ETV Bharat / bharat

Pakistani drone at Punjab : পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি বিএছএফৰ গুলীচালনা - BSF fires at Pakistani drone in Punjab

পুনৰ ভাৰতত প্ৰৱেশৰ চেষ্টা পাকিস্তানী ড্ৰোণৰ (Pakistani drone in Punjab border)। ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি বিএছএফৰ গুলীচালনা । আংশিকভাৱে ক্ষতিগ্ৰস্ত চীনত নিৰ্মিত ডিজেআই মেট্ৰিচ ড্ৰোণ উদ্ধাৰ ।

Pakistani drone at Punjab
পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি বিএছএফৰ গুলীচালনা
author img

By

Published : Feb 27, 2023, 5:55 PM IST

নেশ্যনেল ডেস্ক,২৭ ফেব্ৰুৱাৰী : ভাৰতৰ ভূমিত অনবৰতে নজৰ ৰখাৰ চেষ্টা পাকিস্তানৰ । ড্ৰোণৰ জৰিয়তে সীমান্ত অঞ্চল প্ৰায়ে নজৰত ৰাখে । কেৱল এয়াই নহয় ড্ৰোণৰ জৰিয়তে পাকিস্তানে বিভিন্ন ধৰণৰ নিষিদ্ধ সামগ্ৰীও সৰবৰাহ কৰা দেখা যায় (Pakistani drone in border area)। ইতিমধ্যে সীমান্ত অঞ্চলত বহু এনে ঘটনা সংঘটিত হৈছে ।

গাঞ্জা, ড্ৰাগছকে ধৰি বিভিন্ন নিচাজাতীয় দ্ৰব্য আৰু অস্ত্ৰ-শস্ত্ৰও সৰবৰাহৰ বাবে পাকিস্তানে ড্ৰোণৰ ব্যৱহাৰ কৰি আছে (Drugs smuggling through drone)। অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীৰ চোকা দৃষ্টিৰ বাবে প্ৰায়ে বিএছএফ বাহিনীয়ে পাকিস্তানী ড্ৰোণ ধ্বংস কৰে ।

পুনৰ ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ এখন ড্ৰোণ । দেওবাৰে নিশা পাঞ্জাৱৰ তৰ্ণ তৰণৰ সমীপত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে পাকিস্তানী ড্ৰোণখনে । অৱশ্যে সীমান্ত সুৰক্ষা বাহিনীয়ে ড্ৰোণখনক লক্ষ্য কৰি ২৩ ৰাউণ্ড গুলীচালনা কৰে (BSF fires at Pakistani drone in Punjab)। বিএছএফৰ গুলীচালনাৰ পাছত ড্ৰোণখন পাকিস্তানৰ ফালে ঘূৰি যাবলৈ বাধ্য হয় ।

জানিব পৰা মতে ড্ৰোণখন বিএছএফৰ ১০৩ বেটেলিয়নে তৰ্ণ তৰণ জিলাৰ সীমান্ত চহৰ খেমকৰণৰ ব'ৰ্ডাৰ আউট পোষ্টৰ ফালে প্ৰত্যক্ষ কৰিছিল । ড্ৰোণখন প্ৰত্যক্ষ কৰাৰ পাছৰে পৰা অঞ্চলটোত সীমান্ত সুৰক্ষা বাহিনীয়ে তীব্ৰ তালাচী আৰম্ভ কৰিছে । ড্ৰোণখন পাকিস্তানলৈ উভতি গৈছে যদিও ড্ৰোণখনে কোনো নিষিদ্ধ সামগ্ৰী পেলাই থৈ গৈছে নেকি সেয়া বিচাৰি উলিয়াবলৈ ইতিমধ্যে আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে তালাচী অভিযান চলাইছে ।

চৰকাৰী সূত্ৰৰ মতে দেওবাৰে পুৱতি নিশা বিএছএফৰ জোৱানসকলে অমৃতসৰৰ শ্বাহজাদা গাঁৱৰ সমীপত এখন পাকিস্তানী ড্ৰোণক লক্ষ্য কৰি গুলীচালনা কৰে । বিএছএফৰ জনসম্পৰ্ক বিষয়াই এক বিবৃতিত কয় যে সীমান্তত নিয়োজিত বিএছএফ জোৱানসকলে দেওবাৰে পুৱতি নিশা প্ৰায় ২.১১ বজাত অমৃতসৰৰ শ্বাহজাদা গাঁৱৰ সমীপত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ মুহূৰ্তত পাকিস্তানী ড্ৰোণখনৰ শব্দ শুনিছিল ।

ইফালে প্ৰাৰম্ভিক তালাচীৰ সময়ত, বিএছএফৰ জোৱানসকলে শ্বাহজাদা গাঁৱৰ ধুচী বান্ধৰ সমীপত আংশিকভাৱে ক্ষতিগ্ৰস্ত অৱস্থাত চীনত নিৰ্মিত ডিজেআই মেট্ৰিচ নামৰ এখন ড্ৰোণ উদ্ধাৰ কৰে (BSF shot down drone from Pakistan)। পাঞ্জাৱৰ ভাৰত-পাকিস্তান সীমান্তত শেহতীয়াকৈ আকাশী অনুপ্ৰৱেশ যথেষ্ট বৃদ্ধি পাইছে । ২০২২ চনত বিএছএফৰ জোৱানকসলে প্ৰায় ২৩০ টাকৈ এনেধৰণৰ অনুপ্ৰৱেশৰ ঘটনা দেখা গৈছিল । ২০২০ আৰু ২০২১ চনত এয়া ক্ৰমে ৭৯ আৰু ১০৯ টা আছিল ।

লগতে পঢ়ক :Kashmiri Pandit shot dead : পুনৰ কাশ্মীৰী পণ্ডিতক হত্যা, উত্তপ্ত পুলৱামা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.