ETV Bharat / bharat

Digital India programme: ডিজিটেল ইণ্ডিয়াক অধিক সম্প্ৰসাৰিত হ’ব, মোদী কেবিনেটৰ বৃহৎ সিদ্ধান্ত

তৰান্বিত হ’ব ডিজিটেল ইণ্ডিয়া ৷ বুধবাৰে কেবিনেটত ল’লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ ফ্লেগ’শ্বিপ ডিজিটেল ইণ্ডিয়া আঁচনিৰ বাবে 14,903 কোটি টকা অনুমোদন কেবিনেটে ৷

author img

By

Published : Aug 17, 2023, 9:01 AM IST

Digital India programme
ডিজিটেল ইণ্ডিয়াক অধিক সম্প্ৰসাৰিত হ’ব

নিউজ ডেস্ক,17 আগষ্ট: অধিক তৰান্বিত হ’ব ডিজিটেল ইণ্ডিয়া ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বুধবাৰে কেন্দ্ৰীয় কেবিনেটে লৈছে কিছু পদক্ষেপ ৷ বিশেষকৈ ফ্লেগ’শ্বিপ ডিজিটেল ইণ্ডিয়া আঁচনিৰ বাবে 14,903 কোটি টকা অনুমোদন জনাইছে ৷ ইয়াৰ দ্বাৰা ফ্লেগশ্বিপ ডিজিটেল ইণ্ডিয়া আঁচনিৰ আগন্তুক পাঁচ বছৰত অধিক সম্প্ৰসাৰি হ’ব ৷ ইয়াৰ জৰিয়তে চাইবাৰ অপৰাধ ৰোধৰ ক্ষেত্ৰত অধিক শক্তিশালী হৈ পৰিব ৷ চাইবাৰ ৰোধৰ ক্ষেত্ৰত ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল অৰ্থাৎ চি ই আৰ টি ইনৰ শক্তি বৃদ্ধি পাব ৷

কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত কয় যে , ই ভাৰতৰ ডিজিটেল অৰ্থনীতিবৃদ্ধি কৰিব ৷ সাধাৰণ লোকৰ বাবে সহজে উপলব্ধ ডিজিটেল সেৱা ৷ তেওঁ আৰু কয় ভবিষ্যত স্কীললছ প্ৰাইম কাৰ্যসূচীৰ অধীনত (ফিউচাৰ স্কীলছ প্ৰাইম প্ৰগাম) প্ৰায় 6.25 লাখ আইটি শিক্ষাত দক্ষ থকা আৰু তথ্য সুৰক্ষা আৰু শিক্ষা সজাগতা পৰ্যায় কাৰ্যসূচীৰ অধীনত 2.65 লাখ লোকক তথ্য প্ৰযুক্তিৰ সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হ'ব ।

আনহাতে ইউনিফাইড ম'বাইল এপ্লিকেচনৰ অধীনত 540 টা অতিৰিক্ত সেৱা উপলব্ধ হ'ব । বৰ্তমান ইউ এম এ এন জিত ইতিমধ্যে ১,৭০০ তকৈও অধিক সেৱা উপলব্ধ ৷ ১৮ টা চুপাৰ কম্পিউটাৰৰ ওপৰিও ৰাষ্ট্ৰীয় চুপাৰ কম্পিউটাৰ মিছনৰ অধীনত আৰু ৯ টা চুপাৰ কম্পিউটাৰ সংযোজন কৰা হ’ব ৷’’

তেওঁ আৰু কয় ডিজিলকাৰৰ অধীনত 1,787 খন শিক্ষানুষ্ঠান আৰু ডিজিটেল প্ৰমাণ পত্ৰ দিয়াৰ সুবিধা সংযোগ কৰা, ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্কৰ অৰ্থাৎ এন কে এন আধুনিকীকৰণ এতিয়া এম এছ এম ই আৰু অন্যান্য সংগঠনৰ বাবে উপলব্ধ হ'ব ।’’

লগতে পঢ়ক:ChatGPT For Exam Monitoring: ChatGPTৰে নকল কৰা ছাত্ৰ-ছাত্ৰীৰ ওপৰত অব্যাহত আছে তদন্ত, জানি লওক কেনেকৈ ধৰা পৰিব এনে ছাত্ৰ-ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.