ETV Bharat / bharat

নিৰ্বাচনৰ মাজতে পশ্চিমবংগত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ - নিৰ্বাচনৰ মাজতে পশ্চিমবংগত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

পশ্চিমবংগত পঞ্চম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভাটপাৰাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে বোমা, গান পাউডাৰ, বোমা নিৰ্মাণৰ সঁজুলি আৰু গুলী । সমষ্টিটোত ২২ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷

নিৰ্বাচনৰ মাজতে পশ্চিমবংগত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

author img

By

Published : Apr 11, 2021, 8:10 PM IST

নেশ্যনেল ডেস্ক,১১ এপ্ৰিল: বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে পশ্চিমবংগ । ইতিমধ্যে ৰাজ্যখনত সংঘটিত কেইবাটাও ঘটনাই দেশজুৰি চৰ্চা লাভ কৰিছে । ইয়াৰ মাজতে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ভাটপাৰাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ । ভাটপাৰাৰ মদ্ৰাল জয়চন্দিতালা অঞ্চলত আৰক্ষীয়ে বোমা, বোমা নিৰ্মাণৰ সঁজুলি, গান পাউডাৰ আৰু গুলী উদ্ধাৰ কৰে ।

নিৰ্বাচন আয়োগে নিৰ্বাচনৰ লগত সংগতি সমগ্ৰ ৰাজ্যতে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । ইফালে উত্তৰ ২৪ পৰগনাৰ ভাটপাৰা সমষ্টিত ২২ এপ্ৰিলত ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

আনহাতে, কোচবিহাৰত দুটা পৃথক ঘটনাত কমেও পাঁচজন লোক নিহত হৈছিল ৷ যাৰ পিছত ১২৬ নং ভোটকেন্দ্ৰত ভোটগ্ৰহণ স্থগিত ৰখা হৈছিল । মুঠতে নিৰ্বাচনক কেন্দ্ৰ কৰি একপ্ৰকাৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে পশ্চিমবংগত ।

লগতে পঢ়ক: জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত নিহত এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.