ETV Bharat / bharat

দিল্লী অভিমুখী অসমৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত

অসমৰ পৰা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ মাজেৰে দিল্লী অভিমুখে গৈ থকা বাছ দুৰ্ঘটনাত পতিত ৷ চালকৰ টোপনিৰ বাবে সংঘটিত হৈছে উক্ত দুৰ্ঘটনা ৷ সংকটজনক অৱস্থাত কেইবাজনকো চিকিৎসালয়ত ভৰ্তি ৷

author img

By

Published : Aug 18, 2021, 12:57 PM IST

Updated : Aug 18, 2021, 1:11 PM IST

দিল্লী অভিমুখী অসমৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত
দিল্লী অভিমুখী অসমৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট: লক্ষ্নৌ-আগ্ৰা এক্সপ্ৰেছ ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত ৷ অসমৰ পৰা উত্তৰ প্ৰদেশৰ ফিৰোজাবাদৰ মাজেৰে দিল্লী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হৈছে । বাছখনে ঘাইপথটোৰ সমীপৰ এটা খুঁটাত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় ৷

দুৰ্ঘটনাটোত দুজন লোক থিতাতে নিহত হোৱাৰ উপৰিও প্ৰায় ২০ গৰাকীৰো অধিক যাত্ৰী আহত হয় । আহতসকলৰ ১৮ গৰাকীক ততালিকে শিকোহাবাদৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে একাংশ লোকক চিকিৎসাৰ বাবে চৈফাইস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

চালকগৰাকীৰ টোপনি অহাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । তথ্য অনুসৰি, বাছখনত প্ৰায় ৫০ গৰাকী যাত্ৰীয়ে দিল্লীলৈ কামৰ সন্ধানত গৈ আছিল ৷ আহতসকলৰ অধিকাংশই শ্ৰমিক ৷

বুধবাৰে পুৱা প্ৰায় ৪ মান বজাত ফিৰোজাবাদৰ নাছিৰপুৰ আৰক্ষী থানা এলেকাত সংঘটিত হয় এই দুৰ্ঘটনাটো । দুৰ্ঘটনাৰ পাছতে একাংশ যাত্ৰীয়ে আৰক্ষী আৰু UPDA ক দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে । লগে লগে সেই স্থানত আৰক্ষী আৰু ইউপিডিএ-ৰ উদ্ধাৰকাৰী দল উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰে ।

ইফালে, ডাঃ শিৱ কুমাৰ কাৰ্দামে জনোৱা মতে, ১৭ গৰাকী আহতক চিকিৎসাৰ বাবে অনা হৈছিল ৷ যাৰ ভিতৰত পাঁচগৰাকীৰ দেহৰ বিভিন্ন অংশৰ হাড় ভাঙিছে । সংকটজনক অৱস্থাত থকা যাত্ৰীসকলক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

নাছিৰপুৰ আৰক্ষীয়ে জনোৱা মতে, দুৰ্ঘটনাটোৰ বিষয়ে খবৰ লাভ কৰা মাত্ৰকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে । ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বাছখন আঁতৰোৱা হৈছে আৰু যান-বাহন চলাচলৰ বাবে পথটো মুকলি কৰা হৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীৰ নামত মন্দিৰ নিৰ্মাণ

Last Updated : Aug 18, 2021, 1:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.