ETV Bharat / bharat

Partition of India: 75 বছৰৰ পিচত ভাৰত বিভাজনৰ সময়ত বিচ্ছিন্ন হোৱা ভাতৃ-ভগ্নীৰ মিলন - Separatred after partition siblings reunite

1947 ভাৰত বিভাজনৰ সময়ৰ পৰিৱেশ আছিল অতি অবৰ্ণনীয় ৷ নিশাটোৰ ভিতৰতে হাজাৰ লোক নিজ পৰিয়ালৰ পৰা হৈ পৰিছিল বিচ্ছিন্ন ৷ লগতে বৃহৎ সংখ্য়ক লোকে অনিচ্ছা স্বত্বেও হৈ পৰিছিল পাকিস্তানৰ নাগৰিক ৷ সেই বিভাজনৰ সময়ত বিচ্ছিন্ন হোৱা দুই ভাতৃ-ভগ্নীৰ মিলন হ’ল সুদীৰ্ঘ 75 বছৰৰ পাচত ৷

Partition of India
Partition of India
author img

By

Published : May 24, 2023, 10:57 PM IST

নিউজ ডেস্ক, 24 মে’: 1947 চনৰ ভাৰত বিভাজনৰ সময়ত নিজ ভাতৃৰ পৰা পৃথক হোৱা এগৰাকী অশীতিপৰ মহিলাই অৱেশষত 75 বছৰৰ পাচত লগ পালে তেওঁৰ ভাতৃক ৷ পাকিস্তান অধিকৃত পঞ্জাবৰ গুৰুদ্বাৰ দৰবাৰ চাহিব ভ্ৰমণ কৰিবলৈ ভাৰতীয়সকলক সুবিধা প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিটত সম্ভৱ হৈ পৰে এই সাক্ষাৎ (Brother Sister reunited after 75 years)৷

কেৱল এই মহিলগৰাকীয়েই নহয়, আন বহু কেইগৰাকী লোকে বিভাজনৰ সময়ত বিচ্ছিন্ন হোৱা নিজৰ আত্মীয়সকলক সাক্ষাৎ কৰাৰ সুযোগ লাভ কৰে ৷ পাকিস্তানৰ গুৰুদ্বাৰা শ্ৰী কৰতাৰপুৰ চাহিবত সাত দশকৰ পাচত নিজ পৰিয়ালৰ সৈতে হোৱা এই মিলনৰ মুহূৰ্ত আছিল অতি আৱেগিক ৷

উল্লেখ্য যে, 81 বছৰীয়া মহিন্দৰ কৌৰে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কৰতাৰপুৰ কৰিডৰ হৈ গুৰুদ্বাৰ শ্ৰী কৰতাৰপুৰ চাহিবলৈ গৈছিল ৷ একে সময়তে, তেওঁৰ 78 বছৰীয়া ভাতৃ শ্বেখ আব্দুল্লা আজিজ পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা তেওঁৰ পৰিয়ালৰ সৈতে কৰতাৰপুৰ চাহিবলৈ আহিছিল ৷ কাকতালীয়ভাৱে এই সময়ছোৱাতে সুদীৰ্ঘ 75 বছৰৰ পাচত মিলন হয় ভাতৃ-ভগ্নীৰ ৷ এই মিলন আছিল অতি আৱেগিক (Kartapur Corrridor helps reunite siblings) ৷

স্মৰ্তব্য যে 1947 চনত ভাৰত আৰু পাকিস্তান বিভাজনৰ পূৰ্বে দুয়ো আছিল ভাৰতৰ নিবাসী ৷ কিন্তু বিভাজনৰ সময়ত শ্বেখ আব্দুল্লা আজিজ পাকিস্তান অধিকৃত কাশ্মীৰৰ নিবাসী হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ লগতে তেওঁ পৰিয়ালৰ বাকী সদস্য পঞ্জাবতে থাকি যায় ৷

আজিজে কয় যে, তেওঁ তেওঁৰ পৰিয়ালৰ পৰা পৃথক হৈ পৰিছিল আৰু পৰিয়ালৰ লোকসকলক লগ পোৱাৰ বাবে অত্যন্ত উৎসুক হৈ আছিল ৷ বহুবাৰ পঞ্জাবত থকা পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল ৷ উল্লেখ্য যে, সামাজিক মাধ্যমৰ এটা প’ষ্টে নিজ পৰিয়ালৰ পৰা ভাৰত বিভাজনৰ সময়ত পৃথক হৈ পৰা ভাতৃ-ভগ্নীক মিলিত হোৱাত সহায় কৰিছিল (Siblings reunited after 75 years) ৷

ভাৰত বিভাজনৰ সময়ত পঞ্জাৱৰ পৰা পৃথক হৈ পাকিস্তান অধিকৃত কাশ্মীৰত এজন লোক বাস কৰাৰ কথা সামাজিক মাধ্যমত উল্লেখ কৰা হৈছিল ৷ এই প’ষ্টটোৰ পৰাই মহিন্দৰ কৌৰ আৰু আজিজ আজাদ ভাতৃ-ভগ্নী বুলি স্পষ্ট হয় (Separatred after partition siblings reunite) ৷

উল্লেখ কৰা প্ৰয়োজন যে কৰতাৰপুৰ কৰিডৰে পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ গুৰুদ্বাৰ দৰবাৰ চাহিবক ভাৰতৰ পঞ্জাবৰ গুৰদাসপুৰ জিলাৰ ডেৰা বাবা নানক মন্দিৰৰ সৈতে সংযোগ কৰিছে ৷ ই হৈছে শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানকৰ অন্তিম বিশ্ৰামস্থলী ৷ 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰটোৱে ভাৰতীয় শিখ তীৰ্থযাত্ৰীসকলক দৰবাৰ চাহিব ভ্ৰমণৰ বাবে ভিছা বিহীনভাৱে প্ৰৱেশৰ সুবিধা প্ৰদান কৰে ৷

লগতে পঢ়ক: Rahul Gandhis Diplomatic Passport Issue: ৰাহুল গান্ধীৰ কূটনৈতিক পাছপোৰ্ট আবেদনৰ বিৰোধিতা সুব্ৰমণিয়াম স্বামীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.