ETV Bharat / bharat

পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতি মূল্যাংকন বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ

author img

By

Published : Nov 20, 2020, 8:32 AM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত জিলা কাৰ্যনিৰ্বাহকৰ সৈতে আলোচনাত মিলিত হয় বিজেপিৰ বৰিষ্ঠ নেতৃবৃন্দ ৷ নেতাসকলে নিজ নিজ অঞ্চলত বহুকেইখন বৈঠকৰ আয়োজন কৰে ৷

BJP's central leaders assess party's ground situation in Bengal
পশ্চিম বংগৰ ৰাজনৈতিক পৰিস্থিতি মূল্যাংকন বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ

নেশ্যনেল ডেস্ক, 20 নৱেম্বৰ : আগন্তুক পশ্চিম বংগৰ বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে বিজেপিৰ বৰিষ্ঠ নেতাসকলে ৰাজ্য়খনৰ ৰাজনৈতিক স্থিতি সন্দৰ্ভত জিলা কাৰ্যনিৰ্বাহকৰ সৈতে আলোচনাত মিলিত হয় ৷

বিজেপিৰ জ্যেষ্ঠ নেতা সুনীল দেৱধৰ, বিনোদ তাৱড়ে, দুষ্যন্ত গৌতম, হৰিশ ত্ৰিবেদী আৰু বিনোদ চোনকৰেই উত্তৰ বংগ, ৰাৰ বাংগা, নবাদ্বীপ, মিদনাপুৰ আৰু কলকাতাৰ সাংগঠনিক জ’নসমূহত দলীয় নেতৃত্ব বহনৰ অৰ্থে এই বৈঠক সম্পন্ন কৰে ৷

দেৱধৰ, তাৱড়ে, গৌতম আৰু চোনকৰেই নিজ নিজ অঞ্চলত বহুকেইখন বৈঠকৰ আয়োজন কৰে ৷ দলীয় সূত্ৰই জনোৱা মতে, তেওঁলোকে জিলাসমূহৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে ৷

কেন্দ্ৰীয় নেতাসকলে বিভিন্ন বুথ কমিটিৰ সদস্য়ৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি নিৰীক্ষণৰ বাবে বৈঠকৰ আয়োজন কৰে ৷ আগন্তুক মাহৰ আৰম্ভণিতে দলীয় নেতৃত্বক এক ক্ষেত্ৰ সম্বন্ধীয় প্ৰতিবেদন দাখিল কৰা হ’ব ৷

বিজেপিৰ ৰাষ্ট্ৰীয় গোটৰ যত্ন লোৱা সন্দৰ্ভত নেতাসকলক আমদানি কৰাৰ বাবে তৃণমূল কংগ্ৰেছে বিজেপিক সমালোচনা কৰে ৷ পশ্চিম বংগত বিজেপিৰ কোনো প্ৰতিযোগীমূলক নেতা নাই, যাৰ বাবে বিজেপিয়ে অন্য ৰাজ্য়ৰ পৰা নেতা আমদানি কৰিছে বুলি মন্তব্য কৰে তৃণমূল কংগ্ৰেছৰ সাংসদ সৌগতা ৰয়ে ৷

উল্লেখ্য যে, 294 গৰাকী সদস্য়ৰে 2021 চনৰ এপ্ৰিল-মে’ মাহত পশ্চিম বংগৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : তেলেংগানাত 50 বান্দৰক বিষ দি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.