নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ : মেঘালয়ত বৃহস্পতিবাৰে মাজনিশা প্ৰায় 12 বজাত সংঘটিত এক ভয়াৱহ বাছ দুৰ্ঘটনাত চাৰিজনকৈ লোকে প্ৰাণ হেৰুৱাইছে ৷ ৰাজ্যখনৰ Ringdi নদীত এখন যাত্ৰীবাহী বাছ বাগৰি পৰাত চাৰিজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আঘাতপ্ৰাপ্ত হৈছে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এই পৰ্যন্ত প্ৰায় ষোল্লজন লোকক উদ্ধাৰ কৰি Rongjeng PHC লৈ প্ৰেৰণ কৰা হৈছে ৷
প্ৰাপ্ত খবৰ অনুসৰি, পূৱ-গাৰো পাহাৰ(East Garo Hills) আৰু পশ্চিম খাচী পাহাৰ(West Khasi Hills) জিলা সীমান্তৰ Nongshram দলঙত এই দুৰ্ঘটনাটো সংঘটিত হৈছে ৷ আহত যাত্ৰীসকলে জানিবলৈ দিয়া মতে, বাছখন যথেষ্ট দ্ৰুতগতিত গৈ আছিল ৷ তেনে সময়তে বাছখনৰ সন্মুখৰ অংশই দলঙৰ খুঁটাত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷
ঘটনা সংঘটিত হোৱাৰ লগে লগে Rongjeng আৰু Williamnagar Fire and emergency Services ততাতৈয়াকৈ ঘটনাস্থলীলৈ ৰাওনা হয় ৷ জানিব পৰা মতে, এই পৰ্যন্ত চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও আৰু দুটা মৃতদেহ এতিয়াও বাছখনত আৱদ্ধ হৈ আছে ৷
লগতে পঢ়ক : তিনি বছৰত ত্ৰিপুৰাত দহজন বিধায়কক আক্ৰমণ