ETV Bharat / bharat

ত্ৰিপুৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নমো ক’ভিড কেন্দ্ৰ মুকলি - বিজেৱাইএমৰ স্বেচ্ছাসেৱক

ক’ৰণাৰ প্ৰথমটো সংক্ৰমণৰ সময়ত বিজেৱাইএম স্বেচ্ছাসেৱকসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল । যুৱ ব্ৰিগেডে দৰিদ্ৰ লোকৰ ঘৰত উপস্থিত হৈ ৰেচন আৰু সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিল ।

BJYM to open Namo Covid care centre
ত্ৰিপুৰাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ নমো ক’ভিড কেন্দ্ৰ মুকলি
author img

By

Published : Apr 19, 2021, 8:55 AM IST

নিউজ ডেস্ক, 19 এপ্ৰিল : ক’ভিড 19 ৰ নতুন সংক্ৰমণ নিয়ন্ত্ৰণ কৰাত চৰকাৰক সহায় কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ত্ৰিপুৰা শাখাই বিজেৱাইএম নমো ক’ভিড 19 কেন্দ্ৰ মুকলি কৰিবলৈ সাজু হৈছে । বিজেৱাইএমৰ ৰাজ্যিক সভাপতি নাবলাল বণিকে ত্ৰিপুৰা ৰাজ্যিক বিজেপিৰ যুৱ শাখাৰ ৰাজহুৱা প্ৰতিষ্ঠান যেনে কমিউনিটি হল অথবা ব্যক্তিগত ক্লাৱ ভৱন ব্যৱহাৰ কৰি ক’ভিড ১৯ ত আক্ৰান্ত ৰোগীক চিকিৎসাৰ সুবিধা প্ৰদান কৰিব বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য যে, ক’ৰণাৰ প্ৰথমটো সংক্ৰমণৰ সময়ত বিজেৱাইএম স্বেচ্ছাসেৱকসকলে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল । যুৱ ব্ৰিগেদে দৰিদ্ৰ লোকৰ ঘৰত উপস্থিত হৈ ৰেচন আৰু সকলো ধৰণৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিছিল । বিজেৱাইএমৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে, আমি এতিয়াৰ ক’ৰণাত আক্ৰান্ত লোকসকলক প্ৰাথমিক চিকিৎসা প্ৰদানৰ কাৰণে ক’ভিড কেয়াৰ কেন্দ্ৰ স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছো ৷

নাবলাল বানিকে লগতে কয় যে, এই সমিতিখনে ৰাজহুৱা স্বাস্থ্য সেৱা ব্যৱস্থা আৰু জনতাৰ মাজত এক যোগসূত্ৰকাৰী হিচাপে কাম কৰিব । আমি মুকলি কৰা হেল্পলাইন নম্বৰটোত যোগাযোগ কৰি প্ৰয়োজনীয় লোকে এই সেৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব ৷ বিজেৱাইএমৰ স্বেচ্ছাসেৱকসকলে তেওঁলোকক এম্বুলেন্স, কোৱাৰেন্টাইনত থকা লোকক দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব ৷

লগতে পঢ়ক : ৰাইজক ক’ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.