ETV Bharat / bharat

উইংছ ইণ্ডিয়া এয়াৰ শ্ব'; প্ৰথমবাৰৰ বাবে দেশলৈ আহিব ব'য়িং 777-9 বিমান

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 2:30 PM IST

Boeing 777 9 Aircraft : ব'য়িং ৭৭৭-৯ জেট বিমান হৈছে বৰ্তমান উপলব্ধ আটাইতকৈ ডাঙৰ, আটাইতকৈ ইন্ধন-দক্ষ দ্বৈত-ইঞ্জিনৰ ব'য়িং জেট । এয়াৰ ইণ্ডিয়াই যোৱা বছৰ ব'য়িং 777-9 জেটৰ বাবে অৰ্ডাৰ প্ৰদান কৰিছিল । সোনকালেই এই শ্ৰেণীৰ ১০ খন বিমান এয়াৰ ইণ্ডিয়াৰ হাতলৈ আহিব ।

প্ৰথমবাৰৰ বাবে দেশলৈ আহিব ব'য়িং 777-9 বিমান

নিউজ ডেস্ক, ১৩ জানুৱাৰী : প্ৰথমবাৰৰ বাবে দেশলৈ আহি আছে বয়িঙৰ নতুন বৃহদাকায় ৭৭৭-৯ জেট বিমান । হায়দৰাবাদত অনুষ্ঠিত হ'বলগীয়া 'উইংছ ইণ্ডিয়া' এয়াৰ শ্ব'ৰ বাবে এই বিমানখন চলিত মাহৰ ১৬ তাৰিখে হায়দৰাবাদত অৱতৰণ কৰিব । সেয়ে আশা কৰা হৈছে যে এই অনুষ্ঠানটোত এক বিশেষ আকৰ্ষণ হিচাপে অংশগ্ৰহণ কৰিব এই বিমানখনে । 18 আৰু 19 জানুৱাৰীত এই এয়াৰ শ্ব' অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে ব'য়িং ৭৭৭-৯ জেট বিমান হৈছে বৰ্তমান উপলব্ধ আটাইতকৈ ডাঙৰ, আটাইতকৈ ইন্ধন-দক্ষ দ্বৈত-ইঞ্জিনৰ ব'য়িং জেট । এয়াৰ ইণ্ডিয়াই যোৱা বছৰ ব'য়িং 777-9 জেটৰ বাবে অৰ্ডাৰ প্ৰদান কৰিছিল । সোনকালেই এই শ্ৰেণীৰ ১০ খন বিমান এয়াৰ ইণ্ডিয়াৰ হাতলৈ আহিব । এতিয়ালৈকে ব'য়িঙে বিভিন্ন দেশৰ পৰা 777এক্স শ্ৰেণীৰ 450 খন বিমান যোগানৰ অৰ্ডাৰ লাভ কৰিছে । ইয়াত 777-8, 777-9 যাত্ৰীবাহী বিমান আৰু 777-8 মালবাহী বিমান অন্তৰ্ভুক্ত আছে ।

ব'য়িং ইণ্ডিয়াৰ উপ-সভাপতি (মাৰ্কেটিং) ৰেইন বীৰে কয়, ''আমি ভাৰতলৈ ৭৭৭-৯ শৃংখলাৰ বিমান প্ৰৱৰ্তন কৰিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ । 'উইংছ ইণ্ডিয়া' সন্মিলনত এই শ্ৰেণীৰ বিমানৰ সৈতে বিমান খণ্ডত উন্নত প্ৰযুক্তি, সেৱা আৰু প্ৰশিক্ষণ কাৰ্যসূচীৰ বিষয়ে ব্যাখ্যা কৰা হ'ব ।"

তেওঁ লগতে কয়, "আমাৰ দেশৰ অসামৰিক বিমান পৰিবহণ খণ্ডক সমৰ্থন কৰিবলৈ ব'য়িঙে কিছুদিন পূৰ্বে জিএমআৰ এৰো-টেকৰ সৈতে হায়দৰাবাদত 'ব'য়িং কনভাৰ্টেড ফ্ৰেইটাৰ লাইন' স্থাপন কৰিছে । ইয়াৰ উপৰি গুৰুগ্ৰামত এক বিশ্ব সমৰ্থন কেন্দ্ৰ স্থাপন কৰা হৈছে । ইয়াৰ উপৰি ব'য়িং ইণ্ডিয়াই প্ৰকাশ কৰিছে যে ই পাইলটসকলক প্ৰশিক্ষণ দিয়া আৰু অন্যান্য সুবিধা উপলব্ধ কৰাৰ বাবে 100 নিযুত ডলাৰ (প্ৰায় 830 কোটি টকা) আৱণ্টন কৰিছে ।"

লগতে পঢ়ক :ঘন কুঁৱলীৰ বাবে ঢাকাত অৱতৰণ মুম্বাই-গুৱাহাটী ইণ্ডিগ’ৰ বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.