ত্ৰিপুৰা, 23 এপ্ৰিল: দশকজোৰা এক সমস্যাৰ অৱসানৰ অন্তত অৱশেষত আকৌ হাঁহি ঘূৰি আহিছে ব্ৰু ৰিফিউজী সকলৰ জীৱনলৈ ৷ কিছুদিন পূৰ্বে ব্ৰু লোক সকলৰ সংস্থাপন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে উত্তৰ ত্ৰিপুৰা জিলাত স্থাপিত প্ৰায় 6 টাকৈ ৰিফিউজী কেম্পত জীৱন কটাবলৈ বাধ্য হোৱা প্ৰায় 30,000 হাজাৰৰো অধিক ব্ৰু ৰিফিউজীৰ মুখত এতিয়া হাঁহি বিৰিঙি উঠিছে ৷
ব্ৰু সকলৰ এগৰাকী নেতা তথা মুখপাত্ৰ ব্ৰুন' মেচ'ৰ মতে পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত প্ৰায় 1600 ব্ৰু পৰিয়ালক ত্ৰিপুৰাৰ ধলাই আৰু উত্তৰ ত্ৰিপুৰা জিলাত স্থায়ীভাৱে সংস্থাপিত কৰা হ'ব ৷ মেচ'ই জানিবলৈ দিয়া মতে, প্ৰথম পৰ্যায়ত আম্বাছা, লঙথৰাই আৰু পানীসাগৰ মহকুমাৰ অধীনত মুঠ চাৰি ঠাইত 1600 ব্ৰু পৰিয়ালক সংস্থাপিত কৰা হ'ব ৷ প্ৰত্যেকটো পৰিয়ালেই চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি সকলো সা-সুবিধা লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে ৷
![bru families to get settlement in tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-bru_22042021225357_2204f_1619112237_155.jpeg)
এই পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ অংশ হিছাপে ধলাই জিলাৰ বিভিন্ন প্ৰান্তত মুঠ 426 টা ব্ৰু পৰিয়ালক স্থানান্তৰ কৰা হৈছে ৷ তেওঁলোকে কোনো ধৰণৰ অসুবিধা অনুভৱ নকৰে সেই উদ্দেশ্যে পৰিয়াল সমূহক সৰু সৰু গোটত ভাগ কৰি সংস্থাপিত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷
এই সমগ্ৰ প্ৰক্ৰিয়াক লৈ সুখী অনুভৱ কৰিলেও মেচ'ই এই ক্ষেত্ৰত কিছুমান ভূল আঙুলিয়াই দি অতি শীঘ্ৰে এই সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে ৷ সমগ্ৰ প্ৰক্ৰিয়া মসৃন গতিত গৈ আছে যদিও কিছুমান প্ৰত্যাহ্বানৰ বাবে চৰকাৰৰ মনোযোগৰ খুবেই প্ৰয়োজন বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে, বহু লোক ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে, কোনো কোনো বিধৱা হৈছে আৰু কাৰোবাৰ বিচ্ছেদো ঘটিছে ৷
![bru families to get settlement in tripura](https://etvbharatimages.akamaized.net/etvbharat/prod-images/tripura-bru_22042021225357_2204f_1619112237_521.jpeg)
এনে ক্ষেত্ৰত পৰিয়াল সমূহৰ গঠন কিছু পৰিমাণে সাল-সলনি ঘটিছে ৷ কিন্তু এইক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ বিধৱা হোৱাৰ পাচত বা বিচ্ছেদৰ পাচত ভোক্তভোগী গৰাকী নিজেই এটা ক্ষুদ্ৰ পৰিয়াললৈ ৰূপান্তৰিত হয় ৷ এনে ক্ষেত্ৰত ভোক্তভোগী গৰাকীক এটা পৰিয়াল হিছাপে বিবেচনা কৰা উচিত ৷ কিন্তু সমগ্ৰ প্ৰক্ৰিয়াটোৱে এতিয়া শেষ হোৱাৰ সময়ত অন্তৰ্ভুক্তিৰ বিষয়টো প্ৰায় অসম্ভৱ ৷ কোনো কোনো ঠাইত নিৰ্ধাৰিত ঠাইত সংস্থাপন প্ৰদান নকৰাৰ লগতে কোনো খালী ঠাই নৰখাকৈ ঘৰ সমূহৰ নিৰ্মাণ কৰা হৈছে বুলিও মেচ'ই অভিযোগ উত্থাপন কৰে ৷
উল্লেখ্য যে, এই স্থায়ী সংস্থাপন হৈছে বিগত বৰ্ষৰ 16 জানুৱাৰীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ত্ৰিপুৰা চৰকাৰ, মিজোৰাম চৰকাৰ , গৃহ মন্ত্ৰণালয় আৰু ব্ৰু ৰিফিউজী সকলৰ প্ৰতিনিধিবৰ্গৰ মাজত স্বাক্ষৰ হোৱা ঐতিহাসিক চুক্তিৰ এক ফলাফল ৷
লগতে পঢ়ক: ব্ৰু ৰিভলিউশ্যনাৰী আৰ্মি ইউনিয়নৰ কেডাৰৰ অস্ত্ৰ সমৰ্পণ