ETV Bharat / bharat

Manipur tragic Accident : শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, নিহত 7 শিক্ষাৰ্থী - 7 students died in Manipur bus accident

মণিপুৰৰ নোনি জিলাত শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত । দুৰ্ঘটনাত প্ৰায় 7 গৰাকী শিক্ষাৰ্থী মৃত্যু হোৱাৰ আশংকা কৰা হৈছে (7 students died in Manipur bus accident)। ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ ।

Manipur tragic Accident
শিক্ষামূলক ভ্ৰমণলৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত
author img

By

Published : Dec 21, 2022, 4:48 PM IST

Updated : Dec 21, 2022, 6:20 PM IST

নেশ্যনেল ডেস্ক, ২১ ডিচেম্বৰ : মণিপুৰৰ নোনি জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে (Manipur tragic accident)। বুধবাৰে বিষ্ণুপুৰ- খৌপুম পথত দুৰ্ঘটনাত পতিত হয় এখন বাছ । বাছখনত আছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী । মৰ্মান্তিক দুৰ্ঘটনাটোত 7 গৰাকী শিক্ষাৰ্থী নিহত হোৱাৰ আশংকা কৰা হৈছে ।

জানিব পৰা মতে শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল বাছখন । মৃত শিক্ষাৰ্থীসকল য়াৰিপোকৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বুলি জানিব পৰা গৈছে (Bus carrying students crashes in Manipur)।

জানিব পৰা মতে বুধবাৰে বাছখন য়াৰিপোকৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা খৌপুম অভিমুখে গৈ আছিল । লংচাই টুবুং গাঁৱৰ সমীপত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে । এই দুৰ্ঘটনাত প্ৰায় 7 গৰাকী শিক্ষাৰ্থী মৃত্যু হোৱাৰ আশংকা কৰা হৈছে (Students died in road accident in Manipur)। ইফালে যথেষ্ট সংখ্যক শিক্ষাৰ্থী আৰু যাত্ৰী এই দুৰ্ঘটনাত আহত হৈছে ।

স্থানীয় লোকসকলে আৰক্ষীৰ সহযোগত দুৰ্ঘটনাত পতিত লোকসকলক উদ্ধাৰ কৰে । বাছ দুৰ্ঘটনাটোক লৈ সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰিছে । ইফালে দুৰ্ঘটনাটো কি কাৰণত সংঘটিত হ'ল এতিয়াও জানিব পৰা হোৱা নাই । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

ৰাজ্যখনৰ ৰাজ্যপাল গণেশন আয়াৰৰ লগতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সমগ্ৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । আনহাতে ঘটনাৰ সঠিক তদন্তৰ নিৰ্দেশ দিছে ।

অৱশ্যে একাংশ সংবাদমাধ্যমৰ মতে প্ৰায় ৫ গৰাকী শিক্ষাৰ্থীৰ থিতাতে মৃত্যু হৈছে । আনহাতে গুৰুতৰভাৱে আহত শিক্ষাৰ্থীসকলক ততালিকে ওচৰৰ হাস্পতাললৈ লৈ যোৱা হৈছে । আৰক্ষীয়ে জনোৱা মতে, য়াৰিপোকৰ থাম্বালনু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ৩৬ গৰাকী শিক্ষাৰ্থী আৰু কৰ্মচাৰী আছিল এখন বাছত । ইম্ফলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণ পশ্চিমে নুংচাই গাঁৱত পুৱা প্ৰায় ১১ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয় ।

দুৰ্ঘটনাটোৰ পাছতে ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ সপম ৰঞ্জন সিঙে ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে টুইটত জনোৱা মতে দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে বিধায়ক, স্বাস্থ্যকৰ্মী, এছডিআৰএফৰ এটা দল উক্ত স্থানলৈ ৰাওনা হয় ।

লগতে পঢ়ক :Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

Last Updated : Dec 21, 2022, 6:20 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.