ETV Bharat / bharat

Kharge over Manipur violence : বিজেপিৰ ঘৃণা আৰু বিভাজনৰ ৰাজনীতি দায়ী; মণিপুৰৰ হিংসা সন্দৰ্ভত খাৰ্গে - mobile internet suspended in Manipur

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বৃহস্পতিবাৰে ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে মণিপুৰৰ ভাৰতীয় জনতা পাৰ্টী চৰকাৰক দোষী সাব্যস্ত কৰি অভিযোগ কৰে যে দলটোৰ "ঘৃণা আৰু বিভাজনৰ ৰাজনীতি"ৰ বাবেই এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে (Mallikarjun Kharge over Manipur violence) ।

Kharge over Manipur violence
Kharge over Manipur violence
author img

By

Published : May 4, 2023, 2:24 PM IST

নিউজ ডেস্ক, ৪ মে' : পুনৰ উত্তপ্ত মণিপুৰৰ পৰিস্থিতি । হিংসাৰ দাবানলত জ্বলিছে উত্তৰ-পূবৰ ৰাজ্যখন । বিগত কিছুদিনৰ পৰা ৰাজনৈতিক কাৰণত অস্থিৰ হৈ আছে ৰাজ্যখন । তাৰ মাজতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে উত্তৰ-পূবৰ ৰাজ্যখনৰ জনসাধাৰণক শান্তিৰ বাবে আহ্বান জনাইছে । লগতে তেওঁ জনসাধাৰণক সংযম দেখুৱাবলৈও আহ্বান জনাইছে (Mallikarjun Kharge over Manipur violence) । আনহাতে, এই ঘটনাৰ বাবে মণিপুৰত শাসনাধিষ্ঠিত বিজেপি চৰকাৰকো কঠোৰ ভাষাৰে সমালোচনা কৰে ।

টুইটাৰযোগে খাৰ্গেয়ে কয়, "মণিপুৰ জ্বলি আছে । বিজেপিয়ে থলুৱা সম্প্ৰদায়সমূহৰ মাজত বিভাজন সৃষ্টি কৰিছে আৰু এখন সুন্দৰ ৰাজ্যৰ শান্তি ধ্বংস কৰিছে । বিজেপিৰ ঘৃণা, বিভাজন আৰু ক্ষমতাৰ লোভৰ ৰাজনীতি এই অস্থিৰতাৰ বাবে দায়ী (Kharge blamed BJP over Manipur situation) । আমি জনসাধাৰণক সকলো ফালৰ পৰা সংযম অৱলম্বন কৰিবলৈ আৰু শান্তি প্ৰতিষ্ঠাৰ সুযোগ দিবলৈ অনুৰোধ জনাইছোঁ ।"

উল্লেখ্য, অনুসূচিত জনজাতি মৰ্যাদাৰ বাবে ইম্ফল উপত্যকাত আধিপত্য বিস্তাৰ কৰা অজনজাতীয় মেইটেইসকলৰ দাবীৰ প্ৰতিবাদত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত অল ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন মণিপুৰে (All Tribal Student Union Manipur, ATSUM) আহ্বান জনোৱা 'জনজাতীয় সংহতি মাৰ্চ'ৰ সময়ত ৩ মে'ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় । ইতিমধ্যে মণিপুৰত সেনা আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে (ATSUM protest against Meiteis ST status) ।

আনহাতে, মণিপুৰৰ কেইবাখনো জিলাত জনজাতীয় গোটসমূহে সমদল উলিওৱাৰ পিছত আইন-শৃংখলাৰ অৱনতি হোৱা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যখনত পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে (mobile internet suspended in Manipur) । ইয়াৰ উপৰি বৃহৎ সমাবেশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৰাজ্যখনৰ কেইবাখনো জিলাত নিশাৰ সান্ধ্যআইন জাৰি কৰা হৈছে (night curfew imposed in Manipur) ।

এই উত্তপ্ত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অজনজাতীয় অধ্যুষিত ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত চুৰাচান্দপুৰ, কাংপোকপি আৰু টেংনুপাল জিলাত কাৰ্ফিউ জাৰি কৰা হৈছে ।

ইফালে ঘটনা সন্দৰ্ভত মণিপুৰ চৰকাৰে এক বিবৃতিত কয়, "যুৱক-যুৱতীসকলৰ মাজত সংঘৰ্ষৰ ঘটনাৰ মাজতে মণিপুৰত পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে । মণিপুৰৰ অল ট্ৰাইবেলছ ষ্টুডেণ্টছ ইউনিয়নৰ উদ্যোগত বিভিন্ন সম্প্ৰদায়ৰ স্বেচ্ছাসেৱকসকলে মণিপুৰত মেইটেইসকলক এছ টি শ্ৰেণীত অন্তৰ্ভুক্ত কৰা দাবীৰ প্ৰতিবাদত এক সমদলৰ আয়োজন কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় ।"

উল্লেখ্য যে সাম্প্ৰতিক ঘটনাৰ ক্ষেত্ৰত ৰাজ্যখনে দুটা বিষয়ত এই পৰিস্থিতিৰ সন্মুখীন হৈছে । প্ৰথমতে, মুখ্যমন্ত্ৰী বীৰেণ সিঙে বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ ফলত অবৈধ অনুপ্ৰৱেশকাৰী আৰু ড্ৰাগছ মাফিয়াৰ দলৰ পৰা প্ৰতিৰোধৰ সন্মুখীন হয় । আনহাতে, দ্বিতীয়টো বিষয় হৈছে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে বিবেচনা কৰিবলৈ দিয়া শেহতীয়া নিৰ্দেশনাৰ সৈতে সম্পৰ্কিত ।

যাৰ ফলত জনজাতি সম্প্ৰদায়ৰ মাজত তীব্ৰ বিস্ফোৰণ ঘটিছে । যিসকল জনজনজাতিয়ে ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোক হৈছে ৰাজ্যখনৰ জনসংখ্যাৰ প্ৰায় 40 শতাংশ । তেওঁলোকে ইয়াৰ বিৰোধিতাৰে সমদলত যোগদান কৰে আৰু হাতে হাতে প্লে'কাৰ্ড লৈ মেইটেই জনগোষ্ঠীৰ এছ টি প্ৰদানৰ বিৰোধিতা কৰি শ্লোগান দিয়ে ।

লগতে পঢ়ক :Manipur violence updates : মণিপুৰত সেনাৰ ফ্লেগ মাৰ্চ; আঠখন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.