নেশ্যনেল ডেস্ক, ২৬ অক্টোবৰ : ঘৰ শত্ৰু বিভীষণ ৷ ভাৰতৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰি আইনৰ ৰোষত পৰিল সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান । গুজৰাটৰ কচ্ছ সীমান্তত পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল জোৱানজনে । চোৰাংচোৱা সংস্থাৰ পৰা লাভ কৰা গোপন তথ্যৰ পাচতে গুজৰাটৰ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডে জোৱানজনক হাতে-লোটে কৰায়ত্ত কৰে । জানিব পৰা মতে, কাশ্মীৰী জোৱানজনে যোৱা সাত বছৰ ধৰি সীমান্ত সুৰক্ষা বাহিনী কাম কৰি আহিছিল ।
জোৱানজনে সীমান্ত সুৰক্ষা বাহিনীৰ গান্ধীধাম গোটত নিয়োজিত হৈ আছিল । ইয়াৰ পূৰ্বে কাশ্মীৰী জোৱানজন ত্ৰিপুৰাত কৰ্তব্যৰত হৈ আছিল আৰু তেতিয়াৰ পৰাই তেওঁ চোৰাংচোৱা সংস্থাৰ নিৰীক্ষণত আছিল । পিছত, কচ্ছ গান্ধীধামৰ ৭৪ সংখ্যক বেটালিয়নত নিয়োজিত হয় । জম্মু-কাশ্মীৰৰ ৰজৌৰী জিলাৰ বাসিন্দা জোৱানজনে দুমাহ পূৰ্বে আন জোৱানসকলৰ সৈতে কচ্ছৰ গান্ধীধামলৈ আহিছিল ।
তেতিয়াও তেওঁ চোৰাংচোৱা সংস্থাৰ নিৰীক্ষণত আছিল আৰু এই বিষয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডক অৱগত কৰা হৈছিল । অৱশেষত তেওঁ সন্ত্ৰাসবাদ বিৰোধী স্কোৱাডৰ জালত পৰে ।
লগতে পঢ়ক: পুলৱামা আক্ৰমণৰ শ্বহীদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ