নেশ্যনেল ডেস্ক,12 নৱেম্বৰ: এক চৰকাৰী বিবৃতি মতে,বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ কামুৰ পৰা 72 কিলোগ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰে ৷ যাৰ বজাৰ মূল্য প্ৰায় 287 কোটি টকা ৷ আসাম ৰাইফলচ্ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত এই বৃহত পৰিমানৰ ব্ৰাউন চুগাৰখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ যোৱাৰ বাবে কামুত লুকাই থৈছিল এই ব্ৰাউন চুগাৰ খিনি ৷
এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত ১০ আৰু১১ নৱেম্বৰৰ মাজনিশা অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে একাধিক জোৱান লৈ তদন্ত আৰম্ভ কৰিছিল। অতি দুৰ্গম আৰু অন্ধকাৰ অঞ্চলৰ এটা শৌচাগাৰত ব্ৰাউন চুগাৰ থকা তিনিটা বেগ উদ্ধাৰ কৰা হৈছিল । উদ্ধাৰ কৰা ব্ৰাউন চুগাৰ খিনিৰ বজাৰ মূল্য 287 কোটি টকাৰ অধিক বুলি বিবৃতিটোত কোৱা হৈছে । বিষয় সন্দৰ্ভত বৰ্তমানেও তদন্ত চলি আছে ।
লগতে পঢ়ক: ডিচেম্বৰ মাহত প্ৰকাশ পাব চনু সুদৰ গ্ৰন্থ "I Am No Messiah"