নিউজ ডেস্ক, 5 জুন: উত্তৰাখণ্ডত ভয়ংকৰ পথ দুৰ্ঘটনা (Tourists bus accident in Uttarkashi) ৷ উত্তৰ কাশীত ৰাজপথৰ পৰা 200 মিটাৰ দ গৰাত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ ৷ বাছখনত আছিল মধ্যপ্ৰদেশৰ 28 গৰাকী তীৰ্থযাত্ৰী ৷ যমুনোত্ৰী ৰাজপথৰ দমতা অঞ্চলত সংঘটিত হৈছে এই ঘটনা (Road accident in Yamunotri highway) ৷
জানিব পৰা মতে, বৰ্তমানলৈকে 22 টা মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ বাকী 6 জন যাত্ৰীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰকাৰ্য অব্যাহত ৰাখিছে সেই স্থানত ৷ ইতিমধ্যে এন ডি আৰ এফৰ দলো ৰাওনা হৈছে দুৰ্ঘটনা থলীলৈ ৷
এই শোকাৱহ ঘটনাৰ বাৰ্তা পোৱাৰ পাচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰে ৷ প্ৰতি গৰাকী মৃতকৰ পৰিয়াললৈ 2 লাখকৈ আৰু আহত সকলক 50 হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি জনায় প্ৰধানমন্ত্ৰীয়ে ৷
লগতে পঢ়ক : Threat letter to Salman Khan: পত্ৰযোগে ছলমান খানক হত্যাৰ ভাবুকি