ETV Bharat / bharat

মুম্বাইত পুনৰ আৰম্ভ স্থানীয় বাছ সেৱা - সম্পূৰ্ণ আৰোগ্য

মহাৰাষ্ট্ৰত ক’ভিড-19 পৰিস্থিতি ক্ৰমাৎ সুষ্ঠিৰ হোৱাৰ দিশে গতি কৰিছে ৷ সোমবাৰৰ পৰা মুম্বাইত স্থানীয় বাছ সেৱা পুনৰ আৰম্ভ হ'ব ৷ আবেলি 4 বজালৈকে ৰেষ্টুৰেন্টসমূহ 50 শতাংশ খোলা ৰাখিব পাৰিব ৷

bus-services-in-mumbai-to-resume-from-monday
সোমবাৰৰ পৰা মুম্বাইত স্থানীয় বাছ সেৱা পুনৰ আৰম্ভ
author img

By

Published : Jun 7, 2021, 8:36 PM IST

নেচনেল ডেস্ক, 7 জুন: দেশত মহামাৰী কৰ’ণাৰ দ্বিতীয় ঢৌৱে দীৰ্ঘদিন ধৰি জনজীৱন বিধস্ত কৰি ৰখাৰ পাচত ক্ৰমাৎ ক’ভিড-19 পৰিস্থিতি সুষ্ঠিৰ হোৱাৰ দিশে গতি কৰিছে ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঠায়ে ঠায়ে পৰ্যায়ক্ৰমে আৰম্ভ হ'বলৈ ধৰিছে আনলক প্ৰক্ৰিয়া ৷ দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইত সোমবাৰৰ পৰা আনলক প্ৰক্ৰিয়াৰ সিদ্ধান্ত লোৱা হৈছে ৷

বিইএছটি(Brihanmumbai Electric Supply and Transport) এ জনোৱা অনুসৰি সোমবাৰৰ পৰা মুম্বাইত স্থানীয় বাছ সেৱা পুনৰ আৰম্ভ হ'ব ৷ প্ৰতিজন যাত্ৰীৰ বাবে ফেচ মাস্ক পিন্ধাটো বাধ্যতামূলক হ'ব লগতে যাত্ৰীৰ সংখ্যা যিকোনো বাছৰ মুঠ আসনৰ সংখ্যাতকৈ বেছি হব নোৱাৰিব ৷ তদুপৰি বৃহান মুম্বাই পৌৰ নিগম (Brihanmumbai Municipal Corporation)এ জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি, ৰেষ্টুৰেণ্টবোৰ 50 শতাংশ ক্ষমতাত আবেলি 4 বজালৈকে খোলা ৰাখিব পাৰিব ৷

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে জানিবলৈ দিয়া মতে, মহামাৰীৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি স্থানীয় প্ৰশাসনে যিকোনো মুহূৰ্তত তেওঁলোকৰ অঞ্চলসমূহত প্ৰতিবন্ধকতা শিথিল বা কঠোৰ কৰাৰ বাবে আহ্বান জনাব পাৰে ৷ মন কৰিবলগীয়া যে, মহাৰাষ্ট্ৰত ইতিমধ্যে ১৫ জুনলৈকে লকডাউনৰ নিৰ্দেশ দিয়া আছে ৷

স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, দেওবাৰে ৰাজ্যখনত ১২,৫৫৭ গৰাকী ক’ভিড-19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৪,৪৩৩ গৰাকী ক’ভিড আক্ৰান্তক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ৷ বৰ্তমান, মহাৰাষ্ট্ৰত 1,85,527 গৰাকী সক্ৰিয় ক’ভিড ৰোগী আছে ৷ আনহাতে 55,43,267 জন ক’ভিড-19 ৰোগীক সম্পূৰ্ণ আৰোগ্য হোৱাৰ পাচত অব্যাহতি দিয়া হৈছে । ৰাজ্যখনত মৃত্যুৰ হাৰ ১.৭২ শতাংশ ।

লগতে পঢ়ক: আশ্ৰয়স্থলৰ সন্ধানত লংকাৰ উচ্ছেদিত লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.