ETV Bharat / bharat

BRS MP attacked : তেলেংগানাত বিআৰএছ সাংসদক ছুৰীকাঘাত - Telangana election

ইউটিউব চেনেলৰ সাংবাদিকে ছুৰীৰে আক্ৰমণ কৰে সাংসদ প্ৰভাকৰ ৰেড্ডীক । গুৰুতৰভাৱে আহত সাংসদগৰাকীক চেকেন্দ্ৰাবাদ যশোদা চিকিৎসালয়ত ভৰ্তি । ঘটনাৰ আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ বিআৰএছৰ ।

BRS MP attacked
তেলেংগানাত বিআৰএছ সাংসদক ছুৰীকাঘাত
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 5:38 PM IST

নেশ্যনেল ডেস্ক,৩০ অক্টোবৰ : সমাগত তেলেংগানাৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত বিআৰএছ সাংসদ তথা ডুবকাৰ প্ৰাৰ্থী কোটা প্ৰভাকৰ ৰেড্ডীক আক্ৰমণ । এজন লোকে ছুৰীৰে আক্ৰমণ কৰে বিআৰএছ নেতাগৰাকীক । চিদ্দিপেট জিলাৰ দল্টাবাদ মণ্ডলৰ চুৰামপল্লীত সংঘটিত হয় এই ঘটনা । উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে প্ৰভাকৰ ৰেড্ডীয়ে সুৰাম্পল্লিত ঘৰে ঘৰে প্ৰচাৰ চলাই আছিল । সেই সময়তে সাংসদগৰাকীক এজন লোকে আক্ৰমণ কৰে । এই আক্ৰমণত সাংসদগৰাকীয়ে পেটৰ ওপৰভাগত আঘাত পায় ।

নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে দত্তনী ৰাজু নামৰ এজন লোকে তেওঁক ছুৰীৰে আক্ৰমণ কৰে । দলীয় কৰ্মীসকলে লগে লগে আঘাতপ্ৰাপ্ত সাংসদগৰাকীক এখন বাহনেৰে গজৱেল চিকিৎসালয়লৈ প্ৰেৰণ কৰে । অভিযুক্ত দত্তনী ৰাজু মিৰুডোডি মণ্ডলৰ পেড্ডপেয়ালা গাঁৱৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে । খবৰ অনুসৰি তেওঁ এটা ইউটিউব চেনেলৰ সাংবাদিক । ইফালে সাংসদগৰাকীক আক্ৰমণ কৰাৰ পাছতে ৰাজুক বিআৰএছ কৰ্মীসকলে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধায় । পাছত অভিযুক্ত ৰাজুক আৰক্ষীক গতাই দিয়া হয় ।

প্ৰভাকৰ ৰেড্ডীক প্ৰথমে গজৱেলৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে হায়দৰাবাদলৈ স্থানান্তৰ কৰা হয় । ইফালে এই খবৰ পোৱাৰ পাছতে মন্ত্ৰী হৰিশ ৰাৱে গজৱেল চিকিৎসালয়ত উপস্থিত হয় । মন্ত্ৰীগৰাকীয়ে ফোনযোগে চিকিৎসক আৰু পৰিয়ালৰ সদস্যসকলৰ পৰা সাংসদৰ স্বাস্থ্যৰ বুজ লয় । প্ৰভাকৰ ৰেড্ডী বৰ্তমান চেকেন্দ্ৰাবাদ যশোদা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে এই ঘটনাৰ আঁৰত বিজেপি জড়িত থকাৰ অভিযোগ কৰিছে বিআৰএছ কৰ্মীসকলে । এই আক্ৰমণ বিজেপিৰ বৰ্তমানৰ বিধায়ক ৰঘুনন্দন ৰেড্ডীৰ ষড়যন্ত্ৰ বুলি অভিযোগ কৰিছে বিআৰএছ দলৰ কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Maratha quota protest : মহাৰাষ্ট্ৰত এনচিপিৰ বিধায়কৰ বাসগৃহত প্ৰতিবাদকাৰীৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.