ETV Bharat / bharat

Bombay HC on Naresh Goyal ED case : জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলৰ বিৰুদ্ধে ইডিৰ গোচৰ খাৰিজ

author img

By

Published : Feb 23, 2023, 9:31 PM IST

বোম্বাই উচ্চ ন্যায়ালয়ে নৰেশ গোৱেল আৰু তেওঁৰ পত্নী অনিতা গোৱেলৰ বিৰুদ্ধে থকা ধন আত্মসাৎ গোচৰ খাৰিজ কৰে (Bombay HC quashes case against Naresh Goyal)। এনফ'ৰ্চমেণ্ট কেছ ইনফৰ্মেচন ৰিপ'ৰ্ট খাৰিজ কৰাৰ লগতে এই গোচৰ অবৈধ ঘোষণা আদালতৰ । ২০২০ চনৰ ২০ ফেব্ৰুৱাৰীত ইডিয়ে দাখিল কৰিছিল এই গোচৰ ।

Bombay HC on Naresh Goyal ED case
নৰেশ গোৱেলৰ বিৰুদ্ধে ইডিৰ গোচৰ অবৈধ

নেশ্যনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী : অৱশেষত স্বস্তিৰ নিশ্বাস পেলালে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলে । বোম্বাই উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেল আৰু তেওঁৰ পত্নী অনিতা গোৱেলৰ বিৰুদ্ধে এক কথিত ধন আত্মসাতৰ গোচৰত এনফ'ৰ্চমেণ্ট ডিৰেক্টৰৰ দ্বাৰা চলি থকা তদন্ত খাৰিজ কৰে (Bombay HC quashes case against Naresh Goyal)।

ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে আৰু ন্যায়াধীশ পিকে চৱনৰ এটা খণ্ড বিচাৰপীঠে ২০২০ চনৰ ২০ ফেব্ৰুৱাৰীত ইডিয়ে দাখিল কৰা এনফৰ্চমেণ্ট কেছ ইনফৰ্মেচন ৰিপ'ৰ্ট (ECIR) বাতিল কৰে । আনহাতে গোচৰটো অবৈধ বুলি ঘোষণা কৰে (ED ECIR against Jet airways Naresh Goyal)।

নৰেশ গোৱেল আৰু তেওঁৰ পত্নী অনিতা গোৱেলৰ ইচিআইআৰ বাতিলৰ বাবে আবেদন কৰাৰ পাছতে খণ্ড বিচাৰপীঠে গোচৰটো বাতিল কৰে (ECIR against Naresh Goyal and wife)। মুম্বাই আৰক্ষীৰ দ্বাৰা দাখিল কৰা এজাহাৰৰ ভিত্তিত গোৱেল দম্পতীক ইচিআইআৰৰ অধীনত ইডিয়ে গোচৰ ৰুজু কৰিছিল । আকবৰ ট্ৰেভেলছৰ অভিযোগৰ পাছত মুম্বাই আৰক্ষীয়ে নৰেশ গোৱেল আৰু অনিতা গোৱেলৰ বিৰুদ্ধে প্ৰৱঞ্চনা, অপৰাধমূলক ষড়যন্ত্ৰ আৰু আইপিচিৰ জালিয়াতিৰ অভিযোগত গোচৰ ৰুজু কৰিছিল ।

আকবৰ ট্ৰেভেলছ অৱ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য বিত্তীয় বিষয়া ৰাজেন্দ্ৰন নেৰুপাৰামবিলে জেট এয়াৰৱেজৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল । আৰক্ষীৰ ওচৰত দিয়া অভিযোগত আকবৰ ট্ৰেভেলছে দাবী কৰিছিল যে, ২০১৮ চনৰ অক্টোবৰত জেট এয়াৰৱেজে বিমান পৰিচালনা বাতিল কৰাৰ পাছত তেওঁলোক ৪৬ কোটি টকাৰ অধিক লোকচানৰ সন্মুখীন হৈছিল (Akbar travels Jet airways controversy)। অৱশ্যে, আৰক্ষীয়ে ২০২০ চনৰ মাৰ্চ মাহত গোচৰটোৰ সমাপ্তি প্ৰতিবেদন দাখিল কৰিছিল আৰু গোৱেল দম্পতীক সকাহ দিছিল ।

মুম্বাই আৰক্ষীয়ে এক প্ৰতিবেদনত কৈছিল যে তেওঁলোকে অপৰাধজনিত অভিযোগত কোনো প্ৰমাণ পোৱা নাই । প্ৰতিবেদনখন পাছত মেট্ৰ'পলিটান মেজিষ্ট্ৰেট আদালত আৰু উচ্চতম ন্যায়ালয়ে অব্যাহত ৰাখিছিল । আদালতৰ আদেশৰ বিৰুদ্ধে ইডিৰ প্ৰতিবাদৰ মাজতে গোৱেল দম্পতীয়ে ইচিআইআৰ বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰে । উল্লেখ্য যে, জেট এয়াৰৱেজে বিমান পৰিচালনা বন্ধ কৰাৰ পাছত প্ৰায় ৮,৫০০ কোটি টকাৰ ঋণ সংগ্ৰহ কৰিছিল ।

এসময়ত দেশত জেট এয়াৰৱেজৰ বিমানসেৱাই এক বিশেষ স্থান দখল কৰিছিল । কিন্তু আৰ্থিক সংকটৰ অজুহাতত কোম্পানীটোৱে বিমান সেৱা বন্ধ কৰিবলগীয়া হয় । অৱশ্যে ইয়াক লৈ কৰ্মচাৰীসকলে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছিল । ৰাজনৈতিক মহলতো এই বিষয়টোৱে স্থান লাভ কৰিছিল ।

লগতে পঢ়ক :Pawan khera got interim bail: কংগ্ৰেছ নেতা পৱন খেৰাৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.