নিউজ ডেস্ক, 20 জানুৱাৰী : দীৰ্ঘ সময় অপেক্ষাৰ অন্তত অৱশেষত 2021 বৰ্ষৰ আৰম্ভণিতে ক'ভিড-19 ৰ ভেকচিন অনুমোদন জনোৱাটো দেশবাসীৰ বাবে ইতিবাচক খবৰ ৷ ইতিমধ্যে, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষত প্ৰস্তুত কৰা দুটা ভেকচিন জৰুৰীকালীন অৱস্থাত ৰোগীৰ দেহত প্ৰয়োগ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷ চৰকাৰে অনুমোদন জনোৱা ভেকচিন দুবিধ হল- কোভিশ্বিল্ড আৰু কোভেক্সিন ৷ ইফালে, চৰকাৰে ভেকচিন দুবিধ ব্যৱহাৰ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পৰাই সাধাৰণ ৰাইজে পুনৰ আগৰ অৱস্থালৈ ঘুৰি আহিব পাৰিব বুলি এক প্ৰকাৰ ৰাইজৰ মাজত আনন্দ-উল্লাস কৰা পৰিলক্ষিত হৈছে ৷
আনহাতে, চৰকাৰে অনুমতি প্ৰদান কৰা ভেকচিন সন্দৰ্ভত দেশৰ বহুলোকৰ মাজত শেহতীয়াকৈ কিছু বিভ্ৰান্তি দেখা পোৱা পৰিলক্ষিত হৈছে ৷ জনসাধাৰণৰ মাজত দেখা দিয়া বিভ্ৰান্তি সমূহ আঁতৰ কৰাৰ বাবে ইটিভি ভাৰতৰ সুখীভৱ দলে য়শোদা চিকিৎসালয়ৰ সাধাৰণ ৰোগ বিশেষজ্ঞ ডঃ এম ভি ৰাওৰ সৈতে বাৰ্তালাপ কৰিছিল ৷ তেখেতৰ সৈতে হোৱা বাৰ্তালাপত ক'ভিড-19 ভেকচিন সন্দৰ্ভত বহুতো গুৰুত্বপূৰ্ণ কথা অৱগত কৰিছিল ৷
1. ক'ভিড-19 ৰ ভেকচিন সকলো শ্ৰেণীৰ লোকে লোৱাটো বাধ্যতামূলক নেকি ?
উঃ ক'ভিড-19 ৰ ভেকচিন সকলো শ্ৰেণীৰ লোকে লোৱাটো বাধ্যতামূলক নহয় ৷ যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বুলি ভাবে সেই সমূহ লোকে ভেকচিন লোৱাটো জুৰুৰী ৷
2, যদিহে কোনোবা ব্যক্তিক টীকা প্ৰদান কৰা নহয় তেতিয়াহলে সেইজন ব্যক্তিৰ ক্ষেত্ৰত কি হ'ব পাৰে ?
উঃ ক'ভিডৰ টীকা নললেও কোনাবা এজন ব্যক্তি সুস্থ হৈ থাকিব পাৰে ৷ যিহেতু ভাইৰাছবিধ সলনি হৈ থাকে গতিকে ই যিকোনো ধৰণৰ অস্বাভাৱিক পৰিস্থিতিলৈ লৈ যাব পাৰে, বিশেষকৈ অতি বয়োজেষ্ঠ লোক, মধুমেহ ৰোগী, কৰ্কট ৰোগী বা আন জটিল ৰোগী সকলৰ ক্ষেত্ৰত । সেয়েহে ক'ভিড ভেকচিনে লোৱাটো প্ৰয়োজনীয় ৷
3. যদিহে কোনোবা লোক শেহতীয়াকৈ ক'ভিড-19 ত আক্ৰান্ত হৈছে তেতিয়াহলে তেওঁক টীকা প্ৰদান কৰাটো জুৰুৰী নেকি?
উঃ নহয়, ব্যক্তিজনৰ দেহত ধৰা পৰা লক্ষণ সমূহৰ ওপৰত ভিত্তি কৰি তেওঁক ক'ভিড টীকা প্ৰদান কৰাটো জুৰুৰী ৷ লোকজনে ভাইৰাছত আক্ৰান্ত হোৱাৰ পিচত তেওঁক প্ৰায় 4-8 সপ্তাহ চিকিৎসকে নিৰীক্ষণ কৰাৰ পিচত তেওঁৰ লক্ষণৰ ওপৰত ভিত্তি কৰি টীকা প্ৰদান কৰা উচিত ৷ কেতিয়াবা এনেকুৱা হয় যে, কোনোবা লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ইমানে শক্তিশালী যে তেওঁক টীকাৰ প্ৰয়োজনেই নহয় ৷
4. এজন ব্যক্তিক কিমান ভেকচিনৰ প্ৰয়োজন ?
উঃ এজন ব্যক্তিৰ দেহত 2 টা ভেকচিনৰ প্ৰয়োজন হয় ৷ এটা ভেকচিন প্ৰদান কৰাৰ প্ৰায় 28 দিন পিচত পুনৰ আন এটা ভেকচিন ব্যক্তিজনৰ দেহত প্ৰয়োগ কৰা হয় ৷
5. এজন ব্যক্তিক ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰাৰ পিচত সেই ব্যক্তিজনে অন্য কোনো ধৰণৰ ঔষধ লব পাৰে নে ?
উঃ টীকা লোৱাৰ পিচতো ব্যক্তিজনে সাধাৰণ ঔষধ লব পাৰে কিন্তু ব্যক্তিজন যদিহে জটিল ৰোগত আক্ৰান্ত হয় তেতিয়াহলে তেওঁ সেই ৰোগৰ ঔষধ লোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে ৷
6. যদিহে কোনোবা লোকৰ দেহৰ পৰা আভ্যন্তৰীণ অংগৰ সালসলনি কৰা হয় তেতিয়াহলে সেই লোকজনে ক'ভিড টীকা লব পাৰিব নে নাই ?
উঃ যহিদে কোনোবা লোকৰ আভ্ৰন্তৰীণ অংগ সালসলনি কৰা হৈছে তেনেকুৱা লোকে ক'ভিড টীকা নোলোৱাটোৱে শ্ৰেয় ৷ লগতে, তেওঁ ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷
7. গৰ্ভৱতী আৰু দুগ্ধপান কৰোৱা মহিলাই ক'ভিড ভেকচিন লব পাৰে নে ?
উঃ চিকিৎসক গৰাকীয়ে জনোৱা অনুসৰি, ক'ভিড টীকা লোৱাৰ পিচত এগৰাকী মহিলাই 2 মাহলৈ গৰ্ভৱতী নোহোৱাই ভাল কিয়নো ভেকচিনবিধ ক'ভিড-19 ৰ ভাইৰাছ বিধৰ ধংস কৰি দেহত চাৰিওফালে সিচঁৰতি হয় ৷ গতিকে, গৰ্ভৱতী মহিলা আৰু দুগ্ধপান কৰোৱা মাতৃয়ে সেইক্ষেত্ৰত যথেষ্ট সাবধানতা অৱলম্বন কৰা উচিত ৷
8. মধুমেহ ৰোগীয়ে ক'ভিড ভেকচিন লব পাৰিব নে নোৱাৰে ?
উঃ যিসকল লোকে মধুমেহ ৰোগৰ লগতে আন জটিল ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকে অতি সোনকালে ভেকচিন লোৱাটো জুৰুৰী ।
9. শিশুই ক'ভিড টীকা লব পাৰিব নে ?
উঃ ভেকচিন সন্দৰ্ভত চিকিৎসক গৰাকীয়ে জনোৱা অনুসৰি, শিশু সকলে ক'ভিড টীকা লোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা আছে ৷ 18 বছৰৰ তলৰ ব্যক্তিয়ে টীকা লব নোৱাৰে ৷ 18 বছৰৰ ওপৰৰ ব্যক্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধ্যবাধকতা নাই ৷
10. কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা ভেকচিন দুবিধৰ কোনবিধ শ্ৰেষ্ঠ ?
উঃ দুয়োবিধ ভেকচিনৰ গুনাগুণ একে ৷ গতিকে, দুয়োবিধৰ যিকোনো এবিধ ললেই আপোনাৰ দেহত একে কামে কৰিব ৷
11. ভেকচিনবিধে কিমান সময়লৈ কাম কৰে ?
উঃ দুই নম্বৰ টীকা লোৱাৰ প্ৰায় 2 সপ্তাহ পিচত ভেকচিনবিধে কাম কৰিবলৈ আৰম্ভ কৰে ৷ টীকাবিধে এজন লোকৰ প্ৰায় 70 শতাংশ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বুলি গৱেষণাত স্পষ্ট হৈছে ৷
12. টীকা প্ৰদান কৰাৰ পিচত মাক্স পিন্ধাটো প্ৰয়োজনীয় নেকি ?
উঃ নিশ্চয় লাগিব ৷ কিয়োনো ভেকচিনে 100 শতাংশই এজন লোকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে ৷ তাৰবাবে আপুনি আগৰ দৰেই সামাজিক ব্যবধান, মাক্স পৰিধান, চেনিটাইজেচন আদি সকলো ক'ভিড প্ৰট'কল পালন কৰিব লাগিব ৷
13. ভেকচিনবিধে কোনো ধৰণৰ পাশ্বক্ৰিয়া কৰিব পাৰে নেকি ?
উঃ ক'ভিড ভেকচিনবিধ অন্য ৰোগৰ টীকাৰ নিচিনা হয় ৷ হয়তো প্ৰথম লোৱাৰ পিচত সাধাৰণ জ্বৰ, কাঁহ, চৰ্দী হ'ব পাৰে কিন্তু সেয়া ভয় খাব লগা কথা নহয় ৷ যদিহে ভৱাতকৈ বেছি ধৰণৰ হয় তেতিয়াহলে তেওঁ ততালিকে চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত ৷
14. ভেকচিনবিধে কিমান সময়লৈ এজন লোকক সুৰক্ষিত কৰিব পাৰে ?
উঃ ভেকচিনবিধে 6 মাহৰ পৰা 2 বছৰৰ ভিতৰলৈ লোকজনক সুৰক্ষিত কৰিব পাৰে কিন্তু বৰ্তমানলৈ সঠিক সময় গৱেষণাত স্পষ্ট হোৱা নাই ৷
লগতে পঢ়ক : ভোলাগুৰি সত্ৰ সমবায় সমিতিলৈ নাবাৰ্ডৰ 'উৎকৃষ্ট প্ৰদৰ্শন' বঁটা