ETV Bharat / bharat

Opposition slams Govt : শাসকীয় বিজেপিক তুলাধুনা বিৰোধীৰ

author img

By

Published : Apr 6, 2023, 9:21 PM IST

আদানি প্ৰসংগত যুটীয়া সংসদীয় সমিতিৰ তদন্ত ঘোষণা নকৰাৰ বাবে পুনৰ ক্ষোভিত বিৰোধী (Opposition slams BJP)। সংসদত চৰকাৰে গণতান্ত্ৰিক নীতিৰ ওপৰত আলোচনা নকৰাৰ অভিযোগ বিৰোধীৰ । ১৯ টা বিৰোধী দলৰ প্ৰতিনিধিৰ সংবাদমেল সম্বোধন ।

Opposition slams Govt
শাসকীয় বিজেপিক তুলাধুনা বিৰোধীৰ

নেশ্যনেল ডেস্ক,৬ এপ্ৰিল : একত্ৰিত হৈছে দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ (Opposition parties show of unity) । শাসকীয় বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ ইংগিত দি ত্ৰিৰংগা হাতত লৈ কেইবাজনো বিৰোধী সাংসদে সংসদৰ পৰা বিজয় চকলৈ যাত্ৰা কৰে (Opposition MPs marched from Parliament) ৷ তাৰ পাছত ১৯ টা দলৰ প্ৰতিনিধিসকলে সংবিধান ক্লাবত এখন সংবাদমেল অনুষ্ঠিত কৰে য'ত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য নেতাসকলে বিৰোধী ঐক্যক আৰু আগুৱাই নিয়াৰ সংকল্প লয় ।

ইফালে কংগ্ৰেছ, টিএমচি, বিআৰএছ আৰু সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী দলসমূহে বৃহস্পতিবাৰে একতা প্ৰদৰ্শন কৰি একত্ৰিত হৈ মোডী চৰকাৰক বাজেট অধিৱেশনৰ দ্বিতীয় অংশটো অপচয় কৰাৰ অভিযোগ তোলে । বিৰোধীৰ মতে এই মনোভাৱ অব্যাহত থাকিলে দেশখন একনায়কত্বৰ দিশে আগবাঢ়িব (Opposition parties press conference)।

সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে । নৰেন্দ্ৰ মোডী চৰকাৰক গণতান্ত্ৰিক নীতিৰ ওপৰত আলোচনা নকৰা আৰু আদানি বিষয়ত যুটীয়া সংসদীয় সমিতিৰ (জেপিচি) তদন্তৰ বিৰোধীৰ দাবীৰ পৰা মনোযোগ আঁতৰাবলৈ সংসদত ব্যাঘাত সৃষ্টি কৰাৰো অভিযোগ উত্থাপন কৰে (Mallikarjun Kharge slams BJP)।

বিৰোধী ঐক্যক উৎসাহিত কৰি তৃণমূল কংগ্ৰেছ, ভাৰত ৰাষ্ট্ৰ সমিতি, আম আদমী পাৰ্টি আৰু সমাজবাদী পাৰ্টিয়েও প্ৰতিবাদী পদযাত্ৰাত অংশগ্ৰহণ কৰে । লগতে আদানি বিষয়ৰ দৰে বিষয়ত চৰকাৰৰ বিৰুদ্ধে যুটীয়া আহ্বান জনোৱাৰ ইংগিত দিয়ে । আনহাতে, বিৰোধীয়ে মূল্যবৃদ্ধি আৰু গণতন্ত্ৰৰ ওপৰত আক্ৰমণৰো অভিযোগ কৰে ।

সংবাদমেলত খাৰ্গেয়ে কয় যে, ৫০ লাখ কোটি টকাৰ বাজেট মাত্ৰ ১২ মিনিটত গৃহীত হৈছিল । কিন্তু বিজেপিয়ে সদায় অভিযোগ কৰে যে বিৰোধী দলবোৰৰ কোনো আগ্ৰহ নাই আৰু তেওঁলোকে সদনত ব্যাঘাত জন্মাই আহিছে । তেওঁৰ অভিযোগ শাসকীয় দলটোৱে সদনত বিশৃংখলতাৰ সৃষ্টি কৰিছিল (Oppositions on parliament logjam)। যেতিয়াই বিৰোধীয়ে দাবী কৰে বা কোনো বিষয়ত জাননী দিয়ে বিৰোধীক ক'বলৈ অনুমতি নিদিয়ে বুলিও তেওঁ অভিযোগ কৰে । তেওঁ ৫২ বছৰীয়া ৰাজহুৱা জীৱনত প্ৰথমবাৰৰ বাবে এনে ঘটনা ঘটিছে বুলিও খাৰ্গেয়ে অভিযোগ কৰে ।

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে, চৰকাৰে গণতন্ত্ৰৰ বিষয়ে বহুত কথা কয় কিন্তু এই বিষয়ত আলোচনা কৰিব নোৱাৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে প্ৰধান প্ৰত্যাহ্বান নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত ডিএমকেৰ নেতা টি আৰ বালুৱে দাবী কৰে যে, বিজেপি অস্থিৰ হৈ পৰিছে আৰু ভাৰত জোড়ো যাত্ৰাৰ পাছত ৰাহুল গান্ধীক ভয় কৰিবলৈ আৰম্ভ কৰিছে ।

চৰকাৰৰ আধিপত্যবাদী মনোভাৱৰ বাবেই তেওঁলোকে সদনত ব্যাঘাত জন্মাইছিল বুলিও তেওঁ অভিযোগ কৰে । নেতাগৰাকীয়ে কোৱা মতে প্ৰথমবাৰৰ বাবে ট্ৰেজাৰী বেঞ্চে কাৰ্যক্ৰম ব্যাহত কৰিছে । তেওঁ কয় যে, সকলো বিষয় আগবাঢ়ি গৈ আলোচনা কৰা হ'ব আৰু বিৰোধী দলসমূহ শক্তিশালী কৰা হ'ব ।

সংবাদমেলত বিআৰএছৰ সাংসদ কে কেশৱ ৰাৱে কয় যে, বিৰোধী দলবোৰৰ মাজত দূৰত্ব আৰু পাৰ্থক্য আছিল কিন্তু এতিয়া সকলোৱে একলগ হৈছে (BRS MP K Keshava Rao on oppositions unity)। বিৰোধী ইমান শক্তিশালী হৈ আছে যে তেওঁলোকক বিভাজন কৰাৰ সকলো প্ৰচেষ্টা বিফল হৈছে বুলিও তেওঁ দাবী কৰে ।

তেওঁ লগতে কয় যে, কাইলৈ কি হ'ব কোনেও নাজানে কিন্তু এতিয়া বিৰোধী কেনেকৈ একলগ হ'ব পাৰে তাৰ ওপৰত হে কাম কৰি থকা হৈছে । বিৰোধীদলৰ নেতৃত্ব সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাৱে কয় যে সদায় নেতৃত্বৰ বিষয়টোত আচ্ছন্ন হোৱাৰ প্ৰয়োজন নাই । এখন ৰাষ্ট্ৰ নিশ্চিতভাৱে এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত হ'ব, যাৰ নেতৃত্ব মতাদৰ্শ আৰু কাৰ্যসূচীৰ সংমিশ্ৰণৰ দ্বাৰা কৰা হ'ব । বিৰোধীয়ে যি কৰিবলৈ চেষ্টা কৰি আছে সেয়া হ'ল এনে ধৰণৰ কাৰ্যসূচী যাৰ জৰিয়তে সকলোৱে একেখন মঞ্চতে থাকিব পাৰে ।

অন্যতম বিৰোধী দল আম আদমি পাৰ্টীৰ নেতা সঞ্জয় সিঙে কয় যে, ৰাহুল গান্ধীৰ অযোগ্যতাৰ আঁৰৰ বাৰ্তাটো স্পষ্ট আছিল যে এজনে কেন্দ্ৰক আক্ৰমণ কৰিব পাৰে কিন্তু আদানিক নহয়, যাৰ বাবে চৰকাৰে কাম কৰি আছে ।

ইফালে খাৰ্গেয়ে কয় যে, ১৮ ৰ পৰা ১৯ টা বিৰোধী দলে আদানি বিষয়টো উত্থাপন কৰিছিল আৰু কেনেকৈ তেওঁৰ সম্পত্তি মাত্ৰ ২ ৰ পৰা ২.৫ বছৰৰ ভিতৰত ১২ লাখ কোটি টকালৈ বৃদ্ধি পাইছে । চৰকাৰে এই বিষয়ত যুটীয়া সংসদীয় সমিতিৰ তদন্তৰ ঘোষণা কৰাক লৈ কিয় আশংকা কৰিছে বুলিও তেওঁ প্ৰশ্ন কৰে ।

তেওঁ কয় যে, চৰকাৰে সংসদত আদানি বিষয়ত উত্তৰ দিয়া নাই আৰু তাৰ পৰিৱৰ্তে ইউকেত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মন্তব্যৰ বাবে তেওঁক ক্ষমা বিচাৰি মনোযোগ আকৰ্ষণ কৰিছে (Adani issue in Parliament)। আদানি গোচৰত স্বচ্ছতা নিশ্চিত কৰাৰ বাবে জেপিচি তদন্তৰ দাবী উত্থাপন কৰা হৈছিল কিয়নো বিৰোধী দলসমূহৰ সাংসদসকলে বিষয়টোৰ সৈতে সম্পৰ্কিত নথিপত্ৰসমূহ পৰীক্ষা কৰাৰ সুযোগ পালেহেতেন ।

খাৰ্গেৰ মতে চৰকাৰে জেপিচিৰ তদন্তৰ বাবে সন্মত হোৱা নাই কাৰণ "দাল মে কুছ কালা হে" আৰু তেওঁলোকৰ নিশ্চয় আদানিৰ সৈতে কিছু সম্পৰ্ক আছে । খাৰ্গেৰ মতে কংগ্ৰেছে ন্যায়, গণতন্ত্ৰ আৰু সংবিধানৰ বাবে যুঁজি আছে । ইফালে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লোকসভাৰ পৰা ৰাহুল গান্ধীৰ অযোগ্যতাৰ ওপৰত প্ৰশ্ন কৰাৰ ক্ষেত্ৰত সমৰ্থনৰ বাবে বিৰোধী দলসমূহক ধন্যবাদ জনায় ।

মল্লিকাৰ্জুন খাৰ্গেৰ মতে চৰকাৰৰ উদ্দেশ্য আছিল অধিৱেশনত ব্যাঘাত জন্মোৱা । চৰকাৰৰ এই মনোভাৱক তেওঁ গৰিহণা দিয়ে । খাৰ্গেৰ মতে কংগ্ৰেছৰ বিষয়বোৰ হৈছে দেশক বচাবলৈ আৰু দেশৰ ঐক্যৰ বাবে কাম কৰা ।

লগতে পঢ়ক : Ghulam Nabi Azad biography: বৰ্তমানৰ কংগ্ৰেছত জীয়াই থাকিবলৈ হ’লে নেতাসকল হ’ব লাগিব মেৰুদণ্ডহীন: আজাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.