ETV Bharat / bharat

Husband escaped: তৃতীয় লিংগীয় পত্নীৰ সা-সম্পত্তি লৈ উধাও স্বামী

author img

By

Published : Apr 15, 2023, 10:55 PM IST

প্ৰেম বিবাহ আৰু প্ৰতাৰণা ৷ পত্নীয়ে বিবাহত লাভ কৰা মূল্যবান সম্পত্তি আৰু আ-অলংকাৰ লৈ পলাল স্বামী (Panipat transwoman cheated by UP man) ৷

(Panipat transwoman cheated by UP man
তৃতীয় লিংগৰ পত্নীৰ সা-সম্পত্তি লৈ উধাও স্বামী

নেশ্যনেল ডেস্ক, 15 এপ্ৰিল : 7 বছৰীয়া প্ৰেমৰ যৱনিকা ৷ হাৰিয়ানাৰ পানীপথ জিলাত এগৰাকী দুৰ্ভগীয়া পত্নীয়ে স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে (Panipat transwoman cheated by UP man)৷

ঘটনা অনুসৰি পানীপথ জিলাৰ এজন কেব চালকৰ যোৱা সাত বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল এগৰাকী তৃতীয় লিংগৰ লোকৰ সৈতে ৷ অখিলেশ নামৰ কেব চালকজন মূলতঃ উত্তৰ প্ৰদেশৰ যদিও কেব চলাবলৈকে পানীপথত বাস আছিল (Cab driver Akhilesh cheats Haryana transwoman) ৷ তেনেতে তেওঁৰ তৃতীয় লিংগৰ লোকগৰাকীৰ লগত পৰিচয় হয় ৷ লাহে লাহে দুয়োৰে বন্ধুত্বই প্ৰেমলৈ পৰিৱৰ্তিত হয় ৷

দিন বাগৰি যোৱাৰ লগে লগে অখিলেশে প্ৰেমাস্পদগৰাকীক বিবাহৰ প্ৰতিশ্ৰুতি দি লিংগ পৰিৱৰ্তন কৰিবলৈ অস্ত্ৰোপচাৰ কৰিবলৈ দিছিল ৷ যাতে অখিলেশে তেওঁক বিয়া পতি সংসাৰ কৰিব পাৰে ৷ অখিলেশৰ এই কথা শুনি প্ৰেমাস্পদেও সন্মতি প্ৰদান কৰিছিল ৷

তাৰ পিচত অখিলেশে কথামতে তৃতীয় লিংগৰ প্ৰেমাস্পদগৰাকীৰ লগত বিবাহপাশতো বহিল (Cab driver Akhilesh marries Panipat transwoman ) ৷ কিন্তু বিবাহৰ পিচতে সকলোবোৰ যেন সলনি হৈছিল ৷ দুয়োৰে মাজত সৰু সৰু কথাত কাজিয়া হোৱা আৰম্ভ হৈছিল। তেওঁলোকৰ সম্পৰ্ক তিক্ত হৈ পৰিছিল। অখিলেশে যেন এটা উপযুক্ত সুযোগলৈহে অপেক্ষা কৰি আছিল ৷ এদিন চেগ বুজি অখিলেশে পত্নীৰ সোণৰ গহনাৰ লগতে বিবাহ অনুষ্ঠানত দিয়া মূল্যবান সামগ্ৰীসমূহ লৈ উধাও হয় (Driver Akhilesh flees with gold silver jewellery )৷

উল্লেখ্য যে, বিবাহৰ পূৰ্বে অখিলেশে তৃতীয় লিংগৰ পত্নীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল । অখিলেশে এখন গাড়ী আৰু ব্যয়বহুল মোবাইল ক্ৰয় কৰিবলৈ তেওঁৰ পৰা ধন লৈছিল । স্বামীৰ পলায়নৰ পিচতে পত্নীগৰাকীয়ে কয়, "মই এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছো। বিয়াৰ অনুষ্ঠানত মই লাভ কৰা লাখ লাখ টকাৰ সোণ আৰু ৰূপৰ গহনা লৈ অখিলেশে পলায়ন কৰিলে । বিবাহৰ পিছত অখিলেশে মোৰ সৈতে কাজিয়া কৰিছিল । মই গম পাইছিলো যে অখিলেশে মোক কেৱল ধন আৰু এক আড়ম্বৰপূৰ্ণ জীৱন যাপন কৰিবলৈ বিয়া কৰাইছিল । সি মোৰ জীৱন ধ্বংস কৰিলে।"

লগতে পঢ়ক: Horrific road accident: উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু 12 গৰাকীৰ; আহত 24 গৰাকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.