ETV Bharat / bharat

2000 Rs Notes Banned : ২০০০ টকীয়া নোটেৰে ৪ লাখ কৰ পৰিশোধ বাছ অপাৰেটৰৰ

author img

By

Published : May 21, 2023, 9:21 PM IST

চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিচতে এতিয়া বহু লোকে বিভিন্ন ধৰণে নোটবোৰ ব্যৱহাৰৰ পথ বিচাৰিছে । তেনে এজন ব্যক্তি হৈছে চুৰাটৰ আৰটিঅ'ৰ এজন বিলাসী বাছ অপাৰেটৰ । তেওঁ নিজৰ বকেয়া কৰ ২০০০ টকীয়া নোটেৰে পৰিশোধ কৰে (Bus operator paid tax with 2000 notes) ।

2000 Rs Notes Banned
2000 Rs Notes Banned

নিউজ ডেস্ক, ২১ মে' : ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে (Reserve Bank of India) শেহতীয়া এক নিৰ্দেশনাযোগে বজাৰৰ পৰা 2000 টকীয়া নোট প্ৰত্যাহাৰ কৰিছে (RBI banned 2000 rs notes) । ইয়াৰ পিচতে ভাৰতীয় ষ্টেট বেংকে ২০০০ টকীয়া নোটৰ বিনিময় সম্পৰ্কে নিৰ্দেশনা ঘোষণা কৰিছে (SBI notice on 2000 rs notes exchange) । আনহাতে, কিছুদিন পূৰ্বে আৰটিঅ'ৰ নিয়মীয়া পৰীক্ষাৰ সময়ত ৰাজকোটত এজন বাছ অপাৰেটৰে এবছৰৰ কৰ বকেয়া হৈ থকা ধৰা পৰে । তাৰ পিচত আৰটিঅ'ই যাত্ৰীৰ সৈতে বাছখন জব্দ কৰে ।

কাকতালীয়ভাৱে চৰকাৰে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা আৰু এই নোটবোৰ সলনি কৰিবলৈ দিয়া নিৰ্দেশৰ পিচদিনাই বাছ অপাৰেটৰজনে এবাৰতে বকেয়া কৰৰ ৬ লাখ টকা পৰিশোধ কৰে । উল্লেখ্য, বাছ অপাৰেটৰজনে নিজৰ ৬ লাখ টকা বকেয়া কৰৰ ভিতৰত ৪ লাখ টকা ২০০০ টকীয়া নোটেৰে আৰু ২ লাখ টকা ১০০ আৰু ৫০০ টকীয়া নোটেৰে পৰিশোধ কৰে (Bus operator paid tax with 2000 notes) ।

উল্লেখ্য যে ৰিজাৰ্ভ বেংকৰ ঘোষণাৰ পিচত বৰ্তমান মানুহে বজাৰ কৰিবৰ বাবে ২০০০ টকীয়া নোট ব্যৱহাৰ কৰাটো পৰিলক্ষিত হৈছে । বিশেষকৈ বিভিন্ন শ্বপিং কম্প্লেক্সত মানুহে সৰ্বাধিক 2000 টকীয়া নোট প্ৰদান কৰাটো পৰিলক্ষিত হৈছে । কেৱল সেয়াই নহয়, মানুহে পেট্ৰ'ল পাম্পত পেট্ৰ'ল আৰু ডিজেল কিনিবলৈ 2000 টকীয়া নোট ব্যৱহাৰ কৰিছে । আনকি অনলাইনত ক্ৰয় কৰা লোকসকলেও এতিয়া বজাৰ কৰিবলৈ ওলাই আহি ২০০০ টকীয়া নোট ব্যৱহাৰ কৰি আছে । বহু লোকে অনলাইন ক্ৰয়ৰ পৰিৱৰ্তে মল আদিত লেনদেনৰ বাবে 2000 টকীয়া নোট ব্যৱহাৰ কৰি আছে ।

ইফালে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ হোৱাৰ প্ৰভাৱ চুৰাট ৰে'ল ষ্টেচনৰ টিকট সংৰক্ষণ কাউণ্টাৰতো দেখা গৈছে । দেওবাৰে ৰে'ল ষ্টেচনৰ সংৰক্ষিত টিকট কাউণ্টাৰত দৈনিক লাভ কৰা নোটতকৈ অধিক নোট জমা হৈছে । দৈনিক দুইৰ পৰা আঢ়ৈ হাজাৰ টিকট ৰিজাৰ্ভেচনৰ ঠাইত শনিবাৰৰ দিনটোত ৫ হাজাৰৰো অধিক সংৰক্ষণ টিকট দিয়া হয় । তেনে ক্ষেত্ৰত বেছিভাগ লোকেই ২০০০ টকীয়া নোট পৰিশোধ কৰি টিকট ক্ৰয় কৰে ।

লগতে পঢ়ক :SBI circular for 2000 notes exchange : ২০০০ টকীয়া নোট সলনি কৰিবলৈ কি নথি লাগিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.