নেশ্যনেল ডেস্ক,১৭ ছেপ্টেম্বৰ : পশ্চিমবংগৰ তিতাগড়ত ভয়ংকৰ ঘটনা । পাঠদান চলি থকাৰ মাজতে বিদ্যালয়ত বোমা বিস্ফোৰণৰ ঘটনা (West Bengal school bomb blast)। লগে লগে বিদ্যালয়খনৰ শিক্ষাৰ্থী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি (West Bengal school bomb scare)।
এই ঘটনা শনিবাৰৰ । তিতাগড় ষ্টেচনৰ সমীপৰ ফ্ৰী ইণ্ডিয়া হাইস্কুলত পুৱা প্ৰায় ১২ মান বজাত এই বোমা বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয় । বিদ্যালয় ভৱনৰ চাদৰ ওপৰত প্ৰচণ্ড শব্দৰে বোমা বিস্ফোৰণটো সংঘটিত হয় । যাৰ ফলত চাদৰ এটা অংশ ভাঙি যায় ।
এই ঘটনাৰ পাছতে বিদ্যালয়খনত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । ঘটনাটোৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষী থানাৰ এক বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । অৱশ্যে ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীয়ে উল্লেখ কৰা মতে বোমাটো তাত পূৰ্বেৰ পৰা আছিল নে কোনো দুষ্টচক্ৰই নিক্ষেপ কৰিছিল সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । প্ৰয়োজন হ'লে ফৰেনচিক বিশেষজ্ঞৰো পৰামৰ্শ লোৱা হ'ব বুলি আৰক্ষীয়ে উল্লেখ কৰে । এই ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ।
লগতে পঢ়ক :হিজাব পৰিধান নকৰাৰ অভিযোগ: আৰক্ষীৰ জিম্মাত মৃত্যু 22 বছৰীয়া যুৱতীৰ