নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : কেৰালাৰ এৰ্নাকুলামৰ সমীপৰ মুনাম্বাম উপকূলত সংঘটিত হৈছে এক অঘটন ৷ দুৰ্ঘটনাত পতিত হৈছে এখন নাও ৷ বৃহস্পতিবাৰে নিশা এই নাওখন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত বৰ্তমান পৰ্যন্ত নিৰুদ্দেশ হৈ আছে চাৰিজন মাছমৰীয়া ৷
বৃহস্পতিবাৰে নিশা উক্ত স্থানত আন এখন নাৱত যোৱা মাছমৰীয়াই দুৰ্ঘটনাত পতিত হোৱা তিনিজন মাছমৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বৃহস্পতিবাৰে নিশা মুনাম্বাম উপকূলত সংঘটিত এই নাও দুৰ্ঘটনাত প্ৰথমাৱস্থাত 7 জন মাছমৰীয়াও আহত হৈছিল বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, ক’ষ্ট গাৰ্ড, উপকূলীয় আৰক্ষী আৰু মীন কৰ্তৃপক্ষই উক্ত স্থানত বৰ্তমান পৰ্যন্ত অব্যাহত ৰাখিছে যৌথ অনুসন্ধান ৷ জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা সাগৰত এখন নাৱেৰে 7 জন মাছমৰীয়াই মাছ মাৰিবলৈ গৈছিল ৷ কিন্তু হঠাৎ কিছু বিজুতি ঘটি সাগৰৰ মাজত আৱদ্ধ হৈ পৰে নাওখন ৷
তেনে সময়তে দুৰ্ঘটনাত পতিত হোৱা নাওখনৰ কাষতে থকা অন্য নাৱৰীয়াই তিনিজন লোকক উদ্ধাৰ কৰে যদিও আন চাৰিজন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷ নিৰুদ্দেশ হোৱা মাছমৰীয়া কেইজন মালিপুৰমৰ বাসিন্দা আপ্পু, তাহা, মহনন আৰু আলাপ্পুজাৰ বাসিন্দা ৰাজু বুলি জানিব পৰা গৈছে ।
আনহাতে, উদ্ধাৰ হোৱা মাছমৰীয়া কেইজন হৈছে মালিপুৰমৰ বাইজু আৰু মানিয়ান, আলাপ্পুজাৰ আনন্দন । উদ্ধাৰ হোৱা তিনিওজন মাছমৰীয়াই জনোৱা মতে, সাগৰৰ প্ৰবল সোঁতৰ ফলত তেওঁলোকৰ নাওখন বাগৰি পৰে । তাৰ পাচতেই আটাইকেইজন মাছমৰীয়া সাগৰত পৰি যায় আৰু ইজনৰ লগত সিজনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷
মাছমৰীয়া কেইজনে সাগৰত মাছ ধৰিবলৈ তেওঁলোকে ব্যৱহাৰ কৰা নাওখনৰ নাম ‘ননমা’ বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Income Tax department raid : বঙাইগাঁও চহৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযান