ETV Bharat / bharat

ভাৰত-চীনৰ সীমান্ত বিবাদক লৈ সংসদ কঁপাব বিৰোধীয়ে - নৰেন্দ্ৰ মোডী

ভাৰত-চীন সীমান্ত বিবাদক লৈ সদনত উত্তেজনা বৃদ্ধি পোৱাৰ আশংকা বিভিন্নজনৰ । বিৰোধীয়ে এই বিষয়কলৈ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰো সম্ভাৱনা আছে ।

Border dispute with China to rock Parliament
চীনৰ সৈতে সীমান্ত বিবাদকলৈ সংসদ কঁপাব বিৰোধীয়ে
author img

By

Published : Jul 17, 2021, 8:54 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুলাই : ১৯ জুলাইৰ পৰা আৰম্ভ হ'ব কেন্দ্ৰীয় চৰকাৰৰ বৰ্ষাকালীন অধিৱেশন (monsoon session of Parliament) । এই অধিৱেশনত কি কি বিষয়ে স্থান পাব তাক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে । বাকী বিষয়বোৰৰ উপৰিও ভাৰত-চীন সীমান্ত বিবাদক লৈ (Indo-china clash) সদনত উত্তেজনা বৃদ্ধি পোৱাৰো আশংকা কৰিছে বিভিন্নজনে । বিৰোধীয়ে এই বিষয়ক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰো সম্ভাৱনা আছে ।

এই কথাৰ উমান পোৱাৰ পাচতেই দুগৰাকী প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী ক্ৰমে এ কে এণ্টনী (A.K. Antony) আৰু শৰদ পাৱাৰক (Sharad Pawar) শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সাক্ষাৎ কৰিছে বুলি একাংশই মন্তব্য কৰিছে ৷ বৈঠকত চীফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট (CDS General Bipin Rawat) আৰু ভাৰতীয় সেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰৱানেও (Manoj Mukund Naravane) উপস্থিত আছিল । চীনৰ সৈতে চলি থকা ডি-এস্কেলেচন আলোচনাৰ মাজতে সিঙে তেওঁলোকক সাক্ষাৎ কৰে ।

ইফালে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী(Sonia Gandhi)ৰ নেতৃত্বত সংসদৰ ৰণনীতি বৈঠকত সংসদৰ আগন্তুক অধিৱেশনত কংগ্ৰেছে চীনৰ সৈতে ভাৰতৰ সীমান্ত সমস্যা উত্থাপন কৰাৰ সিদ্ধান্ত লৈছিল । উল্লেখ্য যে, অধিৱেশনখন ১৯ জুলাইৰ পৰা ১৩ আগষ্টলৈ চলিব বুলি আশা কৰা হৈছে । ইয়াৰ মাজতে চীনাসকলে ৬ জুলাইত তিব্বতীয় আধ্যাত্মিক নেতা দালাই লামাৰ জন্মদিন উদযাপনৰ সময়ত ডেমচোকৰ নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত বেনাৰ প্ৰদৰ্শন কৰিছিল ।

চীনা পিপলছ লিবাৰেচন আৰ্মী আৰু অসামৰিক লোকসকল লাডাখৰ ডেমচোক অঞ্চলৰ চিণ্ডু নদীৰ সিপাৰে আছিল । ভাৰতৰ ফালৰ গাওঁবাসীয়ে দালাই লামাৰ জন্মদিন উদযাপন কৰি থকা সময়তে চীনাসকলে প্ৰতিবাদস্বৰূপে তেওঁলোকৰ পতাকা উৰুৱাইছিল । তেওঁলোকে পাঁচখন বাহনত আহিছিল আৰু বেনাৰৰ লগতে পতাকা প্ৰদৰ্শন কৰিছিল ।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দালাই লামাক তেওঁৰ ৮৬ তম জন্মদিন উপলক্ষে শুভেচ্ছা জনাইছিল । প্ৰথমবাৰৰ বাবে মোডীয়ে আনুষ্ঠানিকভাৱে কৈছিল যে, তেওঁ দালাই লামাৰ সৈতে কথা পাতিছিল । ইয়াৰ মাজতো চীন-ভাৰতৰ মাজত সীমান্ত বিবাদকলৈ আলোচনা সমাপ্ত হোৱা নাই । প্ৰাপ্ত তথ্য অনুসৰি, চীনৰ ওপৰত দৃষ্টি ৰখাৰ উদ্দেশ্যে ভাৰতে প্ৰায় ৫০ হাজাৰ সৈন্য সীমান্ত অঞ্চলত নিয়োগ কৰিছে ৷

লগতে পঢ়ক :ভাৰতীয় সাংবাদিক ডানিছ চিদ্দিকীৰ মৃত্যুত শোক প্ৰকাশ আমেৰিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.