ETV Bharat / bharat

Road accident in Jalaun: জালৌনত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত; নিহত ৫ জন - Bus collided with tree on bhind orai highway

ভিন্দ-উৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ গোপালপুৰাৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাত ৫ জন লোক থিতাতে মৃত্যু হোৱাৰ লগতে ১২ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয় (Road accident in Jalaun) ৷

Road accident in Jalaun
বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : May 7, 2023, 11:57 AM IST

নিউজ ডেস্ক, ৭ মে’: উত্তৰ প্ৰদেশৰ মাধোগড় কোতৱালি অঞ্চলৰ অন্তৰ্গত ভিন্দ-ওৰাই ৰাষ্ট্ৰীয় ঘাইপথৰ গোপালপুৰাৰ সমীপত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত কেইবাজনো লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে ৷ এডাল গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে বাছখনৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় ৷

এই দুৰ্ঘটনাত ৫ জন লোক থিতাতে মৃত্যু হোৱাৰ লগতে ১২ জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হয় ৷ মাধোগড় আৰক্ষীয়ে ৰাইজৰ সহযোগত আৰক্ষীৰ বাহন আৰু এম্বুলেন্সৰ সহায়ত আহতসকলক ওৰাইৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে (Bus collided with tree on bhind orai highway) ৷

ওৰাইৰ সদৰৰ পৰা ৬৫ কিলোমিটাৰ নিলগৰ ওৰাই-ভিন্দ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা ৷ মাধোগড় কোতৱালি অঞ্চলৰ অন্তৰ্গত গোপালপুৰাৰ সমীপত শনিবাৰে দিনৰ প্ৰায় ২ বজাত ৰামপুৰা থানা এলেকাৰ ধুতা উমৰিৰ বিবাহ অনুষ্ঠানৰ পৰা উভতি আহি ৰেন্ধাৰ থানা এলেকাৰ মহৈ গাঁৱলৈ গৈ আছিল বিবাহযাত্ৰীৰ দলটো ৷ বাছখনত প্ৰায় ৪০ জন লোক আছিল (jalaun road accident) ৷

গোপালপুৰা দলঙৰ সমীপত ভাৰসাম্য হেৰুৱাই এজোপা গছত খুন্দা মাৰে বাছখনে ৷ এই সংঘৰ্ষ ইমানেই প্ৰৱল আছিল যে চালকজনৰ থিতাতে মৃত্যু হয় আৰু বাছখনৰ ওপৰৰ অংশ সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় ৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে মাধোগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাছখনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰে ৷ আৰক্ষীৰ বাহন আৰু চৰকাৰী এম্বুলেন্সৰ সহায়ত আহতসকলক ওৰাই চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় (Road accident in Jalaun)।

আৰক্ষী অধীক্ষক ডাঃ ইৰাজ ৰাজাই জনোৱা মতে, বিবাহযাত্ৰীৰে ভৰা বাছখনত ৪০ জন লোক আছিল। তীব্ৰ গতি আৰু ভাৰসাম্য হেৰুৱাৰ বাবে এই পথ দুৰ্ঘটনা সংঘটিত হয় (accident on bhind orai highway)। এই ঘটনাত প্ৰায় ৫ জন লোকৰ মৃত্যু হৈছে আৰু ১২ জনতকৈ অধিক লোক আহত হৈছে ৷ আৰক্ষীৰ সহযোগত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ আন যাত্ৰীসকলক বাহনেৰে গন্তব্যস্থানলৈ লৈ যোৱা হৈছে। মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Cyclone Mocha: বংগোপসাগৰত সৃষ্টি হৈছে ঘূৰ্ণী বতাহ মোচা; বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.