ETV Bharat / bharat

Buxar Train Accident : ছেলফি লৈ যাত্ৰা আৰম্ভ কৰা ভাণ্ডাৰী পৰিয়ালৰ মাতৃ-কন্যাৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 3:23 PM IST

দীপক ভাণ্ডাৰীৰ পৰিয়ালেও বুধবাৰে নিশা বিহাৰৰ ৰঘুনাথপুৰ ৰে'ল ষ্টেচনৰ ওচৰত লাইনচ্যুত হোৱা নৰ্থ-ইষ্ট এক্সপ্ৰেছত যাত্ৰা কৰি আছিল । এই যাত্ৰা দিল্লীৰ আনন্দ বিহাৰ ৰে'ল ষ্টেচনৰ পৰা ছেলফিৰে আৰম্ভ হৈছিল । কিন্তু নিয়তিৰ পৰিহাস ! হাঁহি-স্ফূৰ্তিৰে আহি থকা পৰিয়ালটোলৈ হঠাতে নামি আহে কাল অমানিশা । ভাণ্ডাৰী পৰিয়ালৰ এক হৃদয় বিদাৰক কাহিনী ।

ছেলফি লৈ যাত্ৰা আৰম্ভ কৰা ভাণ্ডাৰী পৰিয়ালৰ মাতৃ-কন্যাৰ মৃত্যু
Buxar Train Accident

নিউজ ডেস্ক, ১২ অক্টোবৰ : বক্সাৰ ৰে'ল দুৰ্ঘটনাত সকলো সপোন ভাঙি চূড়মাৰ হ'ল অসমৰ ভাণ্ডাৰী পৰিয়ালৰ । পৰিয়ালটোৱে দিল্লীৰ আনন্দ বিহাৰৰ পৰা এখন ছেলফি লৈ যাত্ৰা আৰম্ভ কৰিছিল । কিন্তু তেওঁলোকে কল্পনাও কৰিব পৰা নাছিল যে সেইখনেই তেওঁলোকৰ পৰিয়ালটোৰ অন্তিম ছেলফি হ'ব । উল্লেখ্য যে বুধবাৰে নিশা বক্সাৰ জিলাৰ ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত নৰ্থ-ইষ্ট এক্সপ্ৰেছৰ ছয়টা দবা লাইনচ্যুত হয় । এই দুৰ্ঘটনাটোতে দীপক ভাণ্ডাৰীৰ পত্নী আৰু এগৰাকী কন্যাই অকাল মৃত্যুক সাৱটি লয় ।

মাক-বায়েকক হেৰুৱালে কণমানি অদিতিয়ে
মাক-বায়েকক হেৰুৱালে কণমানি অদিতিয়ে

১২৫০৬ নম্বৰ নৰ্থ-ইষ্ট এক্সপ্ৰেছ বুধবাৰে পুৱা দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ পৰা ৰাওনা হয় । প্ৰায় ৩৩ ঘণ্টাৰ যাত্ৰা সম্পূৰ্ণ কৰাৰ পিছত ৰে'লখন জলপাইগুৰি পাবলগা আছিল । ৰে'লখনত অসমৰ বাসিন্দা দীপক ভাণ্ডাৰীয়েও তেওঁৰ পত্নী আৰু দুই যমজ কন্যাৰ সৈতে ইকনমী এম ১ ক্লাছত ভ্ৰমণ কৰি আছিল ।

নিশা প্ৰায় ১০ বাজিবৰ হৈছিল । ৰে'লখন নিৰ্ধাৰিত সময়সূচী অনুসৰিয়ে চলি আছিল । সেই সময়ত যাত্ৰীসকলে শুবলৈ প্ৰস্তুতি চলাই আছিল । কিন্তু সেই সুখ নিদ্ৰা কাৰোবাৰ বাবে হৈ পৰে কাল অমানিশা । এটা ডাঙৰ শব্দ, তাৰ পিছত চিঞৰ-বাখৰ । বক্সাৰৰ ৰঘুনাথপুৰ ষ্টেচনৰ ওচৰত ৰে'লখনৰ কেইবাটাও দবা লাইনচ্যুত হয় । বহু যাত্ৰী নিজৰ আসনৰ তলত আবদ্ধ হৈ পৰে । সেই সময়ত কোনেও জনা নাছিল যে কি কৰিব লাগে ।

ভাগি গ'ল ভাণ্ডাৰী পৰিয়ালৰ সপোন
ভাগি গ'ল ভাণ্ডাৰী পৰিয়ালৰ সপোন

নৰ্থ-ইষ্ট এক্সপ্ৰেছত যাত্ৰা কৰি থকা ভাণ্ডাৰী পৰিয়ালেও কি ঘটিছে একো বুজিব পৰা নাছিল । ইফালে দীপক ভাণ্ডাৰীয়ে (৩৯) তেওঁৰ পত্নী আৰু সন্তানক বিচাৰি আছিল । তেতিয়াই তেওঁ দেউতা বুলি মতা শুনে । দীপকে বুজি পাইছিল যে সেয়া অদিতিৰ (৮) কণ্ঠস্বৰ । কম্পাৰ্টমেণ্টৰ ভিতৰৰ দৃশ্য অতি ভয়াৱহ আছিল । কিছু যাত্ৰী আসনৰ তলত আৰু কিছু খিৰিকীৰ তলত আবদ্ধ হৈ আছিল । তাৰ মাজতে দীপকে কেনেবাকৈ কন্যা অদিতিক বাহিৰলৈ উলিয়াই লৈ যাবলৈ সক্ষম হৈছিল ।

তাৰ পিছত দীপকৰ দুচকুৱে পত্নী ঊষা (৩৩) আৰু আন এগৰাকী কন্যা আকৃতিক (৮) বিচাৰিবলৈ আৰম্ভ কৰে । ঠিক তেতিয়াই দীপকৰ ৰে'লখনৰ ভঙা খিৰিকীৰ বাহিৰত দৃষ্টি পৰে । পত্নী আৰু দ্বিতীয় কন্যাক প্ৰত্যক্ষ কৰি তেওঁ নিমিষতে বুজি পাইছিল যে দুয়ো এতিয়া এই পৃথিৱীত নাই । অদিতি আৰু আকৃতি দুয়ো যমজ ভগ্নী আছিল । দীপকে কয়, "ৰে'লখন লাইনচ্যুত হোৱাৰ লগে লগে আঘাতটো ইমানেই তীব্ৰ হৈ পৰিছিল যে মোৰ পত্নী আৰু এটা শিশু ৰে'লখনৰ খিৰিকীৰ পৰা বাগৰি পৰে আৰু দুয়োৰে মৃত্যু হয় । আৰু জলপাইগুৰিলৈ আমাৰ যাত্ৰা অসম্পূৰ্ণ হৈ ৰয় ।"

উল্লেখ্য যে দীপক আৰু কন্যা অদিতি বক্সাৰ ৰঘুনাথপুৰ কমিউনিটি চেণ্টাৰত চিকিৎসাধীন হৈ আছে । পিতৃ-কন্যা দুয়ো সুস্থ হৈ আছে । দীপকে কেইঘণ্টামান পূৰ্বে উক্ত ছেলফিৰ কথা মনত পেলায় । আনহাতে, কন্যা অদিতিয়ে বাৰে বাৰে মাতৃ আৰু বায়েকৰ বিষয়ে সুধি আছে । তেওঁ নাজানে যে তেওঁৰ মাতৃ আৰু ভগ্নী এই পৃথিৱীত নাই । পিতৃ-কন্যাক চিকিৎসালয়ৰ বিছনাত থকাৰ দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছে ।

"মই বাহিৰত কাম কৰোঁ । আমি বন্ধত ঘৰলৈ আহিছিলোঁ । আমাৰ গোটেই পৰিয়ালটো দিল্লীত বাস কৰে । আমি দিল্লীৰ পৰা জলপাইগুৰিলৈ গৈ আছিলোঁ । তেতিয়াই ৰে'ল দুৰ্ঘটনাটো সংঘটিত হয় আৰু মোৰ পত্নী আৰু কন্যা বৰ্তমান এই পৃথিৱীত নাই ।" থোকাথুকি মাতেৰে দীপকে কয় ।

লগতে পঢ়ক :Bihar train accident: বিশেষ ৰে’লৰে গুৱাহাটীলৈ অনা হৈছে দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০০০ যাত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.