰ: বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত INSTITUTE OF CHARTERED ACCOUNTS OF INDIA, VERENINING VAN REGISTERCONTROLLLERS, নেডাৰলেণ্ড আৰু ভাৰতৰ মাজত হোৱা বুজাবুজি চুক্তিত স্বাক্ষৰত অনুমতি দিলে কেন্দ্ৰীয় কেবিনেটে । কেবিনেটে প্ৰকাশ কৰা এক সংবাদ বিবৃত্তিত কোৱা হৈছে যে, এই বুজাবুজি চুক্তিয়ে নেডাৰলেণ্ড আৰু ভাৰতৰ মাজত হোৱা সকলো ধৰণৰ বিত্তীয়, হিচাপ পৰীক্ষণ আদি দিশ শক্তিশালী আৰু উন্নীত কৰাত সহায় কৰিব ।

কৌশল আৰু লক্ষ্য বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰসংগ উত্থাপন কৰি কেবিনেটে কয় যে, ICAI, VRCয়ে নেডাৰলেণ্ডত প্ৰয়ুক্তি বিষয়ক অনুষ্ঠান, চেমিনাৰ, বিভিন্ন বৈঠক একেলগে অনুষ্ঠিত কৰিব । নেডাৰলেণ্ডত সদস্য পৰিচালনাৰ ক্ষেত্ৰত সম্ভাৱ্য সহযোগিতা, পেচাগত নীতি, প্ৰযুক্তি গৱেষণা, বৃত্তিগত শিক্ষা অব্যাহত ৰখা, পেচাগত লেখ প্ৰশিক্ষণ, শিক্ষা আৰু পৰীক্ষা আৰু লেখ বৃত্তিৰ আনুষ্ঠানিক ক্ষমতা আৰু নিৰ্মাণ আদি ক্ষেত্ৰত স্থিতি শক্তিশালী কৰিবলৈ যৌথভাৱে কাম কৰিব ICAI, VRCয়ে ।

কম সময়ৰ বাবে লেখ, বিত্তীয়, তথ্য আৰু প্ৰযুক্তি বিদ্যা আৰু হিচাপ পৰীক্ষণ সমন্ধীয় বৃত্তিগত শিক্ষাৰ ব্যৱস্থা কৰাৰ বাবে চেষ্টা কৰিব । শিক্ষাৰ্থী আৰু শিক্ষকৰ সলনিৰ ক্ষেত্ৰতো আলোচনা কৰিব । নেডাৰলেণ্ড আৰু ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠানসমূহৰ মাজত বুজাবুজি থাকিলে নেডাৰলেণ্ডত নিযুক্তিৰ ক্ষেত্ৰতো ভাৰতৰ চাৰ্টাৰ্ড একাউণ্টেণ্টসকলে যথেষ্ট সুবিধা লাভ কৰিব । লগতে ভাৰতলৈ উভতি আহি কাম কৰাতো অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় বুলি প্ৰকাশ কৰে কেবিনেটে ।

বিবৃত্তিটোত ইয়াকো কোৱা হৈছে যে, ইউৰোপীয় দেশত ICAIৰ ১৫০০ৰো অধিক সদস্য আছে আৰু নেডাৰলেণ্ডত ৮০ৰো অধিক সদস্য আছে । কেবিনেটৰ বিবৃত্তি মতে, INSTITUTE OF CHARTERED ACCOUNTS OF INDIA চাৰ্টাৰ্ড একাউণ্ট আইন ১৯৪৯ৰ অধীনত স্থাপন হোৱা এক বৈধ নিকায় । VERENINING VAN REGISTERCONTROLLLERS ১৯৮৮ চনত স্থাপন কৰা হৈছিল আৰু ই এক স্বেচ্ছাসৱেী পেচাগত সংস্থা ।

লগতে পঢ়ক:লালু প্ৰসাদৰ জামিনৰ বিৰোধিতা চিবিআইৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.