ETV Bharat / bharat

Shah Rukh Khan extortion case : ২৩ জুনলৈ ৱানখেড়েক সুৰক্ষা প্ৰদান আদালতৰ - Shah Rukh Khan

অভিনেতা শ্বাহৰুখ খানক ২৫ কোটি টকা উৎকোচ দাবী কৰাৰ অভিযোগ আছে এনচিবিৰ প্ৰাক্তন জোনেল সঞ্চালক সমীৰ ৱানখেড়েৰ বিৰুদ্ধে (HC extends protection to Wankhede till June 23)। ৱানখেড়েৰ অন্তৱৰ্তীকালীন সুৰক্ষা ২৩ জুনলৈ বৃদ্ধি কৰিছে ।

Shah Rukh Khan extortion case
২৩ জুনলৈ ৱানখেড়েক সুৰক্ষা প্ৰদান আদালতৰ
author img

By

Published : Jun 8, 2023, 5:35 PM IST

নেশ্যনেল ডেস্ক,৮ জুন : নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰ'ৰ মুম্বাইৰ প্ৰাক্তন জোনেল সঞ্চালক সমীৰ ৱানখেড়েৰ গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা ২৩ জুনলৈ বৃদ্ধি কৰিছে (HC extends protection to Wankhede till June 23)। বোম্বাই উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে তেওঁৰ বিৰুদ্ধে চিবিআই গোচৰৰ বিৰুদ্ধে কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে ।

ন্যায়াধীশ এ এছ গাডকাৰী আৰু এছ জি ডিগেক লৈ গঠিত এক খণ্ড বিচাৰপীঠে গোচৰটো শুনানি গ্ৰহণ কৰে । ৱানখেড়েৰ অধিবক্তা আবাদ পণ্ডাই খণ্ড বিচাৰপীঠক জনাই যে ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৱানখেড়েই পূৰ্বে আদালতৰ নিৰ্দেশ অনুসৰি জেৰাৰ বাবে চিবিআইৰ সন্মুখত হাজিৰ হৈছে । এতিয়ালৈকে, ৱানখেড়েই জেৰাৰ বাবে চিবিআইৰ সন্মুখত ৭ বাৰ হাজিৰ হৈছে আৰু সহযোগিতা কৰি আহিছে ।

চিবিআইৰ অধিবক্তা কুলদীপ পাটিলে যুক্তি দিয়ে যে গোচৰটোৰ তদন্ত এক গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে আৰু আইআৰএছ বিষয়াৰ কাৰ্যক্ৰম বাতিল কৰাৰ আবেদন বজাই ৰাখিব পৰা নাযায় । দুয়োপক্ষৰ শুনানিৰ পাছত বিচাৰপীঠে ২৩ জুনত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে আৰু অন্তৱৰ্তীকালীন সকাহ বৃদ্ধি কৰে ।

ৱানখেড়েই আদালতক তেওঁ বিৰুদ্ধে উত্থাপিত ধন দাবী আৰু উৎকোচৰ চিবিআই গোচৰৰ প্ৰক্ৰিয়া বাতিল কৰিবলৈ অনুৰোধ জনাইছে । চিবিআইৰ গোচৰটো হ'ল যে ৱানখেড়ে আৰু আন অভিযুক্তসকলে শ্বাহৰুখ খানৰ পৰা ২৫ কোটি টকা উৎকোচ দাবী কৰিছিল (Shah Rukh Khan extortion case)। বলীউডৰ চুপাৰষ্টাৰগৰাকীৰ পুত্ৰ আৰিয়ান খানক মুকলি কৰাৰ বাবে এই ধন দাবী কৰিছিল এনচিবি বিষয়াই । আৰিয়ান খানক এখন বিলাসী ক্ৰুজত ড্ৰাগছ জব্দ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ।

ৱানখেড়েই যোৱা মাহত গোচৰটো বাতিল কৰিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল আৰু যিকোনো বলপূৰ্বক পদক্ষেপৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা বিচাৰিছিল । উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে তেতিয়া ৮ জুনলৈকে ৱানখেড়েক গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল আৰু তেওঁক তদন্তত সহযোগ কৰিবলৈ নিৰ্দেশ দিছিল । চিবিআইয়ে যোৱা সপ্তাহত দাখিল কৰা শপতনামাত অন্তৱৰ্তীকালীন সুৰক্ষা পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছিল ।

উল্লেখ্য যে ৱানখেড়ে আৰু গোচৰটোৰ আন অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু উৎকোচ সম্পৰ্কীয় দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰাৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধন দাবীৰ ভাবুকিৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে ।

২০২১ চনৰ অক্টোবৰত মুম্বাইৰ কৰ্ডেলিয়া ক্ৰুজ ড্ৰাগছ গোচৰত আৰিয়ান খান আৰু আন কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছিল (Cordelia luxury cruise drug bust case)। পাছত, তিনি সপ্তাহ কাৰাগাৰত কটোৱাৰ পাছত আৰিয়ান খানক উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে । এনচিবিয়ে পৰৱৰ্তী সময়ত অভিযোগনামা দাখিল কৰে, কিন্তু প্ৰমাণৰ অভাৱৰ কথা উল্লেখ কৰি গোচৰটোত আৰিয়ানৰ নাম অভিযুক্ত হিচাপে উল্লেখ কৰা নাছিল ।

লগতে পঢ়ক :Wrestler protest against WFI Chief : ক্ৰীড়া মন্ত্ৰীৰ নিৰ্দেশত ক্ষিপ্ৰতৰ আৰক্ষীৰ তদন্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.